Image

 যুৱ সাংবাদিকৰ বাতৰিকাকত

সম্পাদকীয়

প্ৰিয় সতীৰ্থসকল,
     তোমালোক আটাইকে শাৰদীয় সম্ভাষণ জনালোঁ। শৰতৰ প্ৰতিপাহ শেৱালী আৰু প্ৰতিটোপাল নিয়ৰৰ সুন্দৰ যুগলবন্দীৰ নিচিনাই হঁওক প্ৰতিটো শিশু আৰু তাৰ শৈশৱ ।আমাৰ কণ্ঠস্বৰৰ মঞ্চ "মুক্ত আকাশ"ৰ এইবাৰৰ সংখ্যাটিত বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি ভালেমান বাতৰিৰ লগতে কবিতা,ছবি আৰু ফটোগ্ৰাফ প্ৰকাশিত হৈছে। তাৰবাবে সকলোকে অভিনন্দন জনালোঁ। সমাজখনক সলনি কৰাৰ আমাৰ এই নিষ্ঠা আৰু প্ৰচেষ্টা অটুত থাকক, তাৰেই কামনাৰে এইবাৰলৈ সামৰিছোঁ, ধন্যবাদ।

স্বাস্থ্য আৰু পৰিপুষ্টি দিৱস উদযাপন

Image

ডিব্ৰুগড় জিলাৰ লাহোৱাল উন্নয়ন খণ্ডৰ অন্তৰ্গত নিজ মৈদুমীয়া গাঁৱৰ ১ নং অংগনৱাড়ী কেন্দ্ৰত যোৱা ১৬/১০/১৯ তাৰিখে স্বাস্থ্য আৰু পৰিপুষ্টিৰ ওপৰত এখন সভা অনুষ্ঠিত হয় । উক্ত সভাত উপস্থিত থাকে লাহোৱাল স্বাস্থ্য কেন্দ্ৰৰ কৰ্মী শ্রী মাণিক গগৈ, ANM অনিমা গগৈ, নিজ মৈদুমীয়া গাঁৱৰ VHSNC কমিটীৰ সদস্যসকল, ৱাৰ্ড কমিছনাৰৰ লগতে নিজ মৈদুমীয়া গাঁৱৰ এল পি স্কুলৰ প্ৰধান শিক্ষক পীতাম্বৰ হাজৰিকা ।এই সভাত স্বাস্থ্য কৰ্মী মাণিক গগৈয়ে মেলেৰিয়া আৰু ডেংগু ৰোগৰ বিষয়ে বক্তব্য দাঙি ধৰে । ইয়াত উপস্থিত থকা গৰ্ভৱতী, প্ৰসূতি আৰু কিশোৰীসকলক চাফ-চিকুণকৈ থাকিবলৈ কয় ৱাৰ্ড কমিছনাৰ ধীৰেন গগৈয়ে, কাৰণ ভাল স্বাস্থ্য হ’বলৈ আমাক চাফ-চিকুণকৈ থকা অতি প্ৰয়োজন । ANM অনিমা গগৈয়ে টিকাকৰণ শিশু আৰু গৰ্ভৱতী মহিলাক কিয় কৰা হয় এই বিষয়ে বুজাই দিয়ে ।আশা কৰ্মী জুৰিমা বাইদেৱে গৰ্ভৱতী প্ৰসূতি মাতৃসকলক পুষ্টিকৰ খাদ্য খাবলৈ কয় আৰু কিশোৰীসকলক আইৰন টেবলেট কিয় খাবলৈ লাগে বুজাই দিয়ে ।আজি এই সভাত উপস্থিত এগৰাকী প্ৰসূতি মহিলাক সোধাত কয় যে সভাখনৰ পৰা বহু নজনা বিষয় জানিব পাৰিলো স্বাস্থ্য সম্পৰ্কে। এনেকুৱা সভাত আমি সকলোৱে উপস্থিত থকা অতি প্ৰয়োজন।


