Image

সম্পাদকীয়

মৰমৰ
 বন্ধু বান্ধৱী সকল,

  আশাকৰোঁ আপোনালোক সকলোৱে ভালে আছে। বৰ্তমান সময়ত সমগ্র বিশ্বত কৰোনা ভাইৰাছৰ প্ৰভাৱ পৰিছে। যাৰ বাবে আমি সকলোৱে সমাজত বহুতো ভেদাভেদ দেখিবলৈ পাইছো। বন্ধুসকল, এয়া সচৰাচৰ অন্যায়। এয়া আমি কেতিয়াওঁ হ'ব দিব নালাগে। গতিকে আপোনালোকে যদি এনেকুৱা ধৰনৰ কিছু ঘটনা প্ৰত্যক্ষ কৰে আশাকৰোঁ ইয়াৰ বিৰোধিতা কৰিব। ইয়াৰ উপৰি আমি দেখিবলৈ পাইছো যে আমাৰ দেশৰ পৰিস্থিতি কেনেকুৱা হৈ আছে। সেয়েহে আপোনালোকে জৰুৰী কাম নোহোৱালৈ ঘৰতেই থাকক।

  আমাৰ এইবাৰৰ মুক্ত আকাশত আপোনালোকে পঢ়িবলৈ পাব অসমৰ বিভিন্ন যুৱ সাংবাদিক সকলে কৰোনা ভাইৰাছ তথা অন্যান্য বিষয়ৰ ওপৰত লিখি পঠোৱা লিখনি সমূহ।

গিতালী ভাগৱতী
কামৰূপ জিলা

কৰোনা ভাইৰাছৰ ওপৰত এক সাক্ষ্যাৎকাৰ

Image

 কৰোনা ভাইৰাছৰ ওপৰত এক সাক্ষ্যাৎকাৰ বৰ্ত্তমান সমগ্ৰ বিশ্বজুৰি কৰোনা ভাইৰাছে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। ইয়াৰ লগে লগে কিছুসংখ্যক অপপ্ৰচাৰকে ছচিয়েল মিদিয়াক আন আন কিছুমান মাধ্যমৰ জৰিয়তে ভুৱা প্ৰচাৰ চলাইছে, যিবিলাক WHO (বিশ্ব স্বাস্থ্য সংস্থা) এ কেতিয়া়ও শুদ্ধ বুলি গণ্য কৰা নাই। বিশ্ব স্বাস্থ্য সংস্থাই নিশ্বিত কৰিছে যে এই ৰোগৰ লগত কোনো ধৰণৰ দাগ বা চেকা লাগি নাথাকে। অৰ্থাৎ, এজন ব্যক্তি কৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ সুস্থ হোৱাৰ পিছত তেওঁৰ দেহত কোনো ধৰণৰ দাগ ৰৈ নাযায়, কিন্তু ইয়াৰ পিছতো কিছুসংখ্যক অপপ্ৰচাৰকে ইয়াৰ বিপক্ষে গৈ মানুহৰ মাজত ভুৱা বাতৰি প্ৰকাশ কৰিছে যাৰ ফলত সমাজত কৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ সুস্থ হোৱা ৰোগী, তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে বৈষম্যমূলক আচৰণ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ ফলত কৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা ৰোগীৰ সংস্পৰ্শ লৈ অহা ব্যক্তিসকলেও সমাজত নিজৰ সন্মান হানি হোৱাৰ ভয়ত কৰোনা পৰীক্ষা কৰোৱা নাই।

  এই সন্দৰ্ভত কৰোনা ভাইৰাছৰ যুদ্ধত প্ৰতক্ষ্যভাৱে যোগদান কৰা এগৰাকী ডিব্ৰুগড়ৰ স্বাস্থ্যকৰ্মী কিছু প্ৰশ্ন সোধাত তেওঁ কয়-

১) কিছুমান অপপ্ৰচাৰকে কৈছে, এবাৰ কৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ’লে তেওঁৰ গাত দাগ ৰৈ যায়, এয়া সচাঁনে?

নহয়, ই সম্পূৰ্ণভাৱে মিছা। এই ৰোগৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ দেহত কোনো ধৰণৰ দাগ ৰৈ নাযায়। বৰঞ্চ, এবাৰ সুস্থ হোৱাৰ পিছত তেওঁ সম্পূৰ্ণৰূপে সুস্থ হৈ পৰে।

২) কিছুমানে কৈছে, ৰ’দ ল’লে বা ২৫⁰ চেলচিয়াছ উষ্ণতাত থাকিলে কৰোনা ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰি, আপুনি কি কয়?

