Image

 যুৱ সাংবাদিকৰ বাতৰিকাকত

সম্পাদকীয়

প্ৰিয় সতীৰ্থসকল,
     তোমালোক আটাইকে শাৰদীয় সম্ভাষণ জনালোঁ। শৰতৰ প্ৰতিপাহ শেৱালী আৰু প্ৰতিটোপাল নিয়ৰৰ সুন্দৰ যুগলবন্দীৰ নিচিনাই হঁওক প্ৰতিটো শিশু আৰু তাৰ শৈশৱ ।আমাৰ কণ্ঠস্বৰৰ মঞ্চ "মুক্ত আকাশ"ৰ এইবাৰৰ সংখ্যাটিত বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি ভালেমান বাতৰিৰ লগতে কবিতা,ছবি আৰু ফটোগ্ৰাফ প্ৰকাশিত হৈছে। তাৰবাবে সকলোকে অভিনন্দন জনালোঁ। সমাজখনক সলনি কৰাৰ আমাৰ এই নিষ্ঠা আৰু প্ৰচেষ্টা অটুত থাকক, তাৰেই কামনাৰে এইবাৰলৈ সামৰিছোঁ, ধন্যবাদ।

এই সেৱাৰ পৰা দৰিদ্ৰ পৰিয়ালৰ ল’ৰা-ছোৱালী যথেষ্ট উপকৃত হৈছে

Image

বৰবৰুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত লেজাই কলাখোৱা অঞ্চলৰ অঙ্গনৱাডীৰ ওপৰত এক চমু সমীক্ষা কৰা হয়।
লেজাই মিৰিপথাৰ কেন্দ্ৰৰ কৰ্মী নিৰু ভৰলুৱে কয় -বৰ্তমান মোৰ কেন্দ্ৰত ৩ বছৰৰ পৰা ৬ বছৰলৈ শিশুৰ সংখ্যা ২৪টি আৰু ৬ মাহৰ পৰা ৩ বছৰলৈ ১৬টি শিশু আছে।
চৰকাৰক আহ্বান জনাওঁ যে কেন্দ্ৰত যি ধৰণে খোৱা-লোৱাৰ ব্যৱস্থা দিছে যদিও নিয়মীয়াকৰণ কৰিব লাগে আৰু কেন্দ্রসমূহে বৰ্তমানতকৈ উন্নতি কৰিলে ভাল হয়, নহ’লেও পুনৰ মেৰামতি কৰিব লাগে,দমকল, শৌচাগাৰ এইসমূহ উন্নত হ’লেহে সকলো শিশুক অভিভাৱকে কেন্দ্ৰলৈ পঠিয়াব।