- সুৰভি যুৱ সাংবাদিক গোট

অংগনৱাড়ী কেন্দ্রসমূহত শৌচালয়ৰ ওপৰত সমীক্ষা

ডিব্ৰুগড় জিলাৰ পানীতোলা উন্নয়ন খণ্ডৰ অন্তৰ্গত শিয়ালকাটি, হাতিআলি, নাহৰতলি আৰু ডিকমত স্বাস্থ্যৰ লগত সংগতি ৰাখি এক সমীক্ষা চলোৱা হয়। উক্ত সমীক্ষাৰ তথ্যসমূহ উল্লেখ কৰা হ’ল-
১। হাতিআলি ২৬ নং অংগনৱাড়ী কেন্দ্র। শিশুৰ সংখ্যা ৩৭
২। শিয়ালকাটি ২ নং অংগনৱাড়ী কেন্দ্ৰ। শিশু ৩৫ জন।
৩। নাহৰতলি ১ নং কেন্দ্ৰ। শিশু ৩৯।
৪। নাহৰতলি ২ নং কেন্দ্ৰ। শিশু ২৮ জন।
৫। নাহৰতলি ৩ নং কেন্দ্ৰ। শিশু ৪৫ জন।
৬। ডিকম ২ নং কেন্দ্ৰ। শিশু ৪৬ জন।
এক সুস্থ পৰিৱেশতহে শিশুৰ বিকাশ হয়। কিন্তু এই কেন্দ্ৰসমূহত সমীক্ষা চলোৱাৰ পিছত গম পোৱা গ’ল যে সকলোবোৰ কেন্দ্ৰতে শৌচালয় নাই। আৰু যি দুখনত আছে শিশুৰ ব্যৱহাৰৰ উপযোগী নহয়। পানীৰ ফিল্টাৰ নাই। ওচৰৰ কাৰোবাৰ ঘৰৰ পৰা পানীৰ যোগান ধৰা হয়। আনকি টিউবৱেল নাই, যদিও আছে বেয়া হৈ আছে।
শিশুসকলে যদি মুকলিত শৌচ কৰে কিমান ধৰণৰ বীজাণু বিয়পিব তাৰ ফলত শিশুৰ লগতে ওচৰৰ মানুহখিনিৰো বেমাৰ হ’ব। টিউবৱেল নথকাৰ ফলত পানী বেলেগৰ পৰা আনিব লগা হয়। পানী ফিল্টাৰ কৰি খাব পৰা ব্যৱস্থা নাই। পানীত কিমান ধৰণৰ বীজাণু থাকে। এগৰাকী মাতৃ ৰূপা ভূমিজক সোধাত কয় যে, “আমাৰ কেন্দ্ৰৰ বাইদেউসকলে যিমান পাৰে আমাৰ শিশুকেইটাক পৰিষ্কাৰ পৰিৱেশত ৰাখে, কিন্তু আমাৰ কেন্দ্ৰসমূহত শৌচালয়ৰ অভাৱটো সোনকালে পূৰণ কৰিব লাগে। বেয়া হৈ থকা শৌচালয়ৰ পৰাও মানুহৰ বেমাৰ হ’ব পাৰে।’’ এগৰাকী কেন্দ্ৰৰ শিশু খুচীক সোধাত কয় যে “খোৱাৰ আগত সদায় আমাক বাইদেৱে চাবোনেৰে হাত ধুৱায় আৰু য’তে-ত’তে প্ৰস্ৰাৱ কৰিবলৈ নিদিয়ে।” এগৰাকী কৰ্মী মঞ্জু নায়কে কয় যে পানীৰ অসুবিধা আৰু শৌচালয় নথকাৰ ফলত কণ কণ শিশুসকল বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ’ব লগা হয়।
আমাৰ ন-জোন যুৱ সাংবাদিক গোটৰ ফালৰ পৰা এটাই অনুৰোধ- শিশুসকলৰ স্বাস্থ্যৰ প্ৰতি যাতে লক্ষ্য ৰাখি বিভাগীয় কৰ্তৃপক্ষেই অতি সোনকালে কিবা পদক্ষেপ হাতত লয় যেন।