নহয়, সম্পূৰ্ণভাৱে মিছা। কিয়নো বহুতো গৰম উষ্ণতাত থকা দেশেও কৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে। কৰোনা ভাইৰাছৰ পৰা হাত সাৰিবলৈ এক মাত্ৰ উপায়সমূহ হ’ল নিজকে ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰখা, সঘনাই হাত দুখন চাবোনেৰে ধোৱা, চেনিটাইজাৰ ব্যৱহাৰ কৰা আৰু সামাজিক দূৰত্ব বজাই ৰখা।

৩) কৰোনা ভাইৰাছ ম’হ মাখি আদিৰ দ্বাৰা সংক্ৰমণ হ’ব পাৰে নেকি?

এতিয়ালৈকে বিশ্ব স্বাস্থ্য সংস্থাই এনে বিষয়ত কোনো ধৰণৰ সিদ্ধান্ত দিয়া নাই।

৪) বৰ্ত্তমানলৈকে কৰোনা ভাইৰাছৰ ঔষধ ওলাইছে নেকি আৰু হাইড্ৰক্সীক্লৰ’কুইন কৰোনাৰ প্ৰতিষেধক হয় নেকি?

বৰ্ত্তমানলৈ কৰোনা ভাইৰাছৰ কোনো ধৰণৰ প্ৰতিষেধক ওলোৱা নাই, ইয়াৰ পৰীক্ষা চলি আছে। হাইড্ৰক্সীক্লৰ’কুইন কৰোনাৰ প্ৰতিষেধক হয় বুলি কোনো প্ৰমাণ নাই। তদুপৰি হাইড্ৰক্সীক্লৰ’কুইন অত্যাধিক সেৱন কৰিলে ৰোগী বেলেগ ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিব পাৰে।

৫) জালুকৰ চুপ খাই কৰোনা ভাইৰাছ প্ৰতিৰোধ কৰিব পৰা যায়নে?

জালুকৰ চুপেৰে কৰোনা ভাইৰাছ প্ৰতিৰোধ কৰিব পৰা যায় নে নাযায় সেয়া সেয়া এতিয়ালৈ প্ৰমাণিত হোৱা নাই। বৰ্ত্তমান আমি আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বজাই ৰাখিবৰ বাবে আমাৰ খাদ্যাভ্যাস ভালে ৰাখিব লাগে, পানী বেছিকৈ খাব লাগে আৰু যোগাসন কৰিব লাগে।

৬) শুনিবলৈ পোৱা গৈছে, যদি কোনো ব্যক্তিয়ে দহ ছেকেণ্ডৰ বাবে উশাহ ৰখাই থব পাৰে, তেন্তে তেওঁ কৰোনা ভাইৰাছৰ পৰা মুক্ত, এইয়া সচাঁনে?

=> ইয়াৰ কোনো ভিত্তি নাই।

৭) কৰোনা ভাইৰাছৰ পৰীক্ষা কৰাৰ ক্ষেত্ৰত থাৰ্মেল স্কেনাৰ কিমান দূৰ ফলপ্রসূ?

=> কৰোনা ভাইৰাছৰ পৰীক্ষা কৰাৰ ক্ষেত্রত থাৰ্মেল স্কেনাৰ ফলপ্রসূ, যদিহে যাৰ পৰীক্ষা কৰা হয় তেওঁৰ জ্বৰ থাকে। কিন্তু কৰোনা ভাইৰাছৰ দ্বাৰা আক্রান্ত হোৱাৰ পিছতো যি সকল ব্যক্তিৰ কোনো ধৰণৰ লক্ষণে দেখা দিয়া নাই, তেনে ব্যক্তিৰ ক্ষেত্রত ফলপ্রসূ নহয়।

৮)এন্টিবায়টিক্স কৰোনা ভাইৰাছৰ প্ৰতিষেধক হ'ব পাৰে নে?

=> এন্টিবায়টিক্স কোনোপধ্যেই কৰোনা ভাইৰাছৰ প্ৰতিষেধক হ'ব নোৱাৰে কিয়নো এন্টিবায়টিক্সত কেৱল বেক্টেৰিয়া নাশ কৰাৰ শক্তি হে থাকে।

৯) কৰোনা ভাইৰাছৰ দ্বাৰা অকল বৃদ্ধ লোক সকল আক্রান্ত হয় নেকি?

