Image

সম্পাদকীয়

মৰমৰ
বন্ধু বান্ধৱী সকল,

আশা কৰো তোমালোক সকলো ভালে আছা। মুক্ত আকাশৰ লগত জড়িত সকলোলৈকে আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদৰ লগতে নমস্কাৰ জনাইছোঁ।

আমাৰ দেশৰ হাজাৰ হাজাৰ শিশু পুষ্টি হীনতাত ভূগি মৃত্যুৰ মুখত পৰে। সৰু কালতেই শিশুক প্ৰয়োজনীয় পুষ্টিকৰ অহাৰ যোগান ধৰিব নোৱাৰিলে আৰু সৰু কালতেই শিশুক সময় মতে বিভিন্ন ধৰণৰ প্ৰতিষেধক সমূহ প্ৰদান নকৰিলে শিশুৱে পুষ্টিহীনতাৰ লগতে পয়ালগা ইত্যাদি ৰোগত আক্ৰান্ত হোৱা দেখা যায়। বৰ্তমান চৰকাৰে শিশুক সুস্থ কৰি ৰখাৰ বাবে বিভিন্ন আঁচনি হাতত লৈছে। প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰৰ যোগেদি শিশুক টিকাকৰণৰ ব্যৱ্স্থাৰো নিশ্চিত কৰিছে। লক্ষ্য-লক্ষ্য অংগনবাদী কেন্দ্ৰৰ যোগেদি শিশুক পুষ্টিকৰ অহাৰ যোগান ধৰিছে। জনজাগৰণ আৰু আৰু সচেতনতাই চৰকাৰক এই আঁচনি সমূহ অধিক প্ৰভাৱাম্বিত কৰিছে।

আশা কৰো সকলো সুস্থ-সবল হৈ থাকিব। পুনৰবাৰ সকলোলৈকে মৰম আৰু ধন্যবাদ জনালো।

নাম- স্বাগতা শইকীয়া
জিলা- মাজুলী।

মেদবহুলতাৰ গৰাহঁত আজিৰ শিশু


আজিৰ শিশু দেশৰ ভৱিষ্যত নাগৰিক। সেয়ে সকলোৱে বিচাৰে দেশৰ শিশু সকল সুস্বাস্থ্যৰ গৰাকী হোৱাটো। প্ৰতিজন পিতৃ মাতৃৰ কাম্য হয় যে তেওঁলোকৰ সন্তানটি সুস্থ সবল হৈ সম্পদ হিচাপে গঢ় লৈ উঠাটো। কিন্তু সাম্প্ৰতিক সময়ত শিশু সকলৰ স্বাস্থ্য ৰ প্ৰতি বহু ভাবুকি অহা দেখা যায়। এই ভাবুকি সমূহৰ ভিতৰত মেদবহুলতা অন্যতম। আমাৰ দেশৰ শিশু সকল দ্ৰুতগতিত মেদবহুলতাৰ সমস্যাত ভোগা দেখা গৈছে।

মেদবহুলতা মানে হৈছে শৰীৰত অতিৰিক্ত চৰ্বি জমা হোৱা। এই অতিৰিক্ত চৰ্বি জমা হোৱাৰ ফলত শিশু সকলৰ ওজন জোখতকৈ অধিক বৃদ্ধি হোৱা দেখা গৈছে। এক সমীক্ষা মতে জানিব পোৱা গৈছে যে এজন শিশুৰ উচ্চতাৰ শিশুতকৈ ২০শতাংশ বেছি শৰীৰৰ ওজন বা ল’ৰাৰ ২৫ শতাংশ আৰু ছোৱালীৰ ক্ষেত্ৰত ৩২ শতাংশ অতিৰিক্ত চৰ্বি জমা হলেই শিশুসকল মেদবহুলতাত ভুগিছে বুলি ধৰা হয়।

মেদবহুলতাৰ কাৰণ বহুত আছে। তাৰে কিছুমান প্ৰাকৃতিক আৰু কিছুমান নিজেই সৃষ্টি কৰা। যি শিশুৱে লগাত কৈ বেছিকৈ কেলৰি যুক্ত খাদ্য গ্ৰহণ কৰে তেন্তে শিশুৰ সহজে ওজন বৃদ্ধি হয়। মেদবহুলতা কাৰণ বংশগত হোৱাও দেখা যায়। পিতৃ মাতৃৰ বা আন পৰিয়ালৰ লোক যদি মেদবহুলতাৰ ভোগা হয় তেন্তে শিশুটিও এই সমস্যাত ভোগা দেখা যায়।