- ন-জোন যুৱ সাংবাদিক গোট

বৰষুণ দিলেই ৰাস্তাৰ বিলৈ

কামৰূপ জিলাৰ ৰামপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ফুটুৰী গাঁৱৰ পৰা মথাউৰিলৈ যোৱা ৰাস্তাটোৰ অৱস্থা অতি শোচনীয়। প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ বাবে অলপ বৰষুণ দিলে পানী জমা হয়। এই ৰাস্তাৰে হেজাৰ হেজাৰ মানুহ অহা-যোৱা কৰে। এই ৰাস্তাটো পকী নকৰা বাবে অলপ বৰষুণ হ’লে গাড়ী-চাইকেল দূৰৰে কথা, খোজ কাঢ়ি অহা-যোৱা কৰিবলৈও বহু কষ্ট হয়। এই বিষয়ে আফ্ৰিজুল আহমেদে কয় যে ৰাস্তাটো পকী নকৰা বাবে বৰষুণৰ বতৰত বিদ্যালয়লৈ অহা-যোৱা কৰিবলৈ অসুবিধা হয়। এই বিষয়ে ৰুণমণি বেগমে কয় যে পকী নকৰা বাবে চাইকেল, গাড়ী-মটৰ আদি অহা-যোৱা কৰিবলৈ অসুবিধা হয়। এই বিষয়ে আৰু আজাহাৰ আলীয়ে কয় যে যদি কেতিয়াবা কাৰোবাৰ বেমাৰ হয় আকস্মিকভাৱে চিকিৎসালয়লৈ যোৱাৰ বাবে অসুবিধা হয়, যিহেতু ৰাস্তাটো পকী কৰা নাই। গতিকে, যদি এই ৰাস্তাৰ পকীকৰণ কাৰ্য সমাধান হয় তেন্তে অহা-যোৱা বা যাতায়াত ব্যৱস্থাটো সুচল হ’ব আৰু বহু সুবিধা হ’ব।

- নীল আকাশ 'যুৱ সাংবাদিক গোট
ম: আচিক আহমেদ (১১ বছৰ)

আইৰন টেবলেটৰ প্ৰয়োজনীয়তা

ডিব্ৰুগড় জিলাৰ পানীতোলা উন্নয়ন খণ্ডৰ অন্তৰ্গত চাবুৱা চাহ বাগিচাৰ (টাটা গেট) অৱস্থিত ৬ নং লাইনৰ ২ নং অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মীৰ লগত আইৰন টেবলেটৰ প্ৰয়োজনীয়তাৰ বিষয়ে সাক্ষ্যৎকাৰ লোৱা হয়। কেন্দ্ৰৰ কৰ্মী জ্ঞানী কোঁৱৰ তাঁতী বাইদেউক সোধাত কয় যে তেওঁলোকৰ কিশোৰীৰ সংখ্যা ৭২ জনী আৰু প্ৰসূতি মাতৃৰ সংখ্যা ১২ গৰাকী। তেওঁ কয় যে আইৰন টেবলেট প্ৰতি সপ্তাহত ৬টাকৈ এগৰাকী কিশোৰীক দিয়া হয়। আইৰন টেবলেট নাখালে বহুত ধৰণৰ বেমাৰ-আজাৰ হ’ব পাৰে। আইৰন টেবলেটে মানুহৰ শৰীৰত আইৰনৰ পৰিমাণটো কমিবলৈ নিদিয়ে।
এই সন্দৰ্ভত এগৰাকী কিশোৰী মেহেন্দী তাঁতীক সোধাত তাই কয় যে আগতে মাহেকীয়া সময়মতে হোৱা নাছিল আৰু বহুত দুৰ্বল অনুভৱ কৰিছিলো। কিন্তু আইৰন টেবলেট খোৱাৰ পিছৰ পৰা সময়মতে মাহেকীয়া হয় আৰু দুৰ্বলতাও কম হ’ল। আইৰন টেবলেটে ৰক্তহীনতা ৰোগৰ পৰা ৰক্ষা কৰে।

- বিনীতা পাতৰ
ন-জোন যুৱ সাংবাদিক গোট

সাংবাদিকতা এক সেৱা - মহাত্মা গান্ধী

Image

আকাশ

আকাশখন ইমান সুবিশাল
লাগে বৰ ভাল
জোন, বেলি, তৰা আদি
একোটা পৰিয়াল
ৰাতি আকাশখন চন্দ্ৰৰ বাবে
হৈ থাকে ৰূপহী ৰঙৰ
দিনত কিন্তু সূর্য হাকিম
কৰে পৃথিৱী উজ্জ্বল
আঠোটা গ্ৰহ আৰু সূর্য মিলি
কৰে আকাশ মনোমোহা
আৰু সিঁহতৰ লগত থাকে
অসংখ্য সৰু তৰা।

