Image

সম্পাদকীয়

মৰমৰ যুৱ সাংবাদিক বন্ধু-বান্ধৱীসকল,
 পোনপ্ৰথমে সকলো যুৱ সাংবাদিক বন্ধু-বান্ধৱীলৈ ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো। 
  "অতিকৈ চেনেহৰ মুগাৰে মহুৰা 
  তাতোকৈ চেনেহৰ মাকো 
  তাতোকৈ চেনেহৰ ব'হাগৰ বিহুটি 
  নাপাতি কেনেকৈ থাকো।" 
 প্ৰাণৰো প্ৰাণৰ ব'হাগৰ বিহুটি অসমবাসীয়ে নপতাকৈ থাকিব, এনে কথা হ'বই নোৱাৰে। কিন্তু অসমবাসীৰ বাবে আজি আপোনাৰো আপোন ব'হাগৰ বিহুটিতকৈও অধিক আপোন হৈ পৰিছে নিজৰ নিজৰ প্ৰাণ। প্ৰাণেই নাথাকিলে বিহু পাতিব কেনেকৈ। সেয়ে আজি প্ৰাণে প্ৰাণে নাই বিহুৰ উলাহ, ব'হাগৰ আনন্দ। সকলোতে আজি গোমা পৰিৱেশ। বিহু বাদেই, নিজৰ প্ৰাণতকৈও আপোন কোনোজনৰ মৃত্যু ঘটিলেও ওচৰলৈ গৈ মৃতদেহটো সাৱতি ধৰি কান্দিব নোৱাৰে, মৃতদেহটো স্পৰ্শ কৰা বাদেই চাবলৈকো ওচৰলৈ যাব নোৱাৰে। ইয়াৰ কাৰণ ক'ভিড-১৯। কৰোণা ভাইৰাছৰ প্ৰাণঘাটী ৰূপটোৱেই হৈছে ক'ভিড-১৯। ইয়াৰ কোনো প্ৰতিষেধক নাই, নাই কোনো দৰৱ। ক'ভিড-১৯ প্ৰৱেশ কৰা মানেই আৱশ্যম্ভাৱী মৃত্যু। সেই ভয়ানক মৃত্যুৰ পৰা বাচি থকাৰ একমাত্ৰ উপায় হৈছে আনৰ পৰা আতৰি থকা, জনসমাগমৰ পৰা দূৰত থকা, সামাজিক দূৰত্ব বজাই ৰখা। সেয়ে সকলো লোকেই আজি ঘৰৰ ভিতৰত সোমাই থাকি নিজক বচাই ৰখাৰ চেষ্টা কৰিছে। নিজে বাচিলে পৰিয়াল, আত্মীয় স্বজনো বাচি থকাৰ সম্ভাৱনা আছে। নিজে যদি ৰোগত আক্ৰান্ত হয় তেন্তে ঘৰ পৰিয়াল সবংশে ধ্বংস হোৱাৰ বাট মুকলি হ'ব। এনে পৰিপ্ৰেক্ষিতত আমি অসমবাসীয়ে আমাৰ হেঁপাহৰ ৰঙালী বিহুটি অন্ততঃ এইবাৰৰ বাবে জাক জমককৈ পতাৰ পৰা বিৰত থকাটো অতি প্ৰয়োজনীয় পদক্ষেপ হ'ব। জীৱন থাকিলে বিহু অহা বছৰলৈও পাতিব পাৰিম। জীৱন নাথাকিলে বিহু পতাৰ কথাই নাথাকিব।
 সদৌ শেষত সকলোলৈ মৰম যাচি সকলোৱে '' মুক্ত আকাশ'' বাতৰি কাকতখন  আদৰি ল'ব বুলি আশা কৰিলো।