=> নহয়, কৰোনা ভাইৰাছ অকল বৃদ্ধ লোকৰ নহয়, সকলো বয়সৰ লোককেই হ'ব পাৰে। কিন্তু বৃদ্ধ ব্যক্তি সকলৰ ক্ষেত্রত এই ৰোগৰ সংক্ৰমণ অত্যাধিক হয় কিয়নো তেওঁলোকৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা কম বয়সীয়া লোক সকলতকৈ তুলনামূলক ভাবে কম।

 এই সাক্ষাৎকাৰৰ পৰা আমি এটা কথা জানিব পাৰিছো যে কৰোনা ভাইৰাছৰ কোনোধৰণৰ প্ৰতিষেধক এতিয়ালৈ ওলোৱা নাই। গতিকে আমি সকলোৱে বিশ্ব স্বাস্থ্য সংস্থাই দিয়া পৰামৰ্শ মানি নিজকে ঘৰৰ ভিতৰত আৱদ্ধ কৰি, সঘনাই চাবোন বা চেনিটাইজাৰেৰে নিজৰ হাত দুখন পৰিস্কাৰ কৰি, সামাজিক দূৰত্ব বজাই ৰাখি কৰোনা ভাইৰাছৰ পৰা নিজকে তথা নিজৰ পৰিয়াল আৰু সমাজক সুৰক্ষিত কৰিব পাৰিম।


শংকৰজ্যোতি বৰপাত্ৰ
ডিব্ৰুগড় জিলা

সাংবাদিকতা এক সেৱা - মহাত্মা গান্ধী

Image
Image
Image
Image

কৰোনা যুদ্ধৰ সেনাসকলে সচাঁকৈ সন্মান পাইছে নে?

সমগ্র বিশ্ব নভেল কৰোনাৰ গ্ৰাসত সোমাই পৰাৰ লগে লগে ত্ৰানকৰ্তা ৰূপে পৰিচিত হৈ পৰিছে আমাৰ চিকিৎসক, নাৰ্চ, আৰক্ষী বিষয়া, সাংবাদিক আৰু চাফাইকৰ্মী সকল। তেওঁলোকক সকলোৱে ভগৱানৰ স্থান দিছে কিয়নো তেওঁলোকে নিজৰ জীৱন সংকটত পেলাই দিন ৰাতি একাকাৰ কৰি হ'লেও আমাৰ সুৰক্ষা কৰি আহিছে। বৰ্তমান আমি লকডাউনত আৱদ্ধ যদিও আমাৰ জীৱন প্ৰণালীত বহুত অসুবিধাৰ সৃষ্টি হৈছে তথাপিও আমি ঘৰত থাকি সুৰক্ষিত অৱস্থাত আছো। কিন্তু এইসকল মহান লোকসকলে নিজৰ কথা নাভাবি ২৪ ঘন্টা কৰ্তব্যৰত হৈ আছে। এওঁলোক হৈছে কৰোনা যুদ্ধৰ সেনানী। কিন্তু এটি প্ৰশ্ন হয় এওঁলোকে বাৰু পাবলগীয়া সন্মান খিনি পাইছেনে ? সমাজৰ কিছুমান ব্যক্তিয়ে এওঁলোকক সন্মান কৰাৰ বিপৰীতে এওঁলোকৰ প্ৰতি ভেদাভেদ কৰে। বহু সময়ত চিকিৎসক, আৰক্ষী তথা সাংবাদিকক প্ৰহাৰৰ অনুৰূপ ঘটনা দেখিবলৈ পাই আহিছো। এইয়া সচাঁকৈয়ে দুঃসংবাদ। যিসকল লোকে সাধাৰণ জনতাৰ সুৰক্ষাৰ বাবে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি কৰ্তব্য পালন কৰি আহিছে। তেওঁলোকক একাংশ জ্ঞানহীন লোকে অপমান কৰা দেখিবলৈ পোৱা গৈছে। কিয়নো এওঁলোকে আক্ৰান্ত লোকৰ সংস্পৰ্শলৈ আহে, এয়া এওঁলোকৰ কৰ্তব্য। কিন্তু একাংশ ভদ্ৰ লোকে এয়া নুবুজে। বহুসময়ত দেখা যায় যে চিকিৎসক, নাৰ্চ আদিয়ে ভাৰাঘৰত থাকে, কিছুমানৰ ভাৰাঘৰৰ মালিকে ঘৰৰ পৰা ওলাই যাব কৈছে। কৰোনা মহামাৰীৰ কাৰণে সকলোৱে আতংকিত হৈছে সচাঁ আৰু সাৱধানতা অৱলম্বন কৰিব লাগে কিন্তু এয়া কি মানৱীয়তা? যিসকল ব্যক্তিয়ে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি নিজৰ কৰ্তব্য পালন কৰিছে তেওঁলোকৰ লগত এনেকুৱা ব্যৱহাৰ সচাঁকৈয়ে অসহনীয়। ইয়াৰ অনুৰূপ ঘটনা আৰক্ষী তথা সাংবাদিক সকলৰ লগতো ঘটা দেখা গৈছে। এয়া সচাঁকৈ অসহনীয়।