- গীতাঞ্জলি বৰাইক
বৰ্হমথুৰি যুৱ সাংবাদিক গোট

নিয়ৰ

নিয়ৰ সৰে ৰাতিপুৱা
নিয়ৰ সৰে ৰাতি
দিনত যায় আকাশলৈ
পঢ়িবলৈ বুলি
নিয়ৰবোৰে লয় চাগে
ৰঙা-নীলা ছাতি
আহিন মাহত দূবৰি বন
থাকে নিয়ৰত তিতি
কাতি মাহত আকাশ বন্তি
জ্বলে শাৰী শাৰী
আঘোণ মাহত সোণালী
ধান থাকে পথাৰ ভৰি
সন্ধিয়া পৰত থাকে জিলিকি।

- গৰিমা সন্দিকৈ
মৰমী যুৱ সাংবাদিক গোট

Image
Image

ফুল

ভাল লাগে ফুল মোৰ
বাৰে বৰণীয়া
ভাল লাগে ফুল মোৰ
গোন্ধত আমোল-মোল
ভাল লাগে ফুল মোৰ
ভাল লগে ফুল মোৰ
পখিলাই ফুলৰ ৰস চোহা দেখি।

- জ্যোতিস্মৃতা বৰুৱা
মৰমী যুৱ সাংবাদিক গোট

অঙ্গনৱাড়ী কেন্দ্ৰ

অঙ্গনৱাড়ী কেন্দ্ৰ
এটা অনুষ্ঠান
যিয়ে দিয়ে সকলো শিশুক জ্ঞান

অঙ্গনৱাড়ী কেন্দ্ৰ
এনে এক অংশ
যিয়ে দিয়ে সকলো শিশুক
পুষ্টিকৰ খাদ্য।

অঙ্গনৱাড়ী কেন্দ্ৰ এখন
চিকিৎসালয় সদৃশ প্ৰতিষ্ঠান
যিয়ে দিয়ে কিশোৰী,
প্ৰসূতি আৰু মাতৃসকলক
আইৰন আৰু ফলিক এচিড
আৰু বিভিন্ন বিষয়ৰ সজাগতা।

অঙ্গনৱাড়ী কেন্দ্ৰ তুমিয়ে
হ’লা আমাৰ দেশৰ
উন্নয়নৰ আহিলা ।
তোমাৰ অবিহনে অচল
শিশুৰ বিকাশৰ আৰম্ভণিছোৱা ।

- লক্ষ্যজ্যোতি মাউত
মৌকুঁহি যুৱ সাংবাদিক গোট

Image

শুৱালকুছিৰ মহিলাৰ দ্বাৰা প্ৰচলিত আত্মসহায়ক গোটৰ এক আকৰ্ষণীয় পদক্ষেপ

কামৰূপ জিলাৰ শুৱালকুছি উন্নয়ন খণ্ডৰ অন্তর্গত ন-তোল অঞ্চলৰ মূল পথৰ নৈপৰীয়া অংশত থকা বিবাহ-যাত্ৰী জিৰণি চ’ৰাটো পৰিণত হৈছে মদ-জুৱাৰ আড্ডাত। এই বিষয়ে আগতে বিতংকৈ জনোৱা হৈছে যদিও বৰ্তমান ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে ওচৰতে অৱস্থিত উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত। শুৱালকুছিৰ একমাত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ ছুটী দিবলৈ নৌহওঁতেই ওচৰৰ মানুহবিলাক উপস্থিত হয় জুৱা খেলিবৰ বাবে। এই কাৰুকাৰ্য দেখি বিদ্যালয়খনৰ ছাত্ৰবোৰ লাহে লাহে বেয়াৰ ভালে ঢাল খাবলৈ ধৰিছে। এই সন্দৰ্ভত যুৱ সাংবাদিক সাগৰ কলিতাই কয় যে "মদ-জুৱাৰ আড্ডাৰ বাবে ছাত্র-ছাত্ৰীৰ লগতে অঞ্চলটোৰ শিশুসকলৰ মনতো বিৰূপ প্ৰভাৱ পৰিছে। গধূলি হোৱাৰ লগে লগে বিভিন্ন লোকৰ আগমন ঘটে আৰু এক নঞৰ্থক পৰিৱেশৰ সৃষ্টি হয় । শুৱালকুছিৰ দহটা মহিলা আত্মসহায়ক গোটৰ দ্বাৰা গঠিত 'দশাৱতাৰ গাঁও সংগঠনে' পুলিচক খবৰ দিয়ে। শুৱালকুছিৰ আত্মসহায়ক গোটৰ এই আকৰ্ষণীয় পদক্ষেপ দেখি বাৰুকৈয়ে আনন্দিত হৈছোঁ। আশা কৰিম অতিশীঘ্ৰে এই বিদ্যালয়খনৰ পৰিৱেশ অন্য বিদ্যালয়ৰ দৰে সুস্থ হৈ উঠিব।"