চাহ-বাগিছাত উভতিল কৰ্মচাৰীসকল

Image

ডিব্ৰুগড় জিলাৰ লাহোৱাল উন্নয়ন খণ্ডৰ অন্তৰ্গত মটক চাহ বাগিছাৰ পৰিচালক মহোদয়াৰ সৈতে কৰ্মচাৰী সকলক চাহ বাগিছাত কাম কৰিবলৈ অনুমতি দিয়া হৈছে। আমি সকলোৱে জ্ঞাত যে গোটেই বিশ্ব খনতে ন’বেল ক’ৰোণা ভাইৰাছৰ আতংক হৈ আছে লগতে তলাবন্ধ (Lockdown) ৰ নীতি নিয়ম বান্ধি দিছে যাতে সকলোৱে ক’ৰোণা ভাইৰাছৰ পৰা বাছি থাকে। ঘৰত পৰিয়ালৰ লগত থাকি নিজকে আৰু আনকো সুৰক্ষিত ৰাখক। সুৰক্ষিত থকাৰ উপৰিও নিজৰ আৰু পৰিয়ালৰ পেট পো-পালন কৰিবও লাগিব, সেইবাবে কাম কৰিব লাগিব। কাম কৰিলেহে এবেলা এসাজ খাব পাৰি।
  এই সন্দৰ্ভত এগৰাকী কৰ্মচাৰীক সোধাত কয় যে – কাম নকৰিলে পৰিয়ালটো কেনেকৈ পো-পালন কৰিম, সেইবাবে চৰকাৰৰ নীতি নিয়মৰ প্ৰতি লক্ষ্য ৰাখি কাম কৰিবলৈ ওলাইছো। আন এগৰাকী কৰ্মচাৰীক সোধাত কয় যে – চৰকাৰে বান্ধি দিয়া নীতি নিয়ম আমি মানি চলিম। কাম নকৰিলেও নহব, কাম কৰিবই লাগিব। চৰকাৰৰ নীতি নিয়ম আমি কেতিয়াও ভংগ নকৰো। সকলোৱে সাৱধানে থাকিম আৰু তলাবন্ধ খোলাৰ পিছতো আমি এই নিয়ম মানি চলিম।
  এই সন্ধৰ্ভত অংকুৰ যুৱ সাংবাদিক গোটটোৱে কৰ্মচাৰী সকলক অনুৰোধ কৰে যে – আপোনালোকে নিজৰ কাম কৰিছে কৰক কিন্তু নিজৰ লগতে আনকো সুৰক্ষিত ৰাখক আৰু কাম কৰাৰ লগতে চৰকাৰৰ নীতি নিয়ম মানি চলক। ধন্যবাদ।


- শ্ৰীমতী গৌৰী গোচাই
বয়স-১৯
অংকুৰ যুৱ সাংবাদিক গোট

খেলুৱা স্বাস্হ্যকেন্দ্ৰৰ স্বাস্হ্যকৰ্মীৰ সৈতে বাৰ্তালাপ

Image

বৰ্তমানৰ প্ৰেক্ষাপটত COVID-19 ৰ ভয়াৱহতা তথা আতংকই সমগ্ৰ বিশ্বকে গ্ৰাস কৰিবলৈ ধৰাত বিশ্বৰ আন বহু ৰাষ্ট্ৰৰ দৰে ভাৰতবৰ্ষতো প্ৰতি সুৰক্ষাৰ বাবে অধিক গুৰুত্ব প্ৰদান কৰা হৈছে। ভাৰত চৰকাৰৰ নিৰ্দেশমৰ্মেই কাৰ্য্যক্ষেত্ৰত নামি পৰা স্বাস্হ্যকৰ্মীসকলৰ ভিতৰত অসমৰ খেলুৱা প্ৰাথমিক স্বাস্হ্যকেন্দ্ৰৰ অন্তৰ্গত লংকাক গোঁহাই গাওঁ উপস্বাস্হ্য কেন্দ্ৰৰ অন্তৰ্গত ঢেকেৰী গাঁৱৰ আশা চুপাৰভাইজাৰ শ্ৰীমতী অৰ্চনা বৰদলৈ আৰু আশা কৰ্মী শ্ৰীমতী ৰশ্মিতা গগৈয়ে COVID-19 সম্পৰ্কে তেওঁলোকৰ মতামত দাঙি ধৰে আৰু তেওঁলোকৰ অনুভৱ ব্যক্ত কৰে এনেদৰে-

নমস্কাৰ বাইদেউ!

নমস্কাৰ!

বৰ্তমান সময়ত আশাকৰ্মীসকলৰ ভূমিকা সম্পৰ্কে অলপ কওকচোন।

আশাৰ ভূমিকা বুলি কলে আমি বুজো যে সামাজিকভাৱে স্বীকৃতিপ্ৰাপ্ত এগৰাকী মহিলাই নিজ এলেকাত থকা গৃহ পৰিদৰ্শন, গাওঁ স্বাস্হ্য দিৱস, গাওঁ স্বাস্হ্য ও অনাময় কমিটি গঠন, উন্নত ধৰণৰ চিকিৎসা সেৱাৰ কথা লোকসকলক অৱগত কৰিব লাগে। মুঠৰ ওপৰত এখন সুস্হ সমাজ গঠন কৰাৰ ক্ষেত্ৰত আশাকৰ্মীসকলে বিশেষ প্ৰচেষ্টা আগবঢ়ায়।

পৰিয়াল সমূহৰ সৈতে কিদৰে যোগাযোগ কৰে ?

