Image

সম্পাদকীয়

মৰমৰ
বন্ধু বান্ধৱী সকল,,

 আশাকৰোঁ আপোনালোক সকলোৱে কুশলে আছে। বন্ধু বান্ধৱী সকল কৰোনা ভাইৰাছৰ ফলত স্কুল কলেজ বন্ধ হোৱা বাবে বৰ্তমান আমি সকলোৱে অনলাইন যোগে ক্লাছ কৰিবলগীয়া হৈছে। আশাকৰোঁ আপোনালোকে ভালদৰে পঢ়াত মনোনিৱেশ কৰি আছে। শিক্ষক শিক্ষয়িত্ৰী সকলে যি ধৰণে আপোনালোকক পঢ়ায় ভালদৰে অধ্যয়ন কৰিব।

 আমাৰ এইবাৰৰ মুক্ত আকাশত আপোনালোকে পঢ়িবলৈ পাব অসমৰ বিভিন্ন প্ৰান্তৰ যুৱ সাংবাদিক সকলে কৰোনা ভাইৰাছৰ ওপৰত বিভিন্ন তথ্য তথা অন্যান্য বিষয়ৰ ওপৰত লিখি পঠোৱা লিখনি সমূহ। বিপদ সংকুল পৰিৱেশত কিদৰে মানসিক ভাৰসাম্য বজাই ৰাখিব পাৰি আৰু তাৰ বাবে কেনে ধৰণৰ পদক্ষেপ লব পাৰি সেই বিষয়েও পঢ়িব পাব। বৰ্তমান পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি আমি শাৰীৰিক, মানসিক, আধ্যাতমিক, সকলো ধৰণে নিজকে সাজু কৰি তুলিব লাগিব যাতে সকলো ধৰণৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পাৰো। আশাকৰোঁ আপোনালোকে পঢ়ি ভাল পাব।

গিতালী ভাগৱতী
খণ্ড- ৰামপুৰ
জিলা- কামপুৰ

কৰোনা ভাইৰাছৰ পৰা নিজেও সুৰক্ষিত থাকি আনকো সুৰক্ষিত থাকক

Image

 ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত, জকাই চেঁচা চাহ বাগিচা আৰু সমূহ ডিব্ৰুগড় বাসী লৈ ৰূপালী যুৱ সাংবাদিক গোটৰ অনুৰোধ, আমাৰ লগতে তেওঁলোকেও যেন চৰকাৰে যি লকডাউন দিছে সেইয়া মানি চলে। আৰু সকলোৱে যেন নিজৰ নিজৰ পৰিয়ালৰ লগত ঘৰতে সুৰক্ষিত থাকে আৰু ১০-১৫ মিনিটৰ মূৰে মূৰে হাত দুখন চাবোনেৰে ভলদৰে ধুৱে যেন। অকল ক’ৰোনা ভাইৰাছৰ কাৰণেই নহয়, বিভিন্ন্ ধৰণৰ বেমাৰ আজাৰৰ পৰা মুক্ত থাকিবলৈ আমি হাত ধুৱা উচিত। তাৰোপৰি ই আমাৰ সাতে চিৰজীৱন এটা ভাল অভ্যাস হিচাপে ৰৈ যাব। এজনে আনজনৰ পৰা এক মিটাৰ দূৰত্ব ৰাখিব লাগে। কাহিলে আমি মাস্ক বা ৰূমাল ব্যৱহাৰ কৰিব লাগে। সকলো ছাত্ৰ-ছাত্ৰীক ৰূপালী যুৱ সাংবাদিকৰ তৰফৰ পৰা এটি অনুৰোধ যে লকডাউনৰ সময়ত ঘৰত এনেই বহি থকাতকৈ নিজৰ নিজৰ ভাল লগা কামবোৰ কামবোৰ যাতে কৰি থাকে। সকলোৰে নিজাববীয়াকৈ ভাল লগা কাম কিছুমান থাকে, সেইবোৰ কৰি সময় অতিবাহিত কৰিব। তেতিয়া লকডাউনৰ সময়ত ঘৰত থাকি কাৰো এলাহ নালাগিব, ভাল লগা কামবোৰ শিকাও হ’ব। লগতে আমি নিয়মিত ভাবে ব্যায়াম আৰু সাধনা কৰিব লাগে। ইতিবাচক কথা পাতিব বা চিন্তা কৰিব লাগে। আনৰ ভাল চিন্তা কৰিব লাগে।