গীতালী ভাগৱতী
কামৰূপ জিলা

সঠিক তথ্যৰ ওপৰত ধ্যান দিয়া, ক’ভিড-১৯ ৰ উৰাবাতৰি আৰু সিদ্ধান্ত সমূহক অস্বীকাৰ কৰা।

 মহামাৰীৰ দৰে জটিল সময়ত আমাৰ মনলৈ বিভিন্ন ধৰণৰ চিন্তা যেনে- কোনটো বাতৰি সত্য বা কোনটো তথ্য অসত্য ইত্যাদি চিন্তা আহিব পাৰে, কোন উৎসৰ ওপৰত বিশ্বাস কৰিব আৰু ক’ত নকৰিব এই বিষয়ে বহু কথাই জনাৰ খুবেই প্ৰয়োজন। সঠিক তথ্যৰ ওপৰত ধ্যান কেনেদৰে দিয়া হ’ব বা দিব লাগে আৰু উৰাবাতৰি সমূহক কিদৰে আঁতৰাই ৰাখিব পাৰি তলত দিয়া হ’ল-

১) জ্ঞানেই হৈছে শক্তি। এটা বিষয়ৰ ওপৰত জ্ঞান যিমানে বেছি থাকে ভয়ৰ অনুভৱ সিমানেই কম হয়। আত্ম-সুৰক্ষাৰ বাবে কেৱল বিশ্বাসযোগ্য তথ্যৰ উৎস সমূহৰ ব্যৱহাৰ আৰু বিশ্বাস কৰে যেন।

২) গণমাধ্যমৰ কোনো ভুৱা বাতৰিৰ প্ৰতি কান দিব নালাগে যিবোৰ বাতৰিয়ে মানসিক স্থিতিত প্ৰভাৱ পেলায়। যিকোনো অসত্য বাতৰি বা জাননি সিচঁৰিত বা বিতৰণ কৰিব নালাগে।

৩) প্ৰতি সময়ত কেৱল এই বিষয়ৰ বিষয়ে যেনে- কাৰ বেমাৰ হৈছে ? আৰু কেনেকৈ হৈছে? আদি আলোচনা কৰাৰ বিপৰীতে এইদৰে আলোচনা কৰিব লাগে যে কিমান সংখ্যক লোক ভাল হৈছে বা আৰোগ্য হৈছে।

৪) হাতৰ স্বচ্ছতা শৰীৰিক দুৰত্ব বজাই ৰখাৰ দৰে উপদেশ বোৰ মানি চলিব লাগে। ইয়াৰ জৰিয়তে নিজৰ লগতে আৰু আন লোকৰ ভালৰ বাবে এইদৰে সাৱধান কৰোৱা হৈছে।

৫) সাধাৰণ পানী লগাক কৰোনা সংক্ৰমণ বুলিব নোৱাৰি। কৰোনাৰ লক্ষণ সমূহ ভালদৰে বৰ্ণনা কৰা হৈছে। হাঁচি মৰা, কাহ মৰা আৰু সাৰ্বজনীন ঠাইত থু নেপেলোৱা আদিৰ শিষ্টাচাৰ সমূহ পালন কৰা।

৬) কোনো ব্যক্তিৰ মাজত কৰোনা সংক্ৰমনৰ সাধাৰণ লক্ষণ সমূহ যদিহে দেখা দিয়ে তেনে ব্যক্তিজনে ২ সপ্তাহলৈকে বা যেতিয়ালৈকে সংক্ৰমিত হোৱাৰ পৰা ৰৈ নাযায় তেতিয়ালৈকে নিজকে সামাজিক দূৰত্ব পালন কৰাটো প্ৰয়োজন। তেনে ব্যক্তিক চিকিৎসালয়ত ভৰ্তি কৰাৰ প্ৰয়োজন নহয়। কেৱল উশাহ-নিশাহ লোৱাত কষ্ট পোৱা ব্যক্তিক হে চিকিৎসালয়ত ৰাখিব লাগে। বেছিভাগ লোক আৰোগ্য হৈ যায়।