- শ্ৰী নিপুমণি কলিতা

শিশুৰ খোৱাপানী : এক সমীক্ষা

আজিৰ শিশু কাইলৈৰ ভৱিষ্যৎ। কিয়নো সেই শিশুৰ সকলোৱেই কাইলৈ দেশৰ হকে কাম কৰি দেশখনক প্ৰগতিৰ দিশত ধাৱমান কৰিব। আমাৰ মৌলিক প্ৰয়োজনসমূহৰ ভিতৰত পানী হৈছে অন্যতম আৰু অপৰিহাৰ্য । আমি জানো যে অপৰিষ্কাৰ পানীৰ ব্যৱহাৰৰ ফলত শিশুসকলৰ দেহত নানা ধৰণৰ বেমাৰ-আজাৰে দেখা দিয়ে। যাৰ ফলত শিশুসকল শাৰীৰিক আৰু মানসিকভাৱে বাধাগ্ৰস্ত হ’ব। কিয়নো এটি সুস্থ শৰীৰতহে সুস্থ-সবল মনৰ বিকাশ হয়। সেয়েহে বেমাৰ-আজাৰৰ পৰা হাত সাৰিবলৈ বিশুদ্ধ পানীখোৱাতো অত্যন্তই প্ৰয়োজনীয়। বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ ফলত আমি জানিব পাৰিছো প্ৰদূষিত পানী সেৱন কৰাৰ ফলত আমাৰ দেহত ৩০টাতকৈও অধিক বেমাৰে দেখা দিয়ে। সেয়েহে এই বেমাৰসমূহৰ পৰা শিশুসকলক বচাই ৰাখিবলৈ বিশুদ্ধ খোৱাপানীৰ ব্যৱহাৰ অত্যন্তই প্ৰয়োজনীয়। সেয়েহে কামৰূপ জিলাৰ শুৱালকুছি উন্নয়ন খণ্ডৰ অন্তৰ্গত কলিতা মন্দিৰ, ন-সত্ৰ, দক্ষিণ জানৰপাৰ, জানৰপাৰ, ন-তোল, মাজ তোল আৰু গোল্ডেনত বিশুদ্ধ খোৱাপানীৰ ব্যৱহাৰৰ ওপৰত এক চমু সমীক্ষা কৰা হয়। এই সমীক্ষাৰ যোগেৰে সকলো মানুহেই হেণ্ডপাম্প পানীৰ উৎস হিচাপে ব্যৱহাৰ কৰে, লগতে কিছুসংখ্যকৰ কুঁৱা দেখিবলৈ পোৱা গৈছে। পানীৰ উৎস হিচাপে হেন্ডপাম্প ব্যৱহাৰ কৰা ব্যক্তি কুসুম মহন্তই কয় যে "দেখাত বা সোৱাদত পানীবোৰ বেছ ভাল । আমাৰ ল’ৰা-ছোৱালীয়ে এই পানীয়েই খায়। বৰ এটা বেমাৰ হোৱা দেখা নাযায়।"


- শ্ৰী নিপুমণি কলিতা

অভাৱেৰে জৰাজীৰ্ণ ফুটুৰী মধ্য ইংৰাজী বিদ্যালয়

কামৰূপ জিলাৰ ৰামপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ফুটুৰী গাঁৱৰ ফুটুৰী মধ্য ইংৰাজী বিদ্যালয় বহুতো অভাৱেৰে পৰিপূৰ্ণ।এই অভাৱৰ ফলত বিদ্যালয়ৰ ছাত্র-ছাত্ৰী তথা শিক্ষক সকলোৱে বহুত সমস্যাত ভুগি আছে ।এইখন বিদ্যালয়ত চাৰিওফালৰ সীমাৰ বেৰাবোৰ বৰ বেয়া ।বেৰাবোৰৰ মাজে মাজে ভাগি যোৱা বাবে কেতিয়াবা সেই ভাগি যোৱা ঠাইডোখৰেৰে গৰু-ছাগলী বিদ্যালয়লৈ সোমাই আহে।এই বিষয়ে এইখন বিদ্যালয়ৰ এজন ছাত্ৰই কয় যে আমাৰ বিদ্যালয়খনত বিশুদ্ধ খোৱাপানীৰ অভাৱ আৰু বিজুলীবাতিৰো অভাৱ ।
এই বিষয়ে এইখন বিদ্যালয়ৰে আৰু কেইজনমান ছাত্রীয়ে কয় যে আমাৰ বিদ্যালয়খনৰ শৌচালয়ৰ ব্যৱস্থা বেয়া।
গতিকে আমাৰ বিদ্যালয়খনৰ যদি এই সমস্যা সমাধান হয়, তেন্তে শিক্ষাৰ মানো উন্নত হ’ব আৰু বহুত সুবিধা হ’ব।