- নৱজ্যোতি যুৱ সাংবাদিক গোট

অংগনৱাড়ীৰ কমী সৈতে বাৰ্তালাপ যুৱ সাংবাদিকৰ

Image

ডিব্ৰুগড় জিলাৰ লাহোৱাল উন্নয়ন খণ্ডৰ অন্তৰ্গত মনোহাৰী চাহ বাগিচাৰ মনোহাৰী 14 নং অংগনৱাড়ী কৰ্মীৰ সৈতে অংকুৰ যুৱ সাংবাদিকৰ দলে বাৰ্তালাপ কৰে। অংগনৱাড়ী কৰ্মী শ্ৰীমতী অঞ্জুমণি শইকীয়া বাইদেৱে কয় যে, কেন্দ্ৰটোত মুঠ শিশুৰ সংখ্যা 32 জন। ইয়াৰে প্ৰায়েই 17-18 জন শিশুহে উপস্থিত থাকে । শিশুসকলক খেলা-ধূলা কৰা, পঢ়া-শুনা কৰাৰ উপৰিও পৰিপূৰক আহাৰ খাবলৈ দিয়া হয় । পৰিপূৰক খাদ্য কি সোধাত তেওঁ কয় যে, ফলমূল ,খিচিৰি আদিৰ লগতে তেওঁ জানিবলৈ দিয়ে যে 2019 চনৰ মাৰ্চৰ 29 তাৰিখে শিশুসকলক খোৱাৰ বাবে পইচা দিয়ে আগষ্ট মাহলৈ । বৰ্তমান এই পইচা শেষ । আজি ছেপ্টেম্বৰ মাহৰ পৰা নৱেম্বৰলৈ শিশুসকলে খাব পোৱা নাই । তেওঁ অতি সোনকালে শিশুসকলৰ খাদ্য দিব লাগে বুলি কয় ।এই কেন্দ্ৰত কিশোৰীসকলৰ প্ৰতিমাহে বুধবাৰৰ দিনা কিশোৰী সভা পাতি কিশোৰীসকলক 'আইৰন টেবলেট' দিওঁ বুলি কয় । বতমান 64 গৰাকী কিশোৰী আছে । কিশোৰীসকলক আইৰন টেবলেট কিয় খাব লাগে,মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত চাফ- চিকুণতাৰ লগতে বাল্য বিবাহ হ’লে কি হ’ব সেই বিষয়ে শিকোৱা হয়।শিশুসকলকো প্ৰতি মাহে ওজন জোখা হয়, লগতে প্ৰতিষেধক দিয়া হয় আৰু গৰ্ভৱতী মহিলা, প্ৰসূতি মাতৃক স্বাস্থ্যৰ যতনৰ ওপৰত শিকোৱা হয় । জানিব পৰা গৈছে বাইদেউৰ পৰা বৰ্তমান তেওঁ লিখা-মেলা কৰাৰ বহু আগতেই চৰকাৰে দিয়া খেলা -বস্তুবোৰ ভাগি গ’ল আৰু ল’ৰা- ছোৱালীহঁতৰ বৰ্ণকাৰ্ডসমূহ ভাগি নাইকিয়া হ’ল । কেন্দ্ৰটোৰ সহকৰ্মী শ্ৰীমতী ভাৰতী শইকীয়া বাইদেৱে কয়- বৰ্তমান খেলা-বস্তুবোৰ, বৰ্ণকাৰ্ডসমূহ পুনৰ নতুনকৈ দিলে আমাৰ শিশুসকলৰ সুবিধা হ’ব ।


- লাহোৱাল যুৱ সাংবাদিক গোট

SEWA ৰ Save the Children ৰ সহযোগত

Image

বৰবৰুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত লেপেটকটা চাহ বাগিচাত ইংৰাজী 20-১০-২০১৯ তাৰিখে SEWA, Socio Educational Welfare Association ৰ Save the Children তৰফৰ পৰা লেপেটকটা চাহ বাগিচাৰ কিশোৰ -কিশোৰী, শিশুক লগত লৈ দেৱালী Celebrate কৰা হয় ।তাতে Save the Childrenৰ তৰফৰ পৰা SEWA ৰ Director আৰফান হুছেইন , Program officer জন পাউল টিৰকে আৰু district facilitator মুৰজাহিদ আহমেদ উপস্থিত থাকে।
প্ৰত্যেক কিশোৰ -কিশোৰী, শিশু সকলৰ আগত চাকি জ্বলাই , জন পাউল টিৰকে কয়, "সকলোৱে ভালদৰে পঢ়া -শুনা কৰা আৰু নিজৰ নিজৰ মা- দেউতাই যি কয় ভালদৰে শুনা । দেৱালীত আতচবাজী ব্যৱহাৰ নকৰিবা । কাৰণ এইবোৰৰ ধোঁৱাসমূহৰ পৰা পৰিৱেশ প্ৰদূষণ হয়, ফলত জনসাধাৰণৰ দেহত নানা ৰোগৰ সৃষ্টি হ’ব পাৰে।"
SEWAৰ Save the Childrenএ শিশুক, কিশোৰ -কিশোৰীৰ বাবে কাম কৰি বাগিচাৰ পিছপৰি থকা শিশুসকলক আগবাঢ়ি যোৱাৰ এটা সুন্দৰ পদক্ষেপ লৈছে ,তাত বহু ল’ৰা- ছোৱালীয়ে প্ৰেৰণা পাই নিজৰ জীৱন আৰু গাঁও খনৰ বাবে কিছু ভাল প্ৰচেষ্টা চলাইছে।


