Image

 যুৱ সাংবাদিকৰ বাতৰিকাকত

সম্পাদকীয়

প্ৰিয় সতীৰ্থসকল,
     তোমালোক আটাইকে শাৰদীয় সম্ভাষণ জনালোঁ। শৰতৰ প্ৰতিপাহ শেৱালী আৰু প্ৰতিটোপাল নিয়ৰৰ সুন্দৰ যুগলবন্দীৰ নিচিনাই হঁওক প্ৰতিটো শিশু আৰু তাৰ শৈশৱ ।আমাৰ কণ্ঠস্বৰৰ মঞ্চ "মুক্ত আকাশ"ৰ এইবাৰৰ সংখ্যাটিত বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি ভালেমান বাতৰিৰ লগতে কবিতা,ছবি আৰু ফটোগ্ৰাফ প্ৰকাশিত হৈছে। তাৰবাবে সকলোকে অভিনন্দন জনালোঁ। সমাজখনক সলনি কৰাৰ আমাৰ এই নিষ্ঠা আৰু প্ৰচেষ্টা অটুত থাকক, তাৰেই কামনাৰে এইবাৰলৈ সামৰিছোঁ, ধন্যবাদ।

দলঙৰ দুৰৱস্থা

Image

নলবাৰী জিলাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বুদ্ৰুকুছি গাঁৱৰ তালুকদাৰ চুপা আৰু হদ'পাৰা চুপাৰ মাজত থকা দলংখনে এতিয়া ৰাইজৰ বাবে এটি অসুবিধাই দেখা দিছে। কাৰণ ২০১৩ চনতে এই দলংখন নির্মাণ কৰা হৈছিল । এতিয়া দলংখনৰ কাঠবোৰ পচি যোৱাত অহা-যোৱা কৰাত ৰাইজৰ অসুবিধা হৈছে। ছাত্র-ছাত্ৰীয়ে স্কুললৈ যোৱাত অসুবিধাৰ সম্মুখীন হৈছে । এই সম্পৰ্কে তৃষা দাসে কয়, "দলংখন বেয়া হোৱাত বহুত অসুবিধা হৈছে। বিশেষকৈ বৰষুণ বতৰত পাৰ হৈ যোৱাটো বৰ ভয়ানক । গতিকে চৰকাৰে দলংখন সোনকালে মেৰামতি কৰি দিয়াৰ ব্যৱস্থা কৰে যেন।’’


- প্ৰীতম কলিতা, টিটোপন কলিতা, ৰিম্পী তালুকদাৰ
ৰামধেনু যুৱ সাংবাদিক গোট

দিল্লী পৰা আহিল দুগৰাকী বিশিষ্ট ব্যক্তি

Image

ডিব্ৰুগড় জিলাৰ পানীতোলা উন্নয়ন খন্ডৰ অন্তৰ্গত শিয়ালকাটি চাহ বাগিচাৰ ১০ নং লাইনত দিল্লীৰ পৰা দুগৰাকী বিশিষ্ট ব্যক্তি কিশোৰীসকলক লগ কৰিবলৈ আহোতে এই লাইনৰ ৩৭ গৰাকী কিশোৰীৰ লগতে অংগনৱাড়ী কৰ্মী আৰু লাইনৰ ৰাইজ উপস্হিত আছিল। দিল্লীৰ পৰা অহা অনু বাইদেউ আৰু সাক্ষী বাইদেৱে আমাৰ স্বাস্হ্যটো কেনেকৈ সুস্হ আৰু সবল কৰিব পাৰি তাৰ প্ৰতি ল’ব লগা সাৱধানতাৰ লগতে আমি কেনেধৰণে আমাৰ বাগিচাৰ সমস্যাসমূহ সমাধান কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিলে। এগৰাকী কিশোৰী নিকিতা নায়কে কয় যে- আমি অনু বাইদেউ আৰু সাক্ষী বাইদেউক লগ পাই অতি আনন্দিত হৈছো। তেওঁলোকৰ লগত কথা পাতি আমি পৰিপুষ্টিৰ বিষয়ে যথেষ্ট জ্ঞান আহৰণ কৰিবলৈ সক্ষম হৈছো আৰু আমাৰ ক্লাবত এই বিষয়ে আমি সকলোৰে লগত আলোচনা কৰিম। বাইদেৱে এটা নতুন চেনেলৰ কথা ক’লে য’ত আমি বাগিচাৰ সমস্যাসমূহ সমাধানৰ অৰ্থে "Our Tea Garden T.V." ত ৫ গৰাকী যুৱ সাংবাদিক বাছি লোৱা হ’ব আৰু তেওঁলোকে প্ৰত্যেক সপ্তাহে এটা এটা video বনাব লাগিব আৰু social media নাইবা WhatsApp ৰ যোগেদি প্ৰচাৰ কৰিব লাগিব। এই সন্দৰ্ভত লাইনৰ বাসিন্দাসকলে কয় যে আমাৰ সৌভাগ্য যে আমাৰ লগতে আমাৰ ছোৱালীবোৰক এনে সুবিধা দিয়া হৈছে। আমাক এনেদৰে উৎসাহিত কৰাৰ কাৰণে অনু বাইদেউ আৰু সাক্ষী বাইদেউক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো।