  ডিব্ৰুগড় জকাই চেঁচা চাহ বাগিছাৰ প্ৰধান পৰিচালকে স্থায়ী শ্ৰমিক সকলৰ কাৰণে মাস্ক তৈয়াৰ কৰিবৰ বাবে কাপোৰৰ যোগান ধৰি চেঁচা ৰূপালী কিশোৰী ক্লাবৰ কিশোৰী সকলক, লগতে মহিলা সকলকো দায়িত্ব প্ৰদান কৰিলে। আৰু এতিয়া চেঁচা চাহ বাগিছাৰ ৰূপালী কিশোৰী ক্লাবৰ সকলো কিশোৰী নিজে সুৰক্ষিত থাকি, নিজৰ অঞ্চলৰ মানুহ বোৰৰ বাবেও সুৰক্ষিত থাকিবলৈ মাস্ক তৈয়াৰ কৰি আছে। মাস্ক খন নাক আৰু মুখ ধাক খোৱাকৈ বনাইছে। ওচৰ চুবুৰীয়া শ্ৰমিক কেইজনক তৈয়াৰ হোৱা মাস্ক কেইটামান ব্যৱহাৰ কৰিবলৈ দিয়া হৈছে। তেওঁলোকে মাস্ক সমূহ ব্যৱহাৰ কৰি ভাল পোৱা বুলি জানিব দিছে, কাৰণ মাস্ক সমূহ বিনামূলীয়া, নাক-মুখ সম্পূৰ্ণ কৈ ধাক খোৱা লগতে কিশোৰী সকলে বুজাই দিছে মাস্ক সমূহ ধুই পুনৰ ব্যৱহাৰ কৰিব পাৰিব। যিহেতু মাস্কৰ এতিয়া বহুত অভাব হৈ আছে, সেয়ে আমি চাবোনেৰে চফাকৈ মাস্কবোৰ ধুই আকৌ ব্যৱহাৰ কৰাটো উচিত।


ৰূপালী যুৱ সাংবাদিক গোট
শ্ৰীমতী অকণি লোহাৰ
বয়স - ১৮

সাংবাদিকতা এক সেৱা - মহাত্মা গান্ধী

Image
Image
Image
Image

কভিড-১৯ মহামাৰীৰ সময়ত আমাৰ মানসিক বিচাৰ

 এই সময় আমাৰ সকলোৰে বাবে কঠিন হৈ পৰিছে। কাৰণ আমি কভিড-১৯ ৰ বিয়পি পৰাৰ বিষয়ে দুৰদৰ্শন, বাতৰিকাকত, গণমাধ্যম, পৰিয়াল তথা বন্ধুবৰ্গৰ সৈতে হোৱা আলোচনা শুনিবলৈ পাইছো। তাৰ ফল স্বৰূপে মনত আতংকৰ সৃষ্টি হৈছে। এই আতংকই আমাক আৰু অধিক চিন্তিত কৰিবলৈ বাধ্য কৰাইছে, সম্ভৱতঃ ই আমাক এই দৰে ভাবিবলৈ বাধ্য কৰাইছে যিবোৰ আমি সাধাৰণ পৰিস্থিতিত কেতিয়াও মানি ল’ব নোৱাৰো বা নলওঁ। মানসিক ভাৰসাম্য বজাই ৰখাটো অত্যন্ত জৰুৰী এনে সময়ত। যোগাসন কৰিব লাগে যাতে যি কোনো বিষয়ৰ ওপৰত সঠিক বিচাৰ কৰিব পৰা যায়। পৰাপক্ষত ইতিবাচক ভাৱধাৰা ৰাখিব লাগে আৰু একেটা বিষয়ৰ ওপৰত বেছি সময় ভাবি নাথাকিব, বিশেষকৈ বেমাৰৰ বিষয়ে।

লকডাউনৰ মহত্ব-

 লকডাউনৰ অৰ্থ হ’ল নিজৰ লগতে আনকো এজন ব্যক্তিৰ সৈতে আন এজন ব্যক্তিৰ মাজত সংস্পৰ্শলৈ অহা ৰোধ কৰা। অৰ্থাৎ অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাৰ বাহিৰে আন কোনো ধৰনৰ কামৰ বাবে ঘৰৰ বাহিৰলৈ ওলাই নহা। বাহিৰত ওলাই ভ্ৰমণ কৰা লোকৰ সংখ্যা হ্ৰাস কৰা। এই আদৰ্শমতে প্ৰয়োজনৰ সময়ত এটা পৰিয়াৰলৰ কেৱলমাত্ৰ এজন ব্যক্তি, যি গৰাকী শাৰীৰিক ভাবে সুস্থ তেনে ব্যক্তিহে ওলাই আহিব পাৰে। এই সময়ছোৱাত যদি কোনো লোক অসুস্থ হয়, চিকিৎসাৰ প্ৰয়োজন হয়, তেনে সময়ত ওচৰৰ স্বাস্থ্যকেন্দ্ৰৰ সুবিধাৰ বিষয়ে জনাটো প্ৰয়োজন।