- মিলিজুলি যুৱ সাংবাদিক গোট

বিধ্বস্ত ৰূপত ৰাস্তা- ঘাট

Image

কামৰূপ জিলাৰ ৰামপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ফুটুৰী গাঁৱৰ জলামদানি অঞ্চলটোলৈ যোৱা পথ বৰ্তমান বিধ্বস্ত ৰূপত ।বৰষুণ নিদিলেও পথৰ মাজত পুখুৰীৰ দৰে গাঁতত পানী জমা হৈ থাকে।যাৰ ফলত জনসাধাৰণৰ অহা-যোৱাত বহুতো অসুবিধা হয়। পথৰ এই বিধ্বস্ত ৰূপৰ বাবে অভিভাৱকসকলে অংগনৱাডী শিশুসকলক তালৈ পঠাবলৈ ভয় কৰে। যোৱা প্রায় ৩ বছৰ মান আগতে এবাৰ দূৰদৰ্শনৰ সাংবাদিক আহিছিল যদিও কিন্তু চৰকাৰৰ গা লৰাব নোৱাৰিলে ।আকৌ এবাৰ গাঁৱৰ মানুহে লগ লাগি পথটো ভাল কৰিব বিচাৰিছিল যদিও গাঁৱৰ মানুহ আৰ্থিকভাৱে দুৰ্বল বাবে ৰাস্তাৰ কাম সম্পূর্ণ হৈ নুঠিল ।পথটোৰৰ এই দুৰৱস্থাৰ বাবে কেতিয়াবা কাৰোবাৰ অসুখ হ’লে প্রায় ১/২ কিলোমিটাৰ মান কান্ধত তুলি নিব লাগে ।এই গাঁৱৰ মানুহে গাঁৱৰ সভাপতি আৰু সম্পাদকক জনোৱাৰ পিছতো চৰকাৰৰ ফালৰ পৰা একো সঁহাৰি পোৱা নাই বুলি কয়।লগতে আমাক জানিবলৈ দিয়ে যে ভোটৰ সময়তহে চৰকাৰে গাঁৱৰ মানুহৰ খবৰ লয়।
এই সম্পৰ্কে এই গাঁৱৰে মকচেদ আলীক সোধাত তেওঁ কয় যে এবাৰ আমাৰ গাঁৱৰ মানুহে লগ লাগি পথটোত মাটি পেলাইছিল যদিও গাঁৱৰ মানুহ আৰ্থিক ভাৱে দুৰ্বল হোৱা বাবে কামটো সম্পূৰ্ণ হৈ নুঠিল আৰু তেওঁ কয় যে এই অঞ্চলটোত প্ৰায় ১১০ঘৰ মানুহ আছে আৰু এই মানুহবিলাকলৈ চৰকাৰৰ ভোটৰ সময়তহে মনত পৰে, বাকী আন সময়ত একো খবৰ নলয় আৰু গাঁৱৰ মানুহে ৰাস্তাটোৰ কথা সুধিলে ৰাস্তাটো ভাল হ’ব বুলি কৈ পঠিয়াই দিয়ে।ইয়াৰ উপৰি যোৱা ৩ বছৰ মান আগতে এবাৰ দূৰদৰ্শন সাংবাদিক আহিছিল যদিও কিন্তু চৰকাৰৰ গা লৰাব নোৱাৰিলে আৰু আমাক জনায় যে ৰাস্তাটোৰ এই বিধ্বস্ত পৰিৱেশৰ বাবে অংকনবাডীৰ শিশু সকলক তাত যাব নিদিয়ে ।
আৰু এই বিষয়ে আমি আন এজনী মহিলা আমিনা বিবিক সোধাত কয় যে - যোৱা কেইদিনমান আগতে ৰাস্তাটোৰে ambulance আহিব নোৱাৰাৰ বাবে গৰ্ভৱতী এজনীক প্ৰায় ১/২ কিলোমিটাৰ মান দাঙি নিব লগা হৈছে আৰু স্কুলৰ ছাত্র- ছাত্রী বোৰ বোকাত পিছলি পৰিলে কাপোৰ আৰু কিতাপবোৰ নষ্ট হয়। গাঁৱৰ ৰাইজে চৰকাৰক এইটোৱে অনুৰোধ জনায় যে -তেওঁলোকৰ সমস্যাটো অতি সোনকালেই সমাধান কৰি গাঁৱৰ ৰাইজক মুক্তি দিয়ে যেন।


- ৰামপুৰ উন্নয়ন খণ্ড
১/জিয়াদুল ইছলাম
২/নিচামণি কলিতা
৩/ফিৰোজ আলী
৪/সাহিদল ইছলাম
৫/সোণমণি বেগম