সাধাৰণতে খোজকাঢ়িয়ে গৃহ পৰিদৰ্শন কৰা হয় যদিও এটা বৃহত এলেকা হ’লে দুই এক যান বাহনৰ জৰিয়তে পৰিয়ালসমূহৰ সৈতে যোগাযোগ ৰাখোঁ। লাগতিয়াল চেনিটাইজাৰ আৰু মাস্ক লগত থকাৰ উপৰিও এবাৰ গৃহ পৰিদৰ্শন কৰাৰ পিছত বিশেষ অসুবিধা হ’লে মোবাইল ফোনৰ জৰিয়তে খবৰ লৈ থাকোঁ।

সংক্ৰমণ শংকা ৰোধ কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্হা অৱলম্বন কৰা হয় আৰু পৰিয়ালসমূহক কেনেধৰণৰ দিহা পৰামৰ্শ দিয়া হয় ?

সংক্ৰমণ শংকা ৰোধৰ ক্ষেত্ৰত হেণ্ড চেনিটাইজাৰ, মাস্ক, হেণ্ড গ্ল’ভ আদিৰ লগতে সামাজিক দূৰত্ব, জনসমাগমৰ পৰা দূৰত থকা আদিবিলাক মানি চলাটো প্ৰয়োজনীয়। নিজৰ লগতে আনকো সতৰ্ক ৰাখি সংক্ৰমণ শংকাবোৰ ৰোধ কৰিব পাৰি। এনেদৰেই সামাজিক দূৰত্ব, পৰিস্কাৰ পৰিচ্ছন্নতা, জনসমাগমৰ পৰা দূৰত্ব বজাই ৰখা আদিবিলাকৰ লগতে পৰিয়ালৰ কাৰোবাৰ কিবা অসুখ হ’লে বা COVID-19 সংক্ৰমণৰ লক্ষণসমূহ দেখা পালে ততালিকৈ ওচৰৰ স্বাস্হ্যকেন্দ্ৰত খবৰ দিবলৈ অনুৰোধ জনোৱা হয় আৰু ভয় নিয়ন্ত্ৰণ কৰিবলৈও পৰামৰ্শ দিয়া হয়।

গৃহ পৰিদৰ্শনৰ সময়চোৱাত কেনেধৰণৰ অসুবিধাৰ সম্মুখীন হব লগা হয় ?

অসুবিধা হয়। প্ৰায় মানুহেই স্বাস্হ্যৰ লগত জৰিত কথাবোৰ মানিবলৈ টান পায়। আমাৰ কথাত প্ৰথমে বিশ্বাসেই নকৰে। বহু সময় বুজোৱাৰ পিছতো হয়তো দুই একেহে বুজি পায়। অন্ধবিশ্বাসমূহেও মাজে মাজে অলপ অসুবিধা দিয়ে। বিশেষকৈ COVID-19 ৰ কথা কবলৈ গলে তেওঁলোকৰো হব বুলি ভয়তে একো নকবলৈ কয়। তথাপি আমি আমাৰ কবলগীয়াখিনি কৈ বুজাই থৈ আহোঁ আৰু খবৰ লৈ থাকোঁ।

আপোনালোকক এই কাৰ্য্যৰ বাবে কোনোধৰণৰ চৰকাৰী প্ৰশিক্ষণ দিয়া হৈছে নেকি ? মতামত জনাই যেন-

হৈছে। ট্ৰেইনিঙত সাৱধানতা সম্পৰ্কীয় কথা আৰু আমাৰ কৰণীয় খিনি শিকোৱা হয়।

চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা মাস্ক, চেনিটাইজাৰ আদিবিলাক লাভ আৰু ব্যৱহাৰ কৰিছেনে ?

চৰকাৰে এইকেইপদ বস্তু দিছে বিনামূলীয়াকৈ। আমিও মাস্ক পালো। হয়তো বিশেষ অসুবিধাৰ বাবে চেনিটাইজাৰ এতিয়ালৈকে পোৱা নাই। তথাপিতো হেণ্ড ৱাছ আমাৰ লগতে থাকে আৰু ঘৰতে নিৰ্মাণ কৰা চেনিটাইজাৰো ব্যৱহাৰ কৰোঁ।

আপোনালোকে গৃহ পৰিদৰৰ্শন কৰা পৰিয়ালসমূহত COVID-19 পজিটিভ পোৱা বা তেনেধৰণৰ সম্ভাৱনা থকা ব্যক্তি পাইছেনে ?