- নেহা নায়ক
উন্নতি যুৱ সাংবাদিক গোট

সাংবাদিকতা এক সেৱা - মহাত্মা গান্ধী

Image

মা

মা তুমি কিয় বাৰু
ইমান আপোন
নিতৌ কাষত বহি
মাতা মোক সোণ
মা তোমাৰ মুখখনি
ইমান শুৱনি
ভাল মানুহ হ’বলৈ
দিয়া সতৰ্ক বাণী

- নিতুপন বৰুৱা
গৌৰৱ যুৱ সাংবাদিক গোট

সুযোগ

শ্ৰম কৰিবা
কিন্তু শিশু শ্ৰমিক নহ’বা
আমি হ’লো শিশু
আমাক জীয়াই থাকিবলৈ দিয়া।
সুযোগ দিয়া অংশ গ্ৰহণৰ
হ’ব বিকাশ প্ৰতিভাৰ,
গঢ়ি তুলিম মানৱ সম্পদ
মান ৰ’ব জননীৰ।

- ডলী দাস
সন্ধানী যুৱ সাংবাদিক দল

Image
Image

অসম দেশ

বাল্য বিবাহ, শিশু শ্ৰম
বিৰোধিতা কৰা
তেহে হ’ব অসমৰ
মান ৰক্ষা।
গঢ়ি তোলা অসম দেশ
সোণৰ দেশ হিচাপে
তেহে থাকিব আমাৰ নাম
অসমীয়া হিচাপে।

- কুঁহি বৰ্মন
নিউ ইয়ং ষ্টাৰ যুৱ সাংবাদিক দল

গছ

নেকাটিবি নেকাটিবি মই
হ’লো এজোপা গছ
কাৰো নাই অধিকাৰ
মোক অনিষ্ট কৰিবলৈ
মোৰ বাবেই গোটেই
সংসাৰৰ জীৱ-জন্তু
আছে জীয়াই
মইনো কাৰ ক্ষতি কৰো
মানুহে মোক ধ্বংস কৰি পেলায়
মই হ’লো এজোপা গছ।

- নিতুপন বৰুৱা
ন-জোন যুৱ সাংবাদিক গোট

Image

গোৱালচুকত ‘প্রথম’ৰ গণিত অলিম্পিয়াড

ডিব্ৰুগড় জিলাৰ পানীতোলা উন্নয়ন খন্ডৰ অন্তৰ্গত গোৱালচুক প্ৰাথমিক বিদ্যালয়ত স্বেচ্ছাসেৱী সংগঠন ‘প্ৰথম’ৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে ডিব্ৰুগড় জিলাৰ গোৱালচুক প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ সহযোগত গণিত অলিম্পিয়াড অনুষ্ঠিত কৰা হয়। এই সন্দৰ্ভত ‘প্ৰথম’ৰ ব্লক সমন্বয়ক জ্ঞানজ্যোতি দাসক সোধাত কয় যে- প্ৰথম এডুকেশ্যন ফাউন্ডেশ্যন নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ উদ্যোগত গাঁৱৰ সকলো শিশুক শ্ৰেণী অনুসৰি আগবাঢ়ি যাব পৰা আৰু শিক্ষাৰ ক্ষেত্ৰত অভিভাৱকসকলক সচেতন কৰাই আমাৰ মূল উদ্দেশ্য আছিল। এই কাৰ্যসূচীত তৃতীয়ৰ পৰা অষ্টম শ্ৰেণীৰ সকলো ছাত্র-ছাত্ৰীক লোৱা হৈছে।
এই বিষয়ে প্ৰথম স্থান লাভ কৰা এগৰাকী ছাত্ৰ সুমিত দাসক সোধাত কয় যে- বহুত ভাল লাগিছে এনেকুৱা গণিতৰ পৰীক্ষা পৰা। গণিতৰ প্ৰতি ভয় ভাবটো আঁতৰিল আমাৰ। এগৰাকী অভিভাৱকে কয় যে- এনে ধৰণৰ পঢ়াৰ লগত জড়িত অনুষ্ঠানসমূহ হৈ থাকিলে ভাল। আমিও আমাৰ শিশুসকলৰ পঢ়াৰ প্ৰতি আগতকৈ বেছি সচেতন হ’ব পাৰিম।