সাংবাদিকতা এক সেৱা - মহাত্মা গান্ধী

Image

জীৱন

জীৱন জীৱন জীৱন
কিনো এই জীৱন?
কাৰো মতে যন্ত্ৰণা
কাৰো মতে সুন্দৰ্যৰ প্ৰতিচ্ছবি
কাৰো মতে বিষয় বাসনা
জীৱন পোৱাৰ হেঙুলী
সূৰ্যৰ আলোকত বিচাৰি পালোঁ
জীৱনৰ সংজ্ঞা
জীৱন এটি ফুল
ইয়াৰ সৌৰভ যিজনে
গ্ৰহণ কৰে তেওঁৱেই
সঁচা অৰ্থত মানুহ।

- ৰোশনী হক
অমৃত যুৱ সাংবাদিক দল

Image

উন্নতি যুৱ সাংবাদিক গোটৰ সৈতে প্ৰধান শিক্ষকৰ চমু সাক্ষৎকাৰ

ডিব্ৰুগড় জিলাৰ পানীতোলা উন্নয়ন খণ্ডৰ অন্তৰ্গত নাহৰতলি চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিলীপ যচিৰ সৈতে মধ্যাহ্ন ভোজনৰ ওপৰত চমু সাক্ষাৎকাৰ সমূহ তলত আলোচনা কৰা হল-
প্ৰ- আপোনালোকৰ বিদ্যালয়ত বৰ্তমান ছাত্র-ছাত্রী সংখ্যা কিমান?
উ- ২০৩ জন।
প্ৰ- বৰ্তমান কোনটো সংস্হাৰ তৰফৰ পৰা আপোনালোকৰ বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ যোগান ধৰা হয়?
উ- বৰ্তমান অসম সৰ্বশিক্ষা অভিযানৰ The People Welfare Society নামৰ সংস্হা টোৱে মধ্যাহ্ন ভোজনৰ যোগান ধৰে।
প্ৰ- ভোজন খোৱাৰ আগত চাবোনেৰে হাত ধোৱেনে?
উ- হয় ধোৱে।
প্ৰ- আপোনালোকৰ বিদ্যালয়ত শৌচালয়ৰ ৱ্যৱস্হা আছেনে?
উ- হয় আছে। কিন্ত ল'ৰা আৰু ছোৱালীৰ বাবে এটাই শৌচালয় আছে, বেলেগ বেলেগকৈ নাই।
প্ৰ- শৌচালয় ব্যৱহাৰ কৰাৰ পিছত চাবোনেৰে হাত ধোৱেনে?
উ- এই সন্দৰ্ভত বিদ্যালয়ৰ সহ শিক্ষক গৌতম প্ৰমানিক ছাৰে কয় যে হয় আমাৰ বিদ্যালয়ৰ ছাত্র-ছাত্রীসকলে শৌচালয় ব্যৱহাৰ কৰাৰ পাছত চাবোনেৰে হাত ধোৱে। কিয়নো, চাবোনেৰে হাত ধুলে বিভিন্ন ধৰণৰ বেমাৰ যেনে- ডায়েৰীয়া, কলেৰা, পেট বিষ, ইত্যাদি ৰোগৰ পৰা আঁতৰি থাকিব পাৰি।
মুক্ত আকাশৰ ব্লক ফেচিলিটেটৰ য়াচমিন খাতুন বাইদেওৱে বিদ্যালয়ৰ ছাত্র-ছাত্রীসকলক যিকোনো বস্তু খোৱাৰ আগত ভালদৰে হাত ধুই খাবলৈ কয় আৰু শৌচালয়লৈ যাওঁতে চেণ্ডেলৰ ব্যৱহাৰ কৰিবলৈ কয়। শৌচালৰয়পৰা অহাৰ পিছত ভালদৰে চাবোনেৰে হাত কেনেকৈ ধুব লাগে পদ্ধতিসমূহ শিকালে। কিয়নো আমাৰ লেতেৰা হাতৰ পৰাই নেদেখা বীজাণুবোৰৰ পৰা নানা ধৰণৰ বেমাৰ হ’ব পাৰে।