চিত্ৰা বৰ্মণ
প্ৰিয়ংকা দত্ত

ক’ভিড-১৯ ৰ সময়ত কি কি কৰা অনুচিত-

এই দুৰ্য্যোগৰ সময়ত যেনেদৰে আমাৰ বহুতো কৰণীয় আছে, তেনেদৰে এনে বহু কাম আছে যিবোৰ আমাৰ কৰণীয় নহয়। তেনে ধৰণৰ কিছু কৰিব নলগা কামৰ উল্লেখ তলত কৰা হ’ল-

১) টবাকো, নিচাযুক্ত দ্ৰব্যসমূহক বৰ্জন কৰিব লাগে। আবেগ আৰু আমনি সমূহৰ সন্মুখীন হ’বলৈ টবাকো অথবা নিচাযুক্ত দ্ৰব্যৰ সেৱনে শাৰীৰিক আৰু মানসিক স্বাস্থ্য হানি কৰিব পাৰে লগতে প্ৰতিৰক্ষাও কম কৰিব পাৰে। যি সকল মানুহৰ আগৰপৰাই নিচাযুক্ত পদাৰ্থ সেৱনৰ অভ্যাস থাকে বিশেষকৈ যেতিয়া তেনেলোকে অশান্তি অনুভৱ কৰে তেতিয়া তেওঁলোকে পেচাদাৰী লোকৰ সহায় ল’বলগীয়া হ’ব পাৰে।

২) কভিড সংক্ৰমিত লোক সকলক অৱজ্ঞা আৰু অৱহেলা কৰিব নালাগে। নিজেই যেতিয়া ব্যক্তিয়ে দুৰত্ব বজাই ৰাখিব তেতিয়া সংক্ৰমণ ৰোধ কৰিব পাৰে। তেনে সময়ছোৱাত মনত ৰাখিব লাগে যে সংক্ৰমিত ব্যক্তিকো শুশ্ৰূষাৰ প্ৰয়োজন। যদি কোনো ব্যক্তিৰ সংক্ৰমণৰ আশংকা থাকে তেনে ব্যক্তিক সাৱধান হ’বলৈ আৰু চিকিৎসকৰ পৰামৰ্শ ল’বলৈ মত প্ৰদান কৰিব লাগে।

৩) যদি এজন ব্যক্তি নিজেই কোনো প্ৰকাৰে কৰোনা সংক্ৰমিত হয়, মনত ৰাখিব লাগে যে বেছিভাগ লোকেই আৰোগ্য হৈছে। ভয় কৰিব নালাগে। এইসময়ত আত্ম-নিসংগতা অভ্যাস কৰিব লাগে, উপদেশমতে ঔষধ গ্ৰহণ কৰিব লাগে।


চিত্ৰা বৰ্মণ
প্ৰিয়ংকা দত্ত

বৰ্তমান ক’ভিড-১৯ ৰ সময়ত আমাৰ কৰণীয়

আমি একোখন সমাজত বসবাস কৰোঁ। সমাজত বাস কৰাৰ লগে লগে আমাৰ বহু দায়িত্ব আহি পৰে। বৰ্তমান আমাৰ দেশ তথা বিশ্বখন সংকটত পৰিছে। গতিকে, বৰ্তমান সমগ্ৰ দেশখন বা বিশ্বখনক ৰক্ষা কৰাটো আমাৰ দায়িত্ব। এই সময়ত আমি দেশবাসী একত্ৰিত হ’ব লাগিব।

দেখা গৈছে কৰোনা ভাইৰাছক কেন্দ্ৰ কৰি ভেদাভেদৰ সৃষ্টি হৈছে। এইয়া অলপো উচিত নহয়। যিসকল কৰোনাত আক্ৰান্ত হৈছে, তেওঁলোকক আমি ঘৃণা কৰিব নালাগে। মাথো ৰোগটোৰ পৰা নিজকে ৰক্ষা কৰিব লাগে। এটা মনত ৰাখিবলগীয়া কথা হ’ল যে, আমি সকলোৱে যদি সচেতন হওঁ, তেতিয়া আমি দেশখনক ৰক্ষা কৰিবলৈ সম্পূৰ্ণৰূপে সক্ষম হ’ম। কিন্তু এজনৰ অসাৱধানতাৰ বাবে আন বহুজন বিপদত পৰিব পাৰে। সেয়েহে আমি ঘৰতে থাকিব লাগিব কিছুদিন। অতি প্ৰয়োজন নহ’লে ওলাই যাব নালাগে ঘৰৰ পৰা আৰু সামাজিক দূৰত্ব মানিব লাগিব।


মহচিনা নৌৰীণ ৰহমান

Copyright © 2020 UNICEF Assam

Address: Bylane Number 2, Rani Bagan, Guwahati, Assam 781038

Facebook Twitter Instagram
Image Image