- নীল আকাশ যুৱ সাংবাদিক গোট
ম: আসিক আহমেদ

মাতৃৰ গৰ্ভত থকাৰ পৰাই শিশুৰ যত্ন ল’ব লাগে

ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত লেপেটকটা নিহাজান গাঁৱত থকা অঙ্গনৱাড়ী কেন্দ্ৰত যোৱা ১৯/১০/২০১৯ তাৰিখে early childhood care and education অনুষ্ঠিত হৈ যায়।এই অনুষ্ঠানত গাঁৱৰ মাতৃ, মহিলাসকলক অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি শিশুৰ যত্ন, খোৱা-লোৱা, শিক্ষা সম্পৰ্কে আলোচনা হয়। কেন্দ্ৰৰ কৰ্মী সুনীতা ঘাটোৱাৰে কয়- "প্ৰতি মাহৰ ১৯ তাৰিখে এই দিৱস পালন কৰি শিশুৰ প্ৰাক্-শৈশৱৰ যত্ন আৰু শিক্ষাৰ ওপৰত কেন্দ্ৰত আমি শিশুসকলক কেনে ধৰণে শিক্ষা দিওঁ- যোৱাৰ সময়ত চাফ-চিকুণ কৰি লওঁ, ওজন কৰাই ওজন বৃদ্ধি তালিকাত ভৰাই শিশুৰ দেহ ভালে আছেনে, নাচ-গান, গল্প সকলো প্ৰকাৰে শিশুসকলক উপকৃত কৰি অহা হৈছে।
স্বাস্থ সেৱিকা সৰজু খনিকৰে এই সম্পৰ্কে মাতৃ আৰু মহিলাসকলক দিহা-পৰামৰ্শ দিয়ে । শিশুক অকল শিক্ষা দিলে নহ’ব, খোৱা-লোৱাৰ ওপৰতো সমানে গুৰুত্ব দিব লাগিব। আমি যদি শিশু এটাৰ জন্মৰ আগৰে পৰা বা মাকৰ গৰ্ভত থকাৰ পৰাই তাৰ প্ৰতি যত্ন ল’ব লাগে, গৰ্ভৱতী মহিলাগৰাকীয়ে সদায় নিজৰ লগতে গৰ্ভত থকা সন্তানটোৰ কথাত গুৰুত্ব দিব লাগে। জন্মৰ পাছৰ পৰা দুগ্ধপান কোনো কৃপণালি নকৰাকৈ কৰোৱাব লাগে, লগতে খোৱাৰ ক্ষেত্ৰত অংগনৱাড়ী কেন্দ্ৰৰ পৰা সেৱাসমূহ গ্ৰহণ কৰিব লাগে, কেৱল মাকৰ গাখীৰ ৬ মাহলৈকে খুৱাব লাগে ।৬ মাহৰ পাছত কোমল অহাৰ খুৱাব লাগে, শিশুৰ যি টিকাকৰণ প্রক্ৰিয়া সময়মতে হ’ব লাগে।
মাতৃ ৰূপালী মীৰাই কয় যে "মোৰ নিজৰ ল’ৰা এই কেন্দ্ৰলৈ আহে। যেতিয়াৰ পৰাই কেন্দ্রলৈ পঠিয়াইছোঁ আমাৰ শিশু আগতকৈ বহুত উপকৃত হৈছে। কেন্দ্রৰ শিশুসকল ইমান কম বয়সতে স্কুললৈ আহি সকলো দিশৰ পৰা উপকৃত হোৱাৰ লগতে সুবিধা হৈছে।


- কুঁহিপাত যুৱ সাংবাদিক গোট

Copyright © 2019 UNICEF Assam

Address: Bylane Number 2, Rani Bagan, Guwahati, Assam 781038

Facebook Twitter
Image Image