চিত্ৰা বৰ্মণ
প্ৰিয়ংকা দত্ত

ক’ভিড-১৯ ৰ পৰা আৰোগ্য হোৱাৰ পিছত আৱেগিক সমস্যা সমূহ

 প্ৰতিটো ক্ষণতে মানুহে ভিন ভিন সমস্যাৰ সম্মুখীন হ’ব লগীয়া হয়। ক’ভিড সংক্ৰমিত লোকৰ আৰু ক’ভিড সংক্ৰমণৰ পৰা আৰোগ্য হোৱা লোকৰ আবেগিক তথা মানসিক সমস্য বেলেগ হ’ব পাৰে। আৰু ক’ভিড সংক্ৰমণৰ পৰা আৰোগ্য লাভ কৰাসকলৰ আৱেগিক তথা মানসিক সমস্যা সমূহ তলত উল্লেখ কৰা হ’ল-

১) কভিড সংক্ৰমণৰ পৰা আৰোগ্য হোৱাটো ভাল কথা, কিন্তু আৰোগ্য হৈ যদি নিজৰ সমাজলৈ যাব বিচাৰে বাস্তৱত চিন্তা অশান্তিৰ সন্মুখীন হ’ব পাৰে।

২) যি সকলে এই বেমাৰৰ বিষয়ে বুজি নাপায়, তেওঁলোকে বাস্তৱৰ পৰা বিৰত থাকে যি নিসংগতা আৰু চিন্তা জনক কাৰণ হৈ পৰে।

৩) নিজকে দোষী অনুভৱ কৰা অভিজ্ঞতা হ’ব পাৰে যে অন্য লোকৰ কাম কৰাত আৰু যত্ন লোৱাত সক্ষম হোৱা নাই। এইবোৰৰ পৰা হতাশা অসহায় আৰু অৱসাদৰ ভাৱনা জন্ম হ’ব পাৰে।

 এই ভাৱনাবোৰৰ পৰা নিৰ্মূল কৰিবলৈ আগতে উল্লেখ কৰি অহা উপায় সমূহৰ ব্যৱহাৰ কৰিব লাগে। কভিড সংক্ৰমণৰ পৰা বাচি থকা সম্ভৱ হয়, এই কথাৰ সত্যতা প্ৰকাশৰ বাবে সকাৰাত্মক কাহিনীৰ ব্যৱহাৰ কৰিব লাগে।


চিত্ৰা বৰ্মণ
প্ৰিয়ংকা দত্ত

ক’ভিড-১৯ ৰ ধনাত্মক দিশসমূহ

 পৃথিৱীত থকা স্থাৱৰ-অস্থাৱৰ সকলো বস্তুৱেই ধনাত্মক আৰু ঋণাত্মক দুয়োটা গুণ সন্নিৱিষ্ট হৈ থাকে। ঠিক তেনেদৰেই বৰ্ত্তমান সমগ্ৰ পৃথিৱীতে ত্ৰাসৰ সৃষ্টি কৰা ক’ভিড-১৯ ৰো ঋণাত্মক গুণ সমূহৰ লগতে বহুতো ধনাত্মক দিশো দেখিবলৈ পোৱা গৈছে। প্ৰযুক্তিবিদ্যাৰ দিশত শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হোৱা বহুতো নামী-দামী বৈজ্ঞানিক, নামী-দামী দেশ এই ক’ভিড-১৯ ৰ প্ৰতিষেধক সৃষ্টি কৰাৰ ক্ষেত্ৰত বিফল হৈৱা প্ৰতিফলিত হৈছে। কৃত্ৰিমভাৱে চন্দ্ৰ, সূৰ্য্য বনাবলৈ সক্ষম হোৱা দেশ সমূহেও ক’ভিড-১৯ ৰ আগত মুখ থেকেচা খোৱা পৰিলক্ষিত হৈছে। যাৰ ফলত গৃহবন্দী হোৱাৰ বাহিৰে নিজকে জীৱশ্ৰেষ্ঠ আখ্যা দিয়া মানুহৰ হাতত আন কোনো উপায়েই নাই। এক কথাত ক’বলৈ গ’লে নিজকে শ্ৰেষ্ঠ সজাবলৈ গৈ ডাঙৰতকৈ ডাঙৰ ঘৃণনীয় অপৰাধ সমূহ কৰা মানৱ কুলৰ তাণ্ডৱনৃত্যৰ পৰা কিছু জিৰণি লবৰ বাবে পৃথিৱী তথা প্ৰকৃতিয়ে এনে কালমূৰ্তি ধাৰণ কৰিছে। আজি কেওফালে নিমাত-নিতাল! নাই দুৰ্ঘটনা, নাই নাৰীৰ ওপৰত নিৰ্যাতনৰ কৰুণ দৃশ্য। মানুহৰ ন্যায়ৰ বাবে যিদৰে আদালতৰ ব্যৱস্থা কৰি লৈছে, ঠিক সেইদৰে প্ৰকৃতিয়ে নিজৰ আদালতত বিচাৰ কৰি নিজৰ ন্যায় কাঢ়ি লৈছে।