- পিংকী খাতুন
উন্নতি যুৱ সাংবাদিক গোট

মহিলাসকলে সহায় কৰিছে ঘৰ চলোৱাত

মহিলাসকলে সহায় কৰিছে ঘৰ চলোৱাত কামৰূপ জিলাৰ ৰামপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ফুটুৰী গাঁৱৰ মহিলাসকলে সহায় কৰিছে ঘৰ চলোৱাত। এই গাঁৱৰ মহিলাসকলে কাপোৰ বৈ ধন উপাৰ্জন কৰে, মাহত পায় 5 ৰ পৰা 6 হাজাৰ টকা। যাৰ বাবে গাঁৱৰ মানুহে সুখেৰে দুবেলা দুমুঠি খাব পাৰিছে।গাঁৱৰ মানুহে টকাৰ অভাৱত উন্নত মানৰ আধুনিক যন্ত্ৰ ব্যৱহাৰ কৰিব পৰা নাই।যাৰ ফলত তাত সকলোৱে কষ্ট কৰি কাপোৰ ব’ব লগা হৈছে।চৰকাৰৰ ফালৰ পৰা মহিলাসকলে কিছু সুবিধা পাইছে যদিও বহুতো মহিলা এতিয়াও সুবিধাৰ পৰা বঞ্চিত ।এই গাঁৱৰ মানুহে ল’ৰা-ছোৱালীক পঢ়ুওৱাৰ লগতে ছোৱালীবোৰক কাপোৰ ব’বলৈ শিকোৱা হয়।
এই সম্পৰ্কে ৰাবিয়া বিবিক সোধাত কৈ যে আমি এই কাপোৰ বোৱা সম্পৰ্কে আন কোনো ঠাইত প্ৰশিক্ষণ লোৱা নাই, এইটো আমাৰ পৰম্পৰা আৰু তেওঁ কয় যে- মই যোৱা বছৰ চৰকাৰৰ ফালৰ পৰা এটা সূতা কটা মেচিন পাইছিলোঁ আৰু এইবাৰ এখন তাঁতশাল পাইছোঁ।
এই গাঁৱৰ ছোৱালী জাহানাৰা বেগমক সোধাত তেওঁ কয় যে- আমাৰ গাঁৱৰ আৰ্থিক অভাৱৰ বাবে মই বেছি পঢ়া-শুনা কৰিব নোৱাৰিলোঁ আৰু মই এনেয়ে থকাতকৈ ঘৰতে কাপোৰ বৈ থাকো, যাৰ বাবে এতিয়া আমাৰ ঘৰ চলোৱাত সুবিধা হোৱাৰ লগতে মোৰ সৰু ভনী দুজনীক পঢ়ুৱাব পাৰিছোঁ আৰু চৰকাৰে বহুতো সুবিধা প্ৰদান কৰিছে যদিও কিন্তু মই এই সুবিধাৰ পৰা বঞ্চিত আৰু চৰকাৰে মোক এই সুবিধা প্ৰদান কৰিব বুলি আশা কৰো।