- নেহা নায়ক
উন্নতি যুৱ সাংবাদিক গোট

শৌচালয় ব্যৱহাৰৰ ওপৰত এক বিস্তৃত সমীক্ষা

ডিব্ৰুগড় জিলাৰ পানীতোলা উন্নয়ন খণ্ডৰ অন্তৰ্গত ডিকম, চাবুৱা (টাটা গেট), দিনজয়, হাতিআলি আৰু শিয়ালকাটি চাহ বাগিচা সমূহত শৌচালয় আৰু পানী ফিল্টাৰ কৰি খায় নে নাখায় তাৰ ওপৰত এক চমু সমীক্ষা চলোৱা হয়। সমীক্ষা চলোৱা ঘৰকেইটাৰহে তথ্যখিনি তলত উল্লেখ কৰা হ’ল-
১/ ডিকম পুৰণা লাইনৰ ৩০ টা
২/ ডিকম কঠিবাৰী লাইনৰ ১০ ঘৰ
৩/ শিয়ালকাটি ১০নং লাইনৰ ৫০ ঘৰ
৪/ দিনজয় পকা লাইনৰ ২৫ ঘৰ
৫/ চাবুৱা টাটা গেটৰ ২০ ঘৰ
৬/ হাতিআলিৰ ২৫ ঘৰ
ওপৰত উল্লেখ কৰা গোটেই অঞ্চলসমূহৰ মুঠ ১৬০টা ঘৰৰ শৌচালয়ৰ ওপৰত সমীক্ষা চলোৱা হয়। আমি এই সমীক্ষাত পোৱা ১৬০ টা ঘৰৰ সকলো পৰিয়ালে শৌচালয় ব্যৱহাৰ কৰে। এই সন্দৰ্ভত শিয়ালকাটিৰ ward member চিলাম্বৰ বাগে কয় যে আমাৰ লাইনৰ সকলোৱে শৌচালয় ব্যৱহাৰ কৰে আৰু সকলোৰে ঘৰত শৌচালয় আছে। যদিহে কোনোৱে মুকলিত শৌচ কৰা দেখা পাওঁ তেনেহ’লে সেইজনৰ বাবে বেলেগ কিবা ব্যৱস্থা হাতত লোৱা হ’ব। বৰ্তমানলৈকে আমাৰ লাইনৰ মুকলিত শৌচ কৰা দেখা নাই। চাবুৱা চাহ বাগিচাৰ(টাটা গেট)ৰ অৰুণ পাত্ৰই কয় যে আমাৰ ইয়াৰ সকলোৱে শৌচালয় ব্যৱহাৰ কৰে আৰু শৌচালয়ৰ পৰা অহাৰ পিছত ভালদৰে হাত চাবোনেৰে ধুৱে।
আমাৰ এগৰাকী যুৱ সাংবাদিক মমতা বাগে এগৰাকী কিশোৰী পুজা বাইক সোধাত কয় যে আমি শৌচালয়ৰ পৰা অহাৰ পিছত চাবোনেৰে হাত ধোওঁ আৰু চেণ্ডেল পিন্ধি যাওঁ।
এই বিষয়ে ৰাজেন নায়কে কয় যে- শৌচালয়ৰ পৰা অহাৰ পিছত চাবোনেৰে হাত নুধুলে বহুত ধৰণৰ বেমাৰ-আজাৰ হয়।
পানী ফিল্টাৰ কৰি খায় নে নাখায় এই বিষয়ত শিয়ালকাটি ১০নং লাইনৰ অংগনৱাড়ী কৰ্মী মঞ্জু নায়কে কয় যে- হয় আমি পানী
ফিল্টাৰ কৰি খাওঁ। এই বিষয়ে আমাৰ স্বাস্হ্য সজাগতা সভাসমূহতো যিমান পাৰো সকলোকে সজাগ কৰাওঁ।