 এতিয়া আহোঁ মূল বিষয়ৰ মাজলৈ! ক’ভিড-১৯ ফলত আমাৰ যথেষ্ট সমস্যা হৈছে সেইটো ঠিক, কিন্তু ইয়াৰ যথেষ্টখিনি ধনাত্মক দিশো দেখিবলৈ পোৱা গৈছে। সদাব্যস্ত মানৱকুল স্বাৰ্থৰ লোভত পৃথিৱী তথা প্ৰকৃতি সংৰক্ষণৰ কথা সম্পূৰ্ণৰূপে পাহৰি গৈছিল। উদাহৰণস্বৰূপে, টকাৰ বল দেখুৱাই ইখনৰ পিছত সিখনকৈ গাড়ী কিনি বায়ু প্ৰদূষণৰ পৰিমাণ দিনক দিনে যথেষ্ট পৰিমাণে বৃদ্ধি কৰি গৈ আছে। কিন্তু বৰ্ত্তমান সমগ্ৰ পৃথিৱীতে লকডাউন। ৰাজপথ সমূহ সম্পূৰ্ণ খালী। যাৰ ফলস্বৰূপে প্ৰদূষণ হ্ৰাস হৈছে আৰু প্ৰমাণ বিজ্ঞানীসকলে কোৱা মতে অ’জন স্তৰত পোৱা গৈছে। অ’জন স্তৰত যি সৰু সৰু ফুটাৰ সৃষ্টি হৈছিল, সেইসমূহ বৰ্ত্তমান নাইকিয়া হৈছে বুলি বিজ্ঞানীসকলে জানিব দিছে। তাৰোপৰি, মানুহৰ মাজত প্ৰায় লুপ্তপ্ৰায় অৱস্থাত থকা মানৱীয়তা গুণখিনি এই সময়ত কিছু পৰিমাণ হ’লেও স্বতস্ফুৰ্ত হৈ উঠিছে। ধনী ব্যক্তি সকলে খাদ্য সামগ্ৰী নষ্ট কৰিবলৈ অলপো কুন্ঠাবোধ নকৰিছিল। কিন্তু বৰ্ত্তমান ? বৰ্ত্তমান পৰিস্থিতি তাৰ সম্পূৰ্ণ বিপৰীত। এতিয়া সকলোৱে নিয়াৰিকৈ চলিবলৈ শিকিছে। কেনেকৈ খাদ্য সামগ্ৰী বচাব লাগে, নষ্ট কৰিব নালাগে তেনেধৰণৰ বহুতো শিক্ষা স্বয়ংক্ৰিয়ভাবে গ্ৰহণ কৰিছে। তাৰোপৰি সময়ৰ লগতে খোজ মিলাবলৈ গৈ বাহিৰা খাদ্য, যেনে- চাউমিন, ফ্ৰইড ৰাইচ, ম’ম ইত্যাদি সেৱন কৰি থলোৱা খাদ্য, যেনে- কচু, ধেকীয়া, বন শাক ইত্যাদিক হেয় কৰি নিজকে আধুনিক সজাব যোৱা সকলেও সেই বস্তুবোৰৰ গুৰুত্ব বুজি উঠিছে।

 অৱশেষত পৃথিৱীৰ অতি সোনকালে পুনৰ আগৰ অৱস্থালৈ ঘূৰি অহাৰ লগতে এক সুস্থিৰ পৰিৱেশ গঢ় লৈ উঠিব বুলি আশা ৰাখিলো।


শ্ৰী মাধৱ দাস
যুৱ সাংবাদিক
শিৱসাগৰ জিলা

Copyright © 2020 UNICEF Assam

Address: Bylane Number 2, Rani Bagan, Guwahati, Assam 781038

Facebook Twitter Instagram
Image Image