- জয়দুল ইছলাম
নীল আকাশ যুৱ সাংবাদিক গোট

শিশুৰ সামাজিক বিকাশ

বৰ্তমানৰ যিটো যুগ এই যুগটোত এজন লোকৰ সামাজিক বিকাশ বিভিন্ন দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়।যদি আপুনি-মই ইয়াক বহল অৰ্থত ক’বলৈ যাওঁ তেতিয়াহ’লে ব্যক্তিৰ আনৰ প্ৰতি থকা আগ্ৰহ প্ৰকাশ তথা ক্ৰিয়াত অংশগ্ৰহণৰ ক্ষমতা, দলগত ক্ৰিয়া-আচৰণত সহযোগিতা আৰু আনুগত্যৰ মনোভাব, বন্ধুত্ব স্থাপন, সংৰক্ষণ আৰু বিকাশযোগ্যতা, সুস্থ মনৰ প্ৰতিযোগিতা আৰু যুদ্ধৰ মনোভাব, সমাজৰ অন্যান্য লোকৰ ভাবানুভূতি, চিন্তা, মনোবৃত্তি আদিৰ প্ৰতি সচেতনতা আৰু তাক নিৰীক্ষণ কৰিব পৰা ক্ষমতা থকাটো অত্যন্ত প্ৰয়োজনীয়। আমাৰ সমাজত প্ৰতিটো শিশুৰেই নিজ ব্যক্তিত্ব সমাজৰ মাজেদি গঢ় লৈ উঠে। সেয়ে এটা সামাজিক পৰিৱেশে শিশু এটাক তাৰ নিজস্ব ইচ্ছা, আগ্ৰহ, প্ৰয়োজন, মতামত, বিৰোধভাব আদি উপযুক্তভাৱে উপস্থাপন কৰিবলৈ শিশুটোক আত্ম-সচেতন আৰু আত্মবিশ্বাসী কৰি তোলে। সমাজৰ সাংস্কৃতিক, ধৰ্মীয় আৰু অৰ্থনৈতিক জীৱনৰ লগত বিশেষভাৱে জড়িত হৈ থকাৰ এটা সুবিধা শিশুসকলক দিব লাগে। যেন তেওঁলোকৰ সামাজিক, অৰ্থনৈতিক চিন্তাবোৰৰ বিকাশ ঘটে। সামাজিকীকৰণৰ লগে লগে শিশুৱে নিজ ব্যক্তিসত্তা অথবা ব্যক্তি-স্বাতন্ত্ৰতা উপলব্ধি কৰিবলৈ শিকে।


- জুৰিতা দাস
বৰলুইত গোট

শিশু অধিকাৰৰ ওপৰত এক সমীক্ষা

ডিব্ৰুগড় জিলাৰ পানীতোলা উন্নয়ন খন্ডৰ অন্তৰ্গত চাবুৱা চাহ বাগিচা (টাটা গেট) ৰ প্ৰাথমিক বিদ্যালয়, অংগনৱাড়ী কেন্দ্রৰ লগতে ৱাৰ্ড মেম্বাৰৰ শিশু অধিকাৰনো কি তাৰ ওপৰত এক চমু সাক্ষাৎকাৰ লোৱা হয়।
এই বিষয়ে চাবুৱা চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শ্ৰৱণ কুমাৰ ছাৰক সোধাত তেওঁ কয় যে- শিশু অধিকাৰ হৈছে শিশুৰ জন্মৰ পাছৰ পৰা উশাহ-নিশাহ লোৱা, শিশুয়ে জন্ম গ্ৰহণ নকৰা আগৰ পৰা মাতৃৰ গাখীৰ গ্ৰহণ কৰা, লালন-পালনৰ অধিকাৰ আছে। ২০০৯ চনত বলৱৎ হোৱা শিশু আইনৰ যোগেদি এটি শিশুৱে প্ৰাথমিক পৰ্যায়ৰ শিক্ষা গ্ৰহণ কৰাৰ সম্পূর্ণ অধিকাৰ থাকে।
বিদ্যালয়ৰ আন এজন শিক্ষক মাণিক হেমৰম ছাৰে কয় যে- শিশুৰ অধিকাৰসমূহ হৈছে-
১/৬ৰ পৰা ১৪ বছৰ বয়সৰ প্ৰতিজন শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা নিশ্চিত কৰা।
২/ ভাষা, ধৰ্ম, বৰ্ণ, লিংগ, জাতি বাধাগ্ৰস্ততা নিৰ্বিশেষে সকলো শিশুৰ প্ৰতি সম আচৰণ আৰু শিক্ষা নিশ্চিত কৰা।
৩/ কোনো শিশুকে নিৰ্দিষ্ট শিক্ষাবৰ্ষৰ পৰৱৰ্তী শ্ৰেণীলৈ উত্তীৰ্ণ নকৰাকৈ ৰখাই থ’ব নোৱাৰিব।
৪/ ৬ ৰ পৰা ১৪ বছৰৰ কোনো শিশুকে শাৰীৰিক শাস্তি আৰু মানসিক নিৰ্যাতন দিব নোৱাৰিব।
৫/ শিশুৱে বিনামূলীয়া পাঠ্যপুথি যোগান পাব লাগে।
ইয়াৰ পিছতে উক্ত বিষয়ে সম্বন্ধিত আৰু বিতংভাৱে জানিবলৈ চাবুৱা চাহ বাগিচাৰ (টাটা গেট) ২নং অংগনৱাড়ী কেন্দ্রৰ কৰ্মী জ্ঞানী কোঁৱৰ তাঁতীৰ সৈতে সাক্ষাৎ হয়। তেওঁ কয় যে শিশু অধিকাৰ হৈছে- এটি শিশুৱে জন্মৰ পিছতে নিজৰ পৰিয়াল আৰু সমাজৰ পৰা প্ৰয়োজনীয় সা-সুবিধাসমূহ পোৱাকে সহজ অৰ্থত শিশুৰ অধিকাৰ বুলি ক'ব পাৰো।
শিশুৰ অধিকাৰ চাৰি প্ৰকাৰৰ-
১/ জীয়াই থকাৰ অধিকাৰ।
২/ সুৰক্ষাৰ অধিকাৰ।
৩/ যোগদানৰ অধিকাৰ।
৪/ বিকাশৰ অধিকাৰ।
শিশুৰ এই অধিকাৰসমূহৰ পৰা আমি শিশুক বঞ্চিত কৰিব নোৱাৰো আৰু লগতে বঞ্চিত কৰিলে সেয়া আইন মতে দণ্ডনীয়।