বৰ্তমান সময়ত শিশু সকলে পুষ্টিকৰ খাদ্য অৰ্থাৎ ফল-মূল, সেউজীয়া শাক-পাচলি এইসমূহ গ্রহণ নকৰি বিভিন্ন ফাষ্টফুডৰ প্ৰতি বেছি আকৰ্ষিত হোৱাৰ ফলত দেহত চৰ্বী অধিক পৰিমাণে বৃদ্ধি পাইছে। কাৰণ ফাষ্টফুড জাতীয় খাদ্যত উচ্চ মানৰ চৰ্বি মজুত থাকে। শিশু সকলৰ মাজত ফাষ্টফুডৰ অধিক জনপ্ৰিয়তাই শিশু সকল দ্ৰুত গতিত মেদবহুলতাত ভুগিব লগা হৈছে।

আন এটি প্ৰধান কাৰণ হৈছে পৰিশ্ৰম বিহীন জীৱন যাপন কৰা। বৰ্তমান শিশু সকলে কোনো ঘৰুৱা কৰ্ম কৰা পৰিলক্ষিত নহয়। কেৱল মোবাইল, লেপটপ, ভিডিও গেম আদিৰ মাজতে সময় কটোৱা দেখা যায়। ইয়াৰ বাবে শিশু সকলৰ শৰীৰত চৰ্বি খিনি কমিবলৈ কোনো সুবিধা নাপাই। শিশু সকলে বিভিন্ন শৰীৰ চৰ্চা নকৰে। বিভিন্ন খেল-ধেমালি যেনে- দৌৰ, কাবাদী, আদি খেল সমূহ খেলা দেখা নাযায় কেৱল ভিডিও গেমৰ মাজতে আবদ্ধ হৈ থকাৰ ফলত শৰীৰ সঞ্চালন হ’বলৈ নাপাই মেদবহুলতাত ভোগা দেখা গৈছে।

এই ক্ষেত্ৰত অভিভাৱক সকলেও কিছুমান পদক্ষেপ লোৱা উচিত তেওঁলোকৰ শিশু সকলৰ সুস্বাস্থ্যৰ বাবে। শিশু সকলক ফাষ্টফুড জাতীয় খাদ্য খোৱাৰ পৰা অব্যাহত ৰখাৰ চেষ্ঠা কৰিব লাগে, বিভিন্ন খেল-ধেমালি খেলাত উৎসাহ জনাব লাগে, এনে কৰিলে শিশু সকল মেদবহুলতাৰ সমস্যাৰ পৰা মুক্ত হব পাৰিব। এজন সুস্থ সবল শিশু গঢ় দিয়াত আমি সকলোৱে অৰিহণা যোগাও আহক।


নাম- বিদিশা শইকীয়া
জিলা- মাজুলী

সাংবাদিকতা এক সেৱা - মহাত্মা গান্ধী

Image

পোষণ মাহ উপলক্ষে ডিব্ৰুগড়ৰ এটি অংগনবাদী কেন্দ্ৰৰ দুখন স্থিৰ চিত্ৰ প্ৰেৰণ কৰিছে ডিব্ৰুগড়ৰ যুৱ সাংবাদিক হৰ্ষিতা চক্ৰৱৰ্তীয়ে।


Image
Image
Image
Image

পোষণ মাহ উপলক্ষে ডিব্ৰুগড়ৰ এটি অংগনবাদী কেন্দ্ৰৰ দুখন স্থিৰ চিত্ৰ প্ৰেৰণ কৰিছে ডিব্ৰুগড়ৰ যুৱ সাংবাদিক ৰুয়ুম পেগু।


Image

শিৱসাগৰ জিলাৰ দৰিকা পাৰ হাতীমূৰীয়া গাঁৱত যুৱ সাংবাদিক পাৰ্চী গগৈ আৰু অংগনবাদী কেন্দ্ৰৰ কৰ্মীৰ সহযোগত পুষ্টিকৰ খাদ্যৰ ওপৰত গাঁৱৰ ৰাইজৰ লগতে বিশেষ কৈ শিশু সকলৰ মাতৃ সকলক ফটো আৰু ভিডিঅ'ৰ জৰিয়তে অনলাইনযোগে কিছু কথা জনাবলৈ চেষ্টা কৰা হয়।


Image

মাজুলীস্থিত কমলাবাৰী CHC ত গ্ৰাম্য স্বাস্থ্য পোষণ দিৱস উদযাপন। ফটো সংগ্ৰহঃ স্বাগতা শইকীয়া


Image

উপৰোক্ত স্থিৰ চিত্ৰত অংগনবাদী কৰ্মীসকলে শিশুৰ ওজন লোৱাৰ লগতে ক’ভিডৰ বাবে ঘৰৰ পৰাই শিশু খাদ্য বিতৰণ কৰা পৰিলক্ষিত হৈছে।

নাম- ৰিমলী বৰা
জিলা- মাজুলী


Image

ধেমাজিৰ যুৱ সাংবাদিক বিতুপন হাজৰিকাই কন কন মইনা সকলৰ লগত পুষ্টি যুক্ত ফলমূলৰ পুলি ৰোপন কৰিছে।