নাই, বৰ্তমানলৈ তেনে কোনো ব্যক্তি পোৱা নাই।

সমাজৰ এগৰাকী সচেতন নাৰী হিচাপে বৰ্তমানৰ পৰিস্হিতিত কেনেধৰণৰ কাৰ্য্যপন্থা হাতত লোৱা উচিত বুলি ভাবে ?

ভাৰত চৰকাৰে লোৱা LOCKDOWN ৰ পদক্ষেপটি ভাল বুলি মই গণ্য কৰোঁ। ভাৰত চৰকাৰৰ তথা অসম চৰকাৰৰ কাৰ্য্যপন্থাসমূহত আমি সন্মত আৰু সহযোগ কৰোঁ। কিয়নো এই দুৰ্দিনৰ সময়ত এয়াই একমাত্ৰ প্ৰতিৰক্ষাৰ ব্যৱস্হা। LOCKD0WN খোলাৰ পিছতো এই পৰিস্কাৰ পৰিচ্ছন্নতা আৰু সাৱধানতা অৱলম্বন কৰি থকাটো উচিত আৰু চৰকাৰৰ এই কাৰ্য্যত সমগ্ৰ ভাৰতবাসীয়ে একমত তথা সহযোগ প্ৰকাশ কৰিব লাগে।

আপোনাৰ মতে এটা সুস্বাস্হ্যকৰ পৰিৱেশৰ বাবে কেনেকুৱা বাতাবৰণৰ প্ৰয়োজন ?

পৰিস্কাৰ পৰিচ্ছন্নতাকে মুখ্য কৰি সুখাদ্য, সুস্বাস্হ্য, সুবস্ত্ৰ, সু-বাসস্হান আদিত গুৰুত্ব প্ৰদানেৰে শাৰীৰিক ব্যায়াম নতুবা কাম কাজৰ জৰিয়তে সুস্হ মন আৰু এটা সুস্হ শৰীৰ পাব পাৰি আৰু সকলোৰে মন সুস্হ হ’লে এটা সুস্হ পৰিৱেশ গঢ় লৈ উঠিব।

সমগ্ৰ বিশ্বৰ এই সংকটৰ সময়ত COVID-19 ৰ বিষয়ে আপোনাৰ মতামত দিয়ক-

আমি ভাবোঁ যে চৰকাৰী নীতি নিয়মৰ লগতে সকলো সাৱধানতা অৱলম্ৱন কৰিব লাগে। সহায় সহযোগিতাৰে আগবাঢ়িলেহে COVID-19 ৰ সন্ত্ৰাস শেষ হ’ব।
স্বাস্হ্যকৰ্মী গৰাকীৰ সৈতে কৰা বাৰ্তালাপৰ জৰিয়তে সমাজৰ স্বাস্হ্যকৰ্মী এচামলৈ প্ৰেৰণা আৰু জনসাধাৰণলৈ কিছুমান বিশেষ বাৰ্তা প্ৰকাশ পালে। শেষত স্বাস্হ্যকৰ্মী এগৰাকীয়ে কয়, “সকলোৱে ঘৰতে সাৱধানে থাকি সুস্হ থকাটোৱেই কামনা কৰোঁ।”


- শ্ৰী কৌস্তৱ বৰঠাকুৰ
১৫ বছৰ
হাঁহচৰা ঢেকেৰী গাওঁ যুৱ সাংবাদিক দল (শিৱসাগৰ)

সাংবাদিকতা এক সেৱা - মহাত্মা গান্ধী

Image

মহামাৰী ক’ৰোণা

বন্ধ অসম বন্ধ কোঠা
সময় মাথো সজাগ হোৱা ।
কলি যুগৰ হ’ল সূচনা
মানৱজাতি ধংসকাৰী ওলাল
ক’ভিড-১৯, ক’ৰোণা ।

হে জনগণ নহ’বা অবুজন
সমগ্ৰ বিশ্বত ভয়াবহতাৰ সন্ধিক্ষণ
মহামাৰী ক’ৰোণাৰ সংক্ৰমণ ।
সমগ্ৰ বিশ্বতে বহু লক্ষাধিক আক্ৰান্ত
চৌদিশে কেৱল মানুহৰ মৃত্যুৰ আতংক ।

হাত দুখন চাবোনেৰে সঘনাই ধোৱা
অসুস্হ ব্যক্তিৰ পৰা নিলগত ৰোৱা ।
ক’ৰোণা ভাইৰাচৰ পৰা সাৱধান হোৱা
লক্ষণবোৰ দেখা দিলে ডাক্তৰক জনোৱা ।