- গৌৰৱ যুৱ সাংবাদিক গোট
উন্নতি যুৱ সাংবাদিক গোট

বিদ্যালয়ত শিক্ষক নথকা বাবে অসুবিধা হৈছে ছাত্ৰ-ছাত্ৰীৰ

ডিব্ৰুগড় জিলাৰ লাহোৱাল উন্নয়ন খণ্ডৰ অন্তৰ্গত মনোহাৰী চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ- ছাত্ৰীৰ অনুপাতে শিক্ষক নাই । যুৱ সাংবাদিকসকলে সমীক্ষা কৰি দেখা পায় যে, এই বিদ্যালয়ত ছাত্ৰ- ছাত্ৰীৰ সংখ্যা 105জন, শ্ৰেণী হৈছে পাঁচটা আৰু শিক্ষক এজন। এই সন্দৰ্ভত বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত ৰাজীৱ বুঢ়াগোহাঁয়ে যুৱ সাংবাদিকৰ আগত কয় যে, তেওঁ প্ৰধান শিক্ষক গতিকে বিদ্যালয়ৰ বহুত কাম কৰিব লগা হয় আৰু ল’ৰা-ছোৱালীকো পঢ়াব লাগে, বহুত অসুবিধা হৈছে। এই বিষয়ে জিলাৰ শিক্ষা খণ্ড বিষয়াক জনোৱা হৈছে যে শিক্ষকৰ অতি প্ৰয়োজন কিন্তু শিক্ষা বিষয়াই আজিলৈকে গুৰুত্ব দিয়া নাই । এগৰাকী সহকাৰী শিক্ষক হিচাপে বাগিচাৰ কৰ্তৃপক্ষই সামান্য পৰিমাণৰ দৰমহা দি বিদ্যালয়ত নিযুক্তি দি ছাত্ৰ- ছাত্ৰীক পঢ়োৱাৰ ব্যৱস্থা কৰি দিছে । এই বিদ্যালয়ৰ দুজন ছাত্ৰ শ্ৰী ৰজত ভূঞা আৰু শ্ৰী চেলিম চাহুৱে কয় যে আমাৰ শিক্ষক নথকা বাবে বহুত অসুবিধা হৈছে । আজি আমাৰ যুৱ সাংবাদিকৰ যোগেদি বিদ্যালয়ৰ শিক্ষকজনে আৰু ছাত্ৰ-ছাত্ৰীসকলে বিভাগীয় কৰ্তৃপক্ষলৈ নিবেদন জনাইছে অনতি পলমে শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে বিদ্যালয়ত ।


- লাহোৱাল যুৱ সাংবাদিক গোট

মধ্যাহ্ন ভোজন আৰু ছাত্ৰ -ছাত্ৰীৰ মতামত লাগে

ডিব্ৰুগড় জিলাৰ পানীতোলা উন্নয়ন খন্ডৰ অন্তৰ্গত হাতিআলি চাহ বাগিচাৰ বিদ্যালয়ত মধ্যাহ্ন ভোজনক লৈ ছাত্ৰ- ছাত্ৰীৰ চমু সাক্ষৎকাৰ তলত আলোচনা কৰা হ’ল- পঞ্চম শ্ৰেণীৰ এগৰাকী ছাত্রী নিকিতা নায়কক সোধাত কয় যে- ভাতখিনি বেয়া, টেঙা টেঙা লাগে খাওঁতে। নিকিতা নায়কে জনায় যে এই বিষয়ে বিদ্যালয়ৰ শিক্ষকক জনোৱা হৈছে।
বিচু মুড়াই কয় যে- দাইল - ভাত দিয়ে আৰু দাইল খিনি পানী পানী, আগতে ভাল লাগিছিল খাই। এতিয়া ভাল নালাগে।
এই বিষয়ে বিদ্যালয়ৰ ৰান্ধনীগৰাকীক সোধাত তেওঁ কয়- আগতে ভাল আছিল খোৱাটো। আমি খিচিৰি বনাওঁতে আলু, ছয়াবিন আৰু চবজি দি বনাইছিলো কিন্ত এতিয়া তেনেকৈ নিদিয়ে। এতিয়া ল’ৰা -ছোৱালীবোৰেও কয় খাই ভাল নালাগে বুলি।
এই সন্দৰ্ভত বিদ্যালয়ৰ সহ-শিক্ষক বিৰাসিংহ লখৰিয়াই জনায় যে - আমাৰ বিদ্যালয়ৰ মুঠ ছাত্র-ছাত্ৰী ১২৫ জন। আমাৰ মধ্যাহ্ন ভোজনৰ সাপ্তাহিক বাৰৰ মতে বুধবাৰৰ দিনা কণী খুৱাইছিলো আগতে কিন্তু যোৱা বুধবাৰে কণী দিয়া নাছিল NGO ৱে প্ৰদান কৰা মধ্যাহ্ন ভোজনত।