Image

মহিলা সকলৰ শৰীৰত ৰক্তাল্পতা


Image

পোষণ মাহতেই ডিব্ৰুগড় নগৰৰ ১৮ নং ৱাৰ্ডত জৰীপ কৰাত দেখা পোৱা গৈছে যে সাধাৰণতে প্ৰায়ভাগ মহিলা তথা কিশোৰী ৰক্তাল্পতাত ভুগি আছে। প্ৰত্যেকৰে যিকোনো এটা অসুবিধা যেনে- মূৰ ঘূৰোৱা, বমি-বমি ভাব, অলস ভাব, অলস ভাব, খাবলৈ ইচ্ছা নোযোৱা, অমনোযোগিতা ইত্যাদি আছে। ৱাৰ্ডৰে এগৰাকী মহিলাক সোধাত তেখেতে কৈছে যে তেখেতে উপৰোক্ত অসুবিধা সমূহৰ ভুক্তভোগী হৈ থকাৰ বাবে স্থানীয় অসামৰিক চিকিৎসালয়ত দেখুওৱাৰ পিছত বৰ্তমান দৰৱ (আইৰণ বড়ি) সমূহ সেৱন কৰি লাহে লাহে অসুবিধা সমূহৰ পৰা আগতকৈ বহুখিনি আৰোগ্য লাভ কৰিছে। তেখেতে আৰু কয় যে আগতে এই বিষয়ে ভালদৰে জনা নাছিল কিন্তু চিকিৎসালয়ত দেখুওৱাৰ ফলত যথেষ্ট উপকৃত হৈছে আৰু আন মহিলা সকলকো স্বাস্থ্য বিষয়াৰ পৰা পৰামৰ্শ ল’বলৈ আহ্বান জনাইছে।


নাম- হৰ্ষিতা চক্ৰৱৰ্তী
জিলা- ডিব্ৰুগড়

তিনিচুকীয়া জিলাৰ ৰূপাই চাইডিঙত অপুষ্টিজনিত ৰোগ বৃদ্ধি


ৰূপাই চাইডিং, তিনিচুকীয়া, ৮ ছেপ্টেম্বৰ, ২০২১:- বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষত অপুষ্টি এটা ডাঙৰ সমস্যা। বিশেষকৈ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়াল সমূহত ই এক জলন্ত সমস্যা হিচাপে দেখা দিয়ে। আমাৰ অসমৰ তিনিচুকীয়া জিলাৰ অন্তৰ্গত চাহ নগৰী ডুমডুমাৰ সমীপৰ ৰূপাই চাইডিঙত বহুতো পৰিয়ালৰ শিশুসকলৰ মাজত অপুষ্টিজনিত ৰোগে দেখা দিছে। যোৱা কেইদিনমানত ৰূপাই চাইডিঙৰ দুটাকৈ শিশু এনে ধৰণৰ অপুষ্টিজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে।

স্থানীয় লোকসকলৰ পৰা জানিব পোৱা মতে ৰাসায়নিক ঔষধযুক্ত শাক-পাচলি সেৱন কৰাৰ ফলত এনে ধৰণৰ অপুষ্টিজনিত ৰোগত ভূগি থকা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। তদুপৰি আহাৰত পুষ্টিকৰ খাদ্যৰ অভাৱৰ কাৰণেও বহু লোক এনে ধৰণৰ ৰোগত ভূগিব লগীয়া হয়।

এনে ধৰণৰ অপুষ্টিজনিত ৰোগৰ পৰা ৰক্ষা পাবলৈ হ’লে জনসাধাৰণ সজাগ হ’ব লাগিব। খেতিয়ক সকলেও এই ক্ষেত্ৰত সজাগ হ’ব লাগিব। খেতিয়ক সকলেও এইক্ষেত্ৰত সজাগ হ’ব লাগিব। তেওঁলোকে খেতিৰ বাবে ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰি জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগিব। চৰকাৰে এইক্ষেত্ৰত বহুতো পদক্ষেপ লৈছে যদিও আৰু অধিক কঠোৰ আৰু সজাগ হোৱা উচিত।


নাম- প্ৰিয়াক্ষী মৰাণ
জিলা- তিনিচুকীয়া

কাকপথাৰত পুষ্টিহীনতাত ভোগা শিশুৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি


কাকপথাৰ, শোভাসনা দত্ত, ৬ ছেপ্টেম্বৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলত বিগত কিছুমাহ ধৰি সুষম খাদ্যৰ অভাৱত বহুতো শিশু পুষ্টিহীনতাত ভোগা দেখা গৈছে। এনে শিশু খাদ্যপ্ৰাণ, প্ৰটিন আদিৰ অভাৱত হাড় ঠুনুকা হোৱা, দৃষ্টিশক্তি দুৰ্বল, দন্তক্ষয়, শাৰীৰিক তথা মানসিক বুদ্ধিহীনতা আদি অসুখত ভোগা দৃষ্টিগোচৰ হোৱা হৈছে। আৰ্থিক দুৰৱস্থা, অভিভাৱকৰ মনোযোগহীনতা, ইত্যাদিৰ বাবে পুষ্টিহীনতাত ভূগি কেইবাটাও শিশুৰ মৃত্যু পৰ্য্যন্ত হৈছে। চাহবাগিছা অঞ্চলত এনে পুষ্টিহীনতা অধিক পৰিমাণে দেখা গৈছে। এনে পুষ্টিহীনতা আৰু তাৰ এক অন্যতম কাৰণ হৈছে, চৰকাৰৰ পৰিয়াল পৰিকল্পনা আঁচনি গ্ৰহণ নকৰা, যাৰ ফলত জনসংখ্যা বৃদ্ধিৰ ফলত উপযুক্ত পৰিমাণে সুষম খাদ্যৰ অভাৱত ভূগিব লগা হৈছে। তদুপৰি অপৈনত অৱস্থাত অৰ্থাৎ কম বয়সতে বিয়া হৈ সন্তান জন্ম দিয়াৰ ফলত দুৰ্বল শিশু জন্ম দি এইক্ষেত্ৰত আৰু অৰিহণা যোগাইছে। গতিকে সংশ্লিষ্ট কৰ্তৃপক্ষক এইসমূহ দিশত গুৰুত্ব প্ৰদান কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সমূহ সচেতন ৰাইজে আশা ৰাখিছে।


নাম- সুবাসনা দত্ত
জিলা- তিনিচুকীয়া

শিশুৰ পুষ্টিহীনতা


Image

শিশুসকলৰ পৰিপুষ্টি বাবে স্বাস্থ্য কৰ্মী সকলে কিদৰে দিহা পৰামৰ্শ আগবঢ়াই আৰু শিশুসকলে কি কি খাব লাগে, কি কৰিব লাগে তাকে জানিবলৈ আমি শিশু সকলক লগত লৈ এগৰাকী স্বাস্থ্য কৰ্মী ওচৰত সাক্ষাৎ গ্ৰহণ কৰিছিলোঁ।

স্বাগতা:- বাইদেউ যিহেতু এতিয়া পোষণ মাহ চলি আছে। গতিকে বাইদেউ এগৰাকী শিশুৰ পৰিপুষ্টিৰ বাবে কেনেধৰণৰ অহাৰ খাব লাগে, আমাৰ শিশু সকলক বুজাই কওঁকচোন।

বাইদেউ:- এটি শিশুক জন্মৰ ছয় মাহৰলৈকে মাকৰ গাখীৰ, ছয় মাহৰ পাছত মাকৰ গাখীৰৰ লগতে পিঠাগুৰি, লুঠুৰী দাইলৰ পানী আদি খুৱাব লাগে। তাৰ উপৰিও এবছৰৰ পৰা ডাঙৰে খোৱা অহাৰ পৰা কম পৰিমাণে মাছ, মাংস, একোটাকৈ কণী খুৱাব লাগে। ইয়াৰ উপৰিও বাৰীতে হোৱা শাক মুছন্দৰি, মানিমুনি, মাটিকাদুৰি, ঢেকীয়া, কলমৌ আদিৰ লগতে বাৰীৰ ফল, কল, আমলখি, মধুৰীআম, অমিতা, ডালিম এই সকলো বোৰ কম পৰিমাণে খুৱাব লাগে। নহ'লে শিশু সকল পুষ্টিহীনতাত ভোগা দেখা যায়।

স্বাগতা:- বাইদেউ আপুনি যে ক’লে পুষ্টি হীনতা, পুষ্টি হীনতা মানে কি?

বাইদেউ:- যেতিয়া শিশুৰ বয়সৰ অনুপাতে ওজন নাবাঢ়ে, খাবলৈ মন নকৰে, খেলা-ধূলা কৰিবলৈ মন নকৰে, পঢ়িবলৈ মন নকৰে, এলেহুৱা যেন লাগে শুই থাকিবলৈ মন নকৰে তেতিয়া শিশুটো পুষ্টিহীনতাত ভোগা বুলি ধৰিব পাৰি।

স্বাগতা:- বাইদেউ এই পুষ্টিহীনতাৰ পৰা কেনেদৰে হাত সাৰিব পাৰি?