জনসমাগমৰ পৰা আঁতৰত থাকা
বাহিৰত ওলালে মুখত মাস্ক পিন্ধা ।
মানি চলি সকলো নিয়ম
ঘৰতে থাকি বচোৱা পৃথিৱীখনক ।


- শ্ৰী হীৰকজ্যোতি শৰ্মা
ৰামধেনু যুৱ সাংবাদিক গোট

Image
Image

ক’ৰোণা ভাইৰাছ আৰু শিশুৰ ভূমিকা

বৰ্তমানৰ প্ৰেক্ষাপটত এক ধংসাত্মক পৰিচয়েৰে সমগ্ৰ বিশ্ববাসীৰ মাজত পৰিচিত হোৱা ক’ৰোণা ভাইৰাছৰ আতংকই সমগ্ৰ বিশ্বতে খলকনিৰ সৃষ্টি কৰিছে। বয়োজ্যেষ্ঠ জনৰপৰা শিশুলৈকে সকলোৰে ওপৰত প্ৰভাৱ বিস্তাৰ কৰা এই ক’ৰোণা ভাইৰাছ হ’ল কিছুমান ভাইৰাছৰ এটা গোট, যিবোৰে মানুহক অসুস্হ কৰি তুলিব পাৰে। এই ক’ৰোণা ভাইৰাছক দেখাত মুকুট পিন্ধি থকা যেন লাগে। যাৰ বাবে ইয়াৰ নাম ক’ৰোণা ৰখা হৈছে। ক’ৰোণা নামটো ‘corona’ শব্দটোৰ পৰা আহিছে যাৰ অৰ্থ হ’ল ‘crown’. ক’ৰোণা ভাইৰাছ অতীতৰ পৰা আছে যদিও শেহতীয়াকৈ ক’ৰোণা ভাইৰাছ পৰিয়ালত এটা নতুন সদস্য আহিছে যাৰ নাম “ক’ৰোণা ভাইৰাছ ২০১৯”। ইয়াৰ বিষয়ে কোনেও আগতে জনা নাছিল। যাৰবাবে ই অতি মাৰাত্মক হৈ পৰিছে। ‘ইউনিচেফ’ ৰ এক প্ৰতিবেদনৰ পৰা লাভ কৰা ওপৰোক্ত তথ্যৰ যোগেদি ক’ৰোণাৰ বিষয়ে এক ধাৰণা পোৱা যায়।
  এই ক্ষেত্ৰত শিশুসকলে কিদৰে নিজকে এই ভাইৰাছৰপৰা সুৰক্ষা দি ৰাখিব সেয়া জনাটো অতি দৰকাৰী। শিশুসকলে সাধাৰণতে লগৰীয়াৰ সৈতে খেলি নতুবা নাচ-গান কৰি ভাল পায়। সেই খেলাৰ সময়চোৱাত এই ভাইৰাছ এজনৰপৰা আনজনলৈ বিয়পিব পাৰে, যাক ‘সংক্ৰমণ’ বুলি কোৱা হয়। এই সংক্ৰমণৰ জৰিয়তেই ভাইৰাছবিধ এটা শৰীৰৰ পৰা আন শৰীৰলৈ বিয়পিব পাৰে। গতিকে শিশুসকলে যথেষ্ট সাৱধানতা অৱলম্বন কৰাটো বাঞ্চনীয়। ইউনিচেফৰ এক প্ৰতিবেদনৰ জানিব পৰা গৈছে যে ক’ৰোণা ভাইৰাছে বেছি দূৰলৈ যাব নোৱাৰে। গতিকে ই হাতৰ পৰা হাতলৈ যাব পাৰে যেতিয়া মানুহে হেণ্ডচেক কৰি অভিবাদন জনায় বা স্পৰ্শ কৰে। ইয়াৰোপৰি ই মুখৰ লেলাউতিৰ কণিকাৰ জৰিয়তে বিয়পিব পাৰে, যিবোৰ আমি কথা পতা, কহা বা হাঁচি মৰাৰ জৰিয়তে ওলাই যায় অথবা এই ভইৰাছবিধ থকা কোনোবাই স্পৰ্শ কৰা এখন টেবুল বা অন্য কোনো আচবাবত লাগি ৰৈ থাকিব পাৰে আৰু সেই আচবাব স্পৰ্শ কৰা পৰৱৰ্তী মানুহগৰাকীলৈ বিয়পিব পাৰে। এনে ক্ষেত্ৰত ভয় পৰিহাৰ কৰি এটা গান গালে যিমান সময় লাগে সিমান সময়ৰ বাবে হাত চাবোন আৰু পানীৰে