- বিনীতা পাতৰ, চঞ্জু তাঁতী
ন-জোন যুৱ সাংবাদিক গোট

আবেদন জনোৱাৰ পিছতো অংগনৱাড়ী কেন্দ্রৰ গৃহ নির্মাণ হোৱা নাই

ডিব্ৰুগড় জিলাৰ পানীতোলা উন্নয়ন খন্ডৰ অন্তৰ্গত চাবুৱাৰ মেৰেলিপথাৰৰ ১নং অংগনৱাড়ী কেন্দ্রৰ ঘৰটো আজিলৈকে নিৰ্মাণ হোৱা নাই। তেওঁলোকে ওচৰৰ ক্লাবত কণ কণ শিশুসকলক পঢ়ায়। কেন্দ্রটোৰ শিশুৰ সংখ্যা প্ৰায় ৩০ জন আৰু কিশোৰী ৪৫ গৰাকী আছে। আনহাতে তেওঁলোকৰ শৌচালয়, দমকল নথকাৰ বাবে কণ কণ শিশুসকলকে ধৰি অংগনৱাড়ী কৰ্মীৰো বহুত সমস্যা হয়। ওচৰত থকা বিদ্যালয়ৰ পৰা পানী যোগান ধৰিবলগীয়া হয়। অংগনৱাড়ী কৰ্মী বাসন্তী হেমৰমে এই বিষয়ে কয় যে আমাৰ কেন্দ্রৰ ঘৰটো নথকাৰ বাবে আমাৰ বহুত অসুবিধা হয়। কেতিয়াবা যদি ক্লাবত কিবা সভা থাকে আমি পঢ়াব নোৱাৰো। এই বিষয়ে আবেদন জনোৱাৰ পিছতো আমাৰ কেন্দ্রৰ ঘৰটো আজিলৈকে নিৰ্মাণ হোৱা নাই।


- নেহা নায়ক
উন্নতি যুৱ সাংবাদিক গোট

মাদক দ্ৰব্য

সমাজত মাদক দ্ৰব্যৰ ফলত অবাঞ্ছনীয় কাৰ্যবোৰ দিনকদিনে বাঢ়ি গৈছে। আজিৰ সমাজত মাদক দ্ৰব্যৰ ব্যৱহাৰ নকৰা ব্যক্তি ১০ শতাংশও বিচাৰি উলিওৱা অসম্ভৱ। এখন সমাজৰ পৰিৱেশ বিনষ্ট হ'ব পাৰে বা এখন ঘৰৰ পৰিৱেশত অশান্তি আনে মাদক দ্ৰব্যৰ প্ৰচলনে। এজন মানুহে যদি মাদক দ্ৰব্যত মাতাল হৈ অশান্তি কৰে, তেন্তে তাত কোনেও মাত মাতিবলৈ প্ৰয়োজন বোধ নকৰে। এখন সুখৰ সংসাৰলৈ দুখৰ ধুমুহা বোৱাই আনে মদে। যিমানেই সমাজত উদ্ভণ্ডালি বাঢ়িছে সিমানেই কোনেও কাকোৱেই চিনি নোপোৱা হৈছে, কাকো ভয় নকৰা হৈছে। এয়া হৈছে আজিৰ সমাজ। এখন সুস্থ-সবল সমাজ গঢ়ি তুলিবলৈ হ’লে আমি সকলোৱে সেই সমাজৰ পৰা মাদক দ্ৰব্য নিৰ্মূল কৰিব লাগিব। তেতিয়াহে উঠি অহা যুৱ-প্ৰজন্মৰ জীৱন উজ্জ্বল হৈ থাকিব।


- পিংকী খাতুন
উন্নতি যুৱ সাংবাদিক গোট

Copyright © 2019 UNICEF Assam

Address: Bylane Number 2, Rani Bagan, Guwahati, Assam 781038

Facebook Twitter
Image Image