বাইদেউ:- পুষ্টিহীনতাৰ পৰা হাত সাৰিবলৈ শিশু সকলে সকলো ধৰণৰ খাদ্য খাব লাগে। খাদ্য খোৱাৰ উপৰিও ওচৰৰ স্বাস্থ্য কেন্দ্ৰত প্ৰতিষেধক বোৰ সময় মতে ল'ব লাগে। তেতিয়াহে আমাৰ শিশু সকল নিৰোগী হৈ থাকিব পাৰে। লগতে প্ৰতি শিশুৱে এবছৰত নটা কৈ প্ৰতিষেধক ল’ব লাগে, ছয় মাহৰ মূৰে মূৰে পেলুৰ দৰৱ খুৱাব লাগে, ভিটামিন A বছৰেকত দুবাৰকৈ খুৱাব লাগে। আৰু ওচৰৰ অংগনবাদী কেন্দ্ৰত ওজনটো জুখিব লাগে বয়সৰ লগে লগে ওজনটো জোখত বাঢ়ি গ'লে শিশু সকল পুষ্টিহীনতাৰ পৰা হাত সাৰি থাকিব পাৰিব।

ধন্যবাদ বাইদেউ, শুনিলানে শিশু সকল, তোমালোকক বাইদেউৱে সকলো কথা বুজাই দিলে কেনেকৈ পুষ্টিহীনতাৰ পৰা হাত সাৰিব পাৰি। আমি আশাবাদী বাইদেউৰ এই পৰামৰ্শই সকলো শিশুকে উপকৃত কৰিব। আমি স্বাস্থ্য কৰ্মী কল্পনা শইকীয়া বাইদেউক ধন্যবাদ জ্ঞাপন কৰিলোঁ ।


নাম- স্বাগতা শইকীয়া
জিলা- মাজুলী।

নৱজাত শিশুৰ বাবে মাতৃদুগ্ধ কিয় অত্যাৱশ্যকীয় ?


Image

নৱজাত শিশুৰ বাবে মাতৃদুগ্ধ যে আৱশ্যকীয় সেই বিষয়ে জানিবলৈ মই মাজুলীৰ স্থানীয় চিকিৎসক পিংকু শইকীয়াদেৱৰ লগত এটা সাক্ষাৎকাৰ লৈছিলো আৰু তেখেতৰ পৰা এই বিষয়ে জানিবলৈ চেষ্টা কৰিছিলো।

অনুৰাগ শইকীয়া:- নমস্কাৰ, মোৰ নাম শ্রী অনুৰাগ শইকীয়া মই এগৰাকী মাজুলীৰ যুৱ সাংবাদিক। মই আজি উপস্থিত আছো মাজুলীৰ এগৰাকী স্থানীয় চিকিৎসক পিংকু শইকীয়াদেৱৰ লগত। নমস্কাৰ ছাৰ।

পিংকু শইকীয়া:- নমস্কাৰ।

অনুৰাগ শইকীয়া:- মই আজি আপোনাক এই সাক্ষাৎকাৰলৈ স্বাগতম জনাইছো। মই আজি আপোনাৰ পৰা জানিব বিচাৰিছো যে এজন নৱজাত শিশুৰ বাবে মাতৃদুগ্ধ কিয় অত্যাৱশ্যকীয়?

পিংকু শইকীয়া:- হয়, তুমি এটা ভাল প্রশ্নই কৰিছা। আমি জানো যে নৱজাতক শিশু এজন যেতিয়া জন্ম হয়, জন্ম হোৱাৰ লগে লগে মাকৰ দুগ্ধপান কৰাব লাগে। এইকাৰণে কৰাব লাগে যাতে মাকৰ গাখীৰ যিটোক আমি কলষ্টাম বুলি কওঁ আৰু কলষ্ট্ৰামটো শিশুটিৰ বাবে অতি প্রয়োজনীয় কাৰণ সেই মাতৃ দুগ্ধত প্রয়োজনীয় খাদ্যপ্রাণ যেনে ভিটামিন, খনিজলৱণ আৰু চৰ্বী জাতীয় বস্তুখিনি পোৱা যায় আৰু সেইমতে প্রতি মাহে শিশুটিৰ কাৰণে প্রয়োজন সাপেক্ষে যেনেদৰে পাব লাগে তেনেদৰে শিশুটিয়ে পায় আৰু শিশুটিয়ে ৰোগ প্রতিৰোধ কৰা ৰ ক্ষমতা থকা এন্টিবডী মাকৰ দুগ্ধৰ পৰা পায়। শিশুটিৰ কাৰণে মাতৃদুগ্ধ অতি সহজলভ্য, শিশুটিয়ে যেতিয়াই বিচাৰে তেতিয়াই খাব পাৰে আৰু শিশুটিয়ে সহজতে এইটো হজম কৰিব পাৰে। সেইবাবে মাতৃৰ দুগ্ধ নৱজাত শিশু এজনৰ বাবে আৱশ্যকীয়।

অনুৰাগ শইকীয়া:- এজন নৱজাত শিশুৱে কিমান বয়সলৈ মাতৃদুগ্ধ খাব লাগে?