ভালকৈ ধুব লাগে। এইবোৰক নিজে নিজে শুকাই যোৱা এলকহল যুক্ত চেনিটাইজাৰেৰে ধুব লাগে। কোনোবাই হাঁচিয়াই বা কাহি থকা দেখিলে ব্যক্তিজনৰ পৰা আঁতৰত থাকিব লাগে যাতে কণিকাবোৰ গাৰ কাষ নাচাপে। আচবাব সমূহো পৰিষ্কাৰ কৰি থাকিব লাগে আৰু পৰৱৰ্তী কেইটামান দিনত উষ্ণ আদৰণি জনাবলৈ আহে, তেন্তে তেওঁলোকক স্পৰ্শ নকৰাকৈ এটা হাঁহিৰ জৰিয়তেও অভিবাদন স্নেহপূৰ্ণ হব পাৰে।
  যদিহে এই ভাইৰাছ শিশুৰ শৰীৰত প্ৰৱেশ কৰে তেন্তে শিশুৱে অসুস্হ অনুভৱ কৰিব পাৰে। জ্বৰ, কাহৰ লগতে উশাহ লবলৈও কিছু অসুবিধাৰ সৃষ্টি হব পাৰে। এনেক্ষেত্ৰত অভিভাৱক সকল সতৰ্ক হব লাগে যাতে শিশুটিক সময়মতে পৰিচৰ্য্যা কৰিব পাৰে। অসুস্হতাৰ বাবে শিশুসকলক ঘৰতে ৰাখিব লাগে আৰু দোহৰাই থাকিব লাগে যে জ্যেষ্ঠজনৰ পৰিচৰ্য্যা পোৱাৰ পিছতেই তেওঁ পুনৰ সুস্হ হৈ খেলিব পাৰিব। হয়তো এই আৱদ্ধ সময়ছোৱাত শিশুটিৰ নিজৰ বন্ধু-বান্ধৱী, বিদ্যালয়ৰপৰা দূৰত থাকি মন বেয়া লাগিবও পাৰে। সেইক্ষেত্ৰত অভিভাৱকে সন্তানৰ মন সুস্হ কৰি ৰখাৰ দায়িত্ব গ্ৰহণ কৰিব লাগে। শিশুসকলক যিমান পাৰি নিৰাপত্তা প্ৰদান কৰি তেওঁলোকৰ মনত থকা ভয়ভাৱ সমূহ দূৰ কৰাত গুৰুত্ব আৰোপ কৰিব লাগে। অভিভাৱকৰ ওপৰত পূৰ্ণ ভৰসা থকাৰ লগতে অভিভাৱকৰ পূৰ্ণ পৰিচৰ্য্যা তথা সহযোগিতা লাভ কৰিলে শিশুৰ মানসিক স্হিতি শক্তিশালী হৈ থাকিব। এই সংকটৰ সময়ত দিয়া ‘Lockdown’ ৰ বাবে শিশুসকলে ঘৰতে নিজৰ দৈনন্দিন পাঠ্যপুঠি নিয়মীয়াকৈ পঢ়ি যাব লাগে আৰু ঘৰৰ ভিতৰতে নিজৰ কৰণীয় খিনি কৰি যাব লাগে। বৰ্তমান বিভিন্ন নিউজ চেনেল, ইউটিউব চেনেল আদিয়েও এইক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে। ইয়াৰোপৰি শিশুসকলে বিভিন্ন ভিদিঅ’, ছবি, পোষ্টাৰ আদি তৈয়াৰ কৰি সামাজিক মাধ্যম সমূহৰ জৰিয়তে সজাগতাৰ ক্ষেত্ৰখনতো এক ডাঙৰ খোজ পোলাব পাৰে।
  বহু বিজ্ঞানীয়ে ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ ঔষধ আৰু ইয়াৰ প্ৰতিষেধক উলিয়াবলৈ গৱেষণা কৰি আছে। গতিকে শিশুসকলৰ লগতে জ্যেষ্ঠসকলেও আতংকিত হব নালাগে। এইক্ষেত্ৰত অভিভাৱকসকল সজাগ হব লাগে যাতে শিশুৰ মনত এই বিষয়ে অধিক ভয় সঞ্চাৰ নহয়। এই দুৰ্দিনৰ সময়ত সাৱধানতা অৱলম্বন কৰাটোৱেই এক মাত্ৰ উপায়।