- উন্নতি যুৱ সাংবাদিক গোট

স্কুলৰ বিষয়ে সমীক্ষা

ধুবুৰী জিলাৰ আগমনি উন্নয়ন খণ্ডৰ অন্তৰ্গত শেৰনগৰৰ ২৪১৩ নং পূব শেৰনগৰ এল. পি স্কুলৰ শিক্ষক- শিক্ষয়িত্ৰী ৩ জন আৰু ছাত্ৰ -ছাত্ৰীৰ সংখ্যা ৬০ জন । স্কুললৈ যোৱা ৰাস্তাটো অলপ বৰষুণ দিলেই পানীৰে উপচি পৰে আৰু ছাত্ৰ -ছাত্ৰী সকল অসুবিধাৰ সন্মুখীন হয় আৰু স্কুলৰ ভিতৰলৈ যাব নোৱাৰা হয়। এই সম্পৰ্কে প্ৰধান শিক্ষক অমৰ ভৌমিকে কয় যে, চৰকাৰ কৰ্তৃপক্ষক জনোৱা হৈছে। তেওঁলোকে কয় যে স্কুলৰ সকলো ব্যৱস্থা সিদ্ধি হ’ব । কিন্তু এতিয়ালৈকে হোৱা নাই। ছাত্র -ছাত্ৰী বহুত অসুবিধাৰ সন্মুখীন হৈছে।


- ৰোশনী হক
অমৃত যুৱ সাংবাদিক গোট

বৰষুণৰ বাবে ছাত্ৰ- ছাত্ৰীয়ে জীয়াতু ভুগিছে

কামৰূপ জিলাৰ শুৱালকুছি উন্নয়ন খণ্ডৰ অন্তৰ্গত এখন প্ৰাথমিক বিদ্যালয় ,নাম শুৱালকুছি বালক মজলীয়া বিদ্যালয়। এজাক বৰষুণ দিলেই বিদ্যালয়খনৰ চোতালত পানী জমা হয় আৰু এক অপ্ৰীতিকৰ অৱস্থাৰ সৃষ্টি কৰে । ইয়াৰ মূলতেই হ’ল সু- পৰিকল্পিত নলা- নৰ্দমাৰ অভাৱ। পানী ওলাই যাব নোৱাৰি আবদ্ধ হৈ থাকে, আকৌ কেতিয়াবা পানী শ্ৰেণীকোঠালৈও বৈ যোৱা দেখা যায় । ইয়াৰ বাবে ছাত্ৰ- ছাত্ৰীৰ লগতে শিক্ষকসকলৰো নানা সমস্যা হয়। এই সন্দৰ্ভত মৃণাল বৈশ্যই কয় যে," ছাত্ৰ -ছাত্ৰী সকলৰ বহুত অসুবিধা হৈ আছে। গতিকে সোনকালে চৰকাৰে ইয়াৰ ব্যৱস্থা ল’ব লাগে । নহ’লে বহুত অসুবিধা হয়।"


- বিশাল বৈশ্য

হাতিআলি চাহ বাগিচা বিদ্যালয়ৰ শিশুৰ সমস্যা

ডিব্ৰুগড় জিলাৰ পানীতোলা উন্নয়ন খন্ডৰ অন্তৰ্গত হাতিআলি চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ত শিশু সংসদ গঠন কৰা হয়। শিশু সংসদ গঠন কৰাৰ দ্বিতীয় দিনা শিশুসকলে সন্মুখীন হোৱা কিছুমান সমস্যাৰ বিষয়ে আমাক জনায়। সমস্যাসমূহ হ’ল -
১/ স্কুললৈ অহা ৰাস্তা ভাল নহয়
২/ শিক্ষক কম
৩/ ঘৰৰ ওচৰৰ মানুহবোৰে মদ খাই কাজিয়া কৰে ,পঢ়াত অসুবিধা হয়।
৪/ শিশুসকলে কম বয়সতে স্কুল এৰি কাম কৰিবলৈ ধৰিছে।

এই সন্দৰ্ভত বিদ্যালয়ৰ এগৰাকী ছাত্রী নিকিতা নায়কে কয় যে - আমাৰ এই সমস্যাবোৰৰ কাৰণে আমাৰ সকলোৰে অসুবিধা হয়। কিন্ত আমি একো কৰিব নোৱাৰো যিহেতু আমি সৰু ল’ৰা-ছোৱালী।
আমাৰ যুৱ সাংবাদিকে এই বিষয়লৈ শিশুসকলক বুজায় যে আমি এনে বোৰ সমস্যা লগ হৈ সমাধান কৰিব লাগিব সেইবাবে আমাৰ এই শিশু সংসদ গঠন কৰা হৈছে।


- পিংকি খাতুন।
উন্নতি যুৱ সাংবাদিক গোট

Copyright © 2019 UNICEF Assam

Address: Bylane Number 2, Rani Bagan, Guwahati, Assam 781038

Facebook Twitter
Image Image