পিংকু শইকীয়া:- সৰ্বসাধাৰণতে মাকৰ গাখীৰ ছমাহ লৈকে খাবলৈ দিয়া হয় কিন্তু ধাৰাবাহিকভাৱে শিশুৱে তিনিবছৰলৈকে খাব পাৰে।

অনুৰাগ শইকীয়া:- আপুনি আমাক আজি বহুমূলীয়া সময় দিয়াৰ বাবে আপোনাক মই ধন্যবাদ জনাইছো আৰু আজি এই যুৱসাংবাদিকৰ মজিয়াৰ পৰা আমি বিদায় লৈছো, ধন্যবাদ।


নাম- অনুৰাগ শইকীয়া
জিলা- মাজুলী

গ্ৰাম্য স্বাস্থ্য দিৱস উদযাপন


বিগত ইংৰাজী ১৮.০৮.২০২১ তাৰিখে, ডিব্ৰুগড়ৰ ১৮ নং ৱাৰ্ডত গ্ৰাম্য স্বাস্থ্য দিৱস অনুষ্ঠিত হয়। ১৮ নং ৱাৰ্ডৰ বিভিন্ন অংগনৱাড়ী কেন্দ্ৰৰ এলেকা সমূহৰ বিভিন্ন উপভোক্তা সমূহ ক্ৰমে, গৰ্ভৱতী মহিলা, প্ৰসূতি মাতৃ আৰু শিশু, বিশেষকৈ ৫ বছৰৰ তলৰ শিশু উপস্থিত হয়। উক্ত V.H.N.D খনত কাৰ্য্যসূচী সম্পন্ন কৰাত সহায় কৰে। গৰ্ভৱতী মহিলা, প্ৰসূতিসকলৰ বেজী, স্বাস্থ্য পৰীক্ষা কৰোৱা হয়, আৰু লগতে তেখেত সকলৰ খাদ্য পৰিস্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত পৰামৰ্শ প্ৰদান কৰি কৰ্মী সকলৰ মাজত চৰিত্ৰাভিনয় কৰি সজাগতাৰ সৃষ্টি কৰে। শিশুসকলৰ ওজন লোৱা কাৰ্য্য সম্পন্ন হয়। মাতৃসকলক তেওঁলোকৰ শিশুসকলৰ উচ্চতা অনুযায়ী ওজন লোৱাৰ পিছত প্ৰকৃতাৰ্থত কিমান ওজনৰ প্ৰয়োজন ওজন তালিকাখনত দেখুৱাই বিভিন্ন পৰামৰ্শ প্ৰদান কৰে। বৰ্তমান ক’ভিডসৃষ্ট কালত শিশুসকলে কি ধৰণে থকা উচিত, খোৱা-খাদ্য ইত্যাদিৰ ওপৰত বিভিন্ন প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়াই। ANM সকলেও বেজী দিয়াৰ ওপৰিও স্বাস্থ্য, পুষ্টিকৰ খাদ্য, পৰিস্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত মাতৃসকলক সজাগতামূলক কথা কয়। প্ৰতিমাহৰ তৃতীয়টো বুধবাৰত এই এলেকাটোও এই স্বাস্থ্য পুষ্টি দিৱস পালন কৰা হয়।


নাম- হৰ্ষিতা চক্ৰৱৰ্তী
বয়স- ১৪ বছৰ
জিলা- ডিব্ৰুগড়

মাজুলীত মাতৃ দুগ্ধপান দিৱস উদযাপন


বিশ্ব স্তনপান সপ্তাহ সন্দৰ্ভে জানিবৰ কাৰণে মই আজি বুধবাৰে মাজুলী জিলাৰ আউনীআটীৰ উপস্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈছোহি। ইয়াত উপস্থিত আছে, এগৰাকী ANM, আশাকৰ্মী আৰু প্ৰসূতি মাতৃ সকল। মাতৃ দুগ্ধপান দিৱসটো কিদৰে উদযাপন কৰিছে তাৰ ওপৰত জানিবলৈ ANM, তৰুণী শইকীয়া বাইদেউক প্ৰশ্ন কৰিলো, তেখেতে জনালে যে, সমগ্ৰ বিশ্বৰ লগতে মাজুলীতো মাতৃ দুগ্ধপান দিৱস ১ আগষ্টৰ পৰা পালন কৰি অহা হৈছে আৰু ৭ আগষ্টলৈকে অব্যাহত থাকিব। এই উপলক্ষে মাজুলীত স্বাস্থ্যকৰ্মী, আশাকৰ্মী, অংগনবাদী কৰ্মী সকলে গাঁৱে গাঁৱে গৈ মহিলা সকলৰ মাজত সচেতনতা বৃদ্ধি কৰাৰ প্ৰয়াস চলাইছে। আৰু জনাই যে এটি শিশুৰ বাবে মাতৃৰ দুগ্ধয়েই প্ৰধান অন্ন। এটি শিশুক ছমাহলৈকে মাতৃৰ দুগ্ধৰ বাহিৰে অন্য কোনো অন্ন খোৱাব নালাগে। এইক্ষেত্ৰত সকলোৱে শিশুক প্ৰথম অৱস্থাত মাতৃদুগ্ধ সেৱন কৰাত পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ পৰামৰ্শ দিয়ে।