শ্ৰী কৌস্তৱ বৰঠাকুৰ
দশম শ্ৰেণী
যুৱ সাংবাদিক
হাঁহচৰা ঢেকেৰী গাওঁ যুৱ সাংবাদিক দল

ক'ভিড-১৯ আৰু স্বাস্থ্যকৰ্মীসকলৰ তৎপৰতা

 বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা কৰোণা ভাইৰাছৰ পৰা বাছি থাকিবলৈ ভাৰতৰ সকলো মানুহকে ঘৰৰ ভিতৰতে সোমাই থাকিবলৈ চৰকাৰে নিৰ্দেশ দিয়াৰ বিপৰীতে জৰুৰীকালীন বিভাগসমূহ, পুলিচ প্ৰশাসন, চিকিৎসা কৰ্মীসকলক দিনে ৰাতিয়ে ৰাইজৰ স্বাস্থ্য তথা নিৰাপত্তাৰ বাবে কামত লাগি থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। নিজৰ স্বাস্থ্য-নিৰাপত্তাৰ কথা নাভাবি এইসকল লোকৰ ভিতৰত চিকিৎসা কৰ্মীয়ে কিদৰেনো দায়িত্ব পালন কৰি আছে তাৰেই বুজ লবলৈ আমি কথা পাতিবলৈ শিৱসাগৰ জিলাৰ আমগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত মিৰিচুতীয়া উপ স্বাস্থ্য কেন্দ্ৰৰ আশাকৰ্মী শ্ৰীযুতা ৰীণা পাওগাম পায়েং বাইদেউ আৰু এএনএম মীৰা দাস নেওগ বাইদেউক লগ ধৰোতে তেওঁলোকে ইয়াৰ বিষয়ে আৰু সমস্যা সম্পৰ্কে আমাক অৱগত কৰে। নিৰ্দিষ্ট জনসমষ্টিৰ ওচৰলৈ যাওতে তেওঁলোকে মুখত মাস্ক, হাতত হাতমোজা, পৰিস্কাৰ কাপোৰ আৰু নিৰাপত্তাজনিত কাৰণত বিভিন্ন উপায় অৱলম্বন কৰি ৰাইজৰ স্বাস্থ্য সেৱাত স্বাস্থ্যৰ বুজ লৈ চিকিৎসাৰ আগবঢ়োৱাৰ লগতে কৰোণা ভাইৰাছৰ পৰা বাছি থাকিবলৈ জনতাৰ মাজত সজাগতাৰ বাবেও সভা সমিতি পাতিছে। তেওঁলোকে জানিবলৈ দিয়ে যে এতিয়াও বহু ঠাইৰ মানুহ এই বেমাৰৰ ভয়াবহতাৰ সম্পৰ্কে জ্ঞাত নহয়। আনহাতে ঘৰতে থাকিবলৈ, পৰিৱেশ পৰিস্কাৰ কৰি ৰাখিবলৈ দোকান বা ৰাস্তাত ভিৰ নকৰিবলৈ চৰকাৰে দিয়া নিৰ্দেশ তেওঁলোকৰ বহুতে পালন কৰিব নোখোজে। এনে পৰিস্থিতিত আশা কৰ্মীৰ পৰা চিকিৎসক সকলোলৈকে সকলোৱে ব্যৱস্থা লবলগীয়া হৈছে। বিশেষকৈ নিৰক্ষৰ জনসমষ্টি, যেনে - ইটা ভাটাৰ শ্ৰমিক, চাহ বাগিছাৰ শ্ৰমিক আদি বাস কৰা অঞ্চলসমূহত সজাগতা অভিযান তীব্ৰ কৰি তোলা হৈছে। এইক্ষেত্ৰত তেওঁলোকে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে সোধাত তেখেতসকলে জানিবলৈ দিয়ে যে স্বাস্থ্য কৰ্মী দেখিলে বহু মানুহ আতৰি যোৱাও পৰিলক্ষিত হয়। লগতে বহুতে বুজি নাপায়। সেয়েহে স্বাস্থ্য কৰ্মীসকলৰ ওপৰত বিশেষ দায়িত্ব আহি পৰে। নিজতকৈও জনসাধাৰণক ৰক্ষা কৰাতোহে তেওঁলোকৰ বাবে ডাঙৰ কৰ্তব্য হৈ দেখা দিছে। শিশুসকলৰ ক্ষেত্ৰতো তেওঁলোকে সজাগ হোৱা পৰিলক্ষিত হৈছে । শেষত তেখেতসকলে ৰাইজক ঘৰৰ ভিতৰত সোমাই থাকি নিজৰ লগতে নিজৰ পৰিয়ালৰ সকলোকে সুৰক্ষিত কৰাৰ লগতে সজাগ-সচেতনতাৰে নিজৰ লগতে আনকো বচাবলৈ আহ্বান জনায়।