তাতে উপস্থিত থকা এগৰাকী আশাকৰ্মী, মিনালিনী ভূঞবাইদেউক মাতৃদুগ্ধৰ উপকাৰিতাৰ সম্পৰ্কত জানিবলৈ প্ৰশ্ন কৰাত, তেখেতে আমাক মাতৃদুগ্ধৰ উপকাৰিতাৰ সম্পৰ্কত সুন্দৰভাবে ব্যক্ত কৰিলে। তেখেতে জনায় যে, নৱজাতক শিশুৰ বাবে মাতৃৰ দুগ্ধ অতি গুৰুত্বপূৰ্ণ। শিশু এটি জন্ম হোৱা আধাঘণ্টাৰ ভিতৰতে মাতৃৰ দুগ্ধ খোৱালে, সেই দুগ্ধ শিশুটিৰ বাবে প্ৰতিষেধক হিচাপে কাম কৰে। মাতৃদুগ্ধই শিশুটিক ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাই, দাঁতৰ গঠন মজবুত তথা সুন্দৰ কৰে। আৰু জনাই যে শিশুৰ লগতে মাতৃ গৰাকীও বহু উপকৃত হয়। ইয়াৰোপৰি উপস্বাস্থ্যকেন্দ্ৰত উপস্থিত থকা প্ৰসূতি মাতৃ সকলে জনাই যে, তেওঁলোকে স্বাস্থ্যবিভাগৰ পৰা সম্পূৰ্ণ সুৰক্ষা আৰু সুবিধা লাভ কৰিছে। এইক্ষেত্ৰত, ANM বাইদেউ, আশাকৰ্মী তথা প্ৰসূতি মাতৃ সকলৰ পৰা মাজুলীত মাতৃ দুগ্ধপান দিৱস উদযাপনৰ ওপৰত বিতংভাবে জানিব পাৰিলো। যিহেতু বিশ্ব স্তনপান সপ্তাহৰ জৰিয়তে সকলো মাতৃকে সজাগ হোৱাৰ প্ৰয়াস কৰাইছে, সেয়ে আমি অনুৰোধ জনাম যে, সকলো মাতৃ সজাগ হৈ, সচেতন হৈ শিশুটিক সুন্দৰ আৰু স্বাস্থ্যৱান কৰি তুলে।


নাম- পৰিস্মীতা দত্ত,
জিলা- মাজুলী

বিশ্ব মাতৃ দুগ্ধপান সজাগতা সভা সম্পন্ন


যোৱা ইং ৪ আগস্ত ২০২১ তাৰিখ, বুধবাৰে কানকুৰিকা উচ্চ বুনিয়াদী বিদ্যালয়ত অউনিআটী অঞ্চলৰ অংগনবাদী কৰ্মী সকলৰ আহ্বানত বিশ্ব মাতৃ দুগ্ধপান সপ্তাহৰ লগত সংগতি ৰাখি এখনি সজাগতা সভা অনুষ্ঠিত হয়। ক’ভিডৰ সকলো নিয়ম মানি অনুষ্ঠিত কৰা সভাখনিত সভাপতিত্ব কৰে বিশিষ্ট মাতৃ শ্ৰীযুতা প্ৰবিনা দেৱীয়ে। সভাখনিৰ আত ধৰি অংগনবাদী কৰ্মী ভাৰতী বৰা হাজৰিকাই বিশ্ব মাতৃ দুগ্ধপান সপ্তাহৰ উপলক্ষে মাতৃ সকলক শিশুক দুগ্ধপানৰ বিষ‌য়ে সজাগ কৰাৰ লগতে ইয়াৰ দ্বাৰা শিশুৰ স্বাস্থ্য আৰু শৰীৰৰ বিকাশৰ সাধন কৰাই হ'ল আমাৰো প্ৰধান উদ্দেশ্য। নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি যুৱ সাংবাদিক ৰিমলী বৰাই ১৯৯২ চনৰ পৰা বিশ্ব স্বাস্থ্য সংস্থা WHO) আৰু UNICEF প্ৰচেষ্টাত প্ৰতি বছৰে আগষ্ট মাহৰ ১ তাৰিখৰ পৰা ৭ তাৰিখলৈ মাতৃ সকলক স্তনপান সম্পৰ্কে সজাগ কৰাৰ লক্ষৰে বিশ্ব স্তন পান সপ্তাহ পালন কৰি আহিছে। ইয়াৰ উপৰিও মাতৃ দুগ্ধই এটি নৱজাত শিশুক শাৰীৰিক মানসিক বিকাশৰ উপৰিও ৰোগ নিৰাময়ত সহায় কৰে। মাতৃ দুগ্ধত থকা হালধীয়া ৰঙৰ কলেস্তম শিশুৰ জীৱনৰ মহৌষধ। শিশুক জন্মৰ পৰা ছয় মাহলৈকে কেৱল মাতৃ দুগ্ধপান কৰাই শিশুক স্বাস্থ্য ৱান কৰি তুলিবলৈ মাতৃ সকলৰ প্ৰতি আহ্বান জনায়। জ্যেষ্ঠ অংগনবাদী কৰ্মী অৰুনা বৰাই মাতৃ সকলক কয় যে নিয়মিত ভাৱে শিশুক দুগ্ধপান কৰালে বিকাশেই নহয় সকলো ধৰণৰ ৰোগৰ পৰা বাচি থাকিব পাৰি। সভাত ভাগলৈ প্ৰসূতি মাতৃ স্বপ্নালী দেৱীকে ধৰি কেবাগৰাকীও মাতৃয়ে কভিডৰ নিয়ম মানি সঘনাই হাত ধোৱা, নিয়মীয়াকৈ দুগ্ধপান কৰাই শিশুক জন্মৰ পৰাই মৰমেৰে প্ৰতিপালন কৰাৰ কথা কয়। সভাত অঙ্গনবাদী কৰ্মী ইলা হাজৰিকা আৰু ৰুলী শইকীয়াই সজাগতা বৃদ্ধিৰ ওপৰত বক্তৃতা প্ৰদান কৰে।