- মৃণাল দলে
জ্ঞানদীপ যুৱ সাংবাদিক দল
শিৱসাগৰ জিলা

ঘৰতে থাকক, সুস্থ থাকক

 বৰ্তমান সময়ত গোটেই বিশ্বজুৰি বিয়পি পৰা মাৰাত্মক মহামাৰী ৰোগ বিধেই হ’ল ক’ৰোণা। ই সমগ্ৰ পৃথিৱীৰ মানুহৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছে। সকলো মানুহ আতংকিত হৈ পৰিছে। ক’ৰোণা বিধৰ জন্ম চীন দেশৰ য়ুহান নামৰ চহৰৰ পৰা। ক’ৰোণা হৈছে এবিধ ভাইৰাছ। ভাইৰাছ সমূহ খালি চকুৰে মনিব নোৱাৰি। এই ভাইৰাছ এজন মানুহৰ পৰা আন এজন মানুহৰ সংস্পৰ্শলৈ আহিলে অতি সহজে বিয়পিব পাৰে। এই ভাইৰাছৰ সংক্ৰমণৰ ফলত ইতিমধ্যে বহুতো লোকৰ মৃত্যু হৈছে। এই ভাইৰাছৰ পৰা হাত সাৰিবৰ বাবে মাথো কিছুমান নিয়ম মানি চলিব লাগিব। সেই নিয়মসমূহ হ’ল-
 1. যিকোনো কাম কৰা হোৱাৰ পাছত চাবোন নাইবা চেনিটাইজাৰ ব্যৱহাৰ কৰি কমেও ২০ চেকেণ্ডলৈ ভালদৰে হাত ধুব লাগে।
 2. কাহ বা হাঁচি মাৰিলে ৰুমালৰ ব্যৱহাৰ কৰিব লাগে।
 3. কাহ, জ্বৰ হ’লে ডাক্টৰৰ পৰামৰ্শ ল’ব লাগে।
 4. সামাজিক দুৰত্ব মানি চলিব লাগে।
বৰ্তমান সময়ত আমাৰ দেশৰ মাননীয় প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সমগ্ৰ দেশতে তলাবন্ধ দিছে। যাৰ কাৰণ হ’ল সামাজিক দুৰত্ব বজাই ৰখা। এই সময়ত সকলোৱে নিজকে ঘৰতে আবদ্ধ কৰি ৰাখিছে। ফলত মানুহৰ মন অশান্ত হৈ পৰিছে। এই সময়ছোৱাত নিজৰ ভালপোৱা কামবোৰ কৰি সময়ৰ সদ্‌ব্যৱহাৰ কৰিব লাগে। যেনে, কিতাপ পঢ়ি, গান গায়, চিত্ৰ আঁকি ইত্যাদি বোৰ কাম ঘৰতে থাকি কৰি থাকিব লাগে। নিজৰ মনটোক সদায় প্ৰফুল্ল কৰি ৰাখিব লাগে। এই ক’ৰোণাৰ বিষয়ে ঘৰৰ পৰিয়ালৰ সকলো সদস্যৰ লগত আলোচনা কৰা উচিত। ইয়াৰ বিষয়ে বহুতো ভুৱা বাতৰি বিভিন্ন মাধ্যমৰ জৰিয়তে শুনিবলৈ পোৱা যায় সেয়ে যিকোনো ভুৱা বাতৰিত বিশ্বাস কৰিব নালাগে। ইয়াক লৈ মানুহৰ মনত আতংকই বিৰাজ কৰিছে যদিও আতংকিত হ’ব নালাগে বৰং নিজকে আৰু অধিক সজাগ আৰু সচেতন কৰি তুলিব লাগে। নিজৰ যত্ন নিজেই ৰাখি নিজকে সুস্থ কৰি ৰাখিব লাগে। নিজে সুস্হ থাকিলেহে সকলো সুস্থ হ’ব পাৰিব। নিজৰ ঘৰখনৰ সমান কোনো সুৰক্ষিত স্থান নাই। সেয়ে ঘৰতে থাকক সুস্থ থাকক।


- চিত্ৰা বৰ্মণ
ডিব্ৰুগড়

Copyright © 2020 UNICEF Assam

Address: Bylane Number 2, Rani Bagan, Guwahati, Assam 781038

Facebook Twitter Instagram
Image Image