নাম- পৰিস্মীতা দত্ত
জিলা- মাজুলী

যুৱ সাংবাদিকসকলৰ মাজত পুষ্টিহীনতাৰ সন্দৰ্ভত ৱেবিনাৰ অনুষ্ঠিত


নিজা প্ৰতিবেদক, ডিব্ৰুগড়ঃ যোৱা ৭ জুলাই বুধবাৰে সন্ধিয়া ৬ বজাৰ পৰা সদৌ অসম মইনা পাৰিজাত আৰু ইউনিচেফৰ উদ্যোগত অনলাইনযোগে পুষ্টিহীনতাৰ ওপৰত এখনি ৱেবিনাৰ অনুষ্ঠিত হয়। এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে শিশুৰোগ বিশেষজ্ঞ ড° ৰিজুমণি সোণোৱাল। প্ৰায় ৩৫ জন যুৱ সাংবাদিকে এই ৱেবিনাৰত অংশগ্ৰহণ কৰে আৰু অনুষ্ঠানটোৰ আঁ‌ত ধৰে সমন্বয়ক কংকনা বৰুৱা আৰু প্ৰণয় দাসে। ড° ৰিজুমণি সোনোৱালে পুষ্টিহীনতাৰ কাৰণ, লক্ষণ, ফলাফল আৰু ইয়াৰ প্ৰতিকাৰ সম্পৰ্কে গুৰুত্বপূৰ্ণ বক্তৃতা প্ৰদান কৰে। সদৌশেষত সকলোৰে মাজত এক প্ৰশ্নকাল তথা মতবিনিময়ৰ ব্যৱস্থা কৰা হয় যাৰ দ্বাৰা যুৱ সাংবাদিকসকল যথেষ্ট লাভান্বিত হয় আৰু এই কৰ'না মহামাৰীৰ সময়তো ঘৰতে থাকি জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হয়।


নাম- চিৰঞ্জীৱ সন্দিকৈ
জিলা- ডিব্ৰুগড়

শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ সৈতে সাক্ষাৎকাৰ


Image

যোৱা আগষ্ট মাহত বিশ্ব স্তনপান দিৱস উপলক্ষে ডিব্ৰুগড় জিলাৰ জয়পুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া শ্ৰীযুতা ৰুণু তালুকদাৰ বাইদেউৰ লগত এক সাক্ষাৎকাৰ লোৱা হয়। উক্ত সাক্ষাৎকাৰত তেখেতেৰ প্ৰকল্পৰ অধীনত কি ধৰণে এই বিশ্ব স্তনপান দিৱসটো পালন কৰিব লৈছে সেই বিষয়ে সোধাত তেখেতে কয়, বৰ্তমান ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ অনুষ্ঠান পাতিব পৰা নাই যদিও সেই প্ৰকল্পটোৰ সমূহ মূখ্য সেৱিকা আৰু অংগনবাদী কৰ্মীসকলৰ প্ৰত্যেকে মাস্ক তৈয়াৰ কৰে আৰু যিসকল প্ৰসূতি মাতৃ আছে, প্ৰত্যেককে একোখনকৈ মাস্ক বিতৰণ কৰে যাতে নিজৰ শিশু সকলক মাতৃদুগ্ধ দিয়াৰ সময়ত মাস্ক পৰিধান কৰিবলৈ পাহৰি নাযায়। ক’ভিড পৰিস্থিতিত যাতে সকলো মাতৃয়ে আটাইবোৰ ক’ভিড প্ৰট’কল মানি চলি নিজৰ শিশুসকলকো সুৰক্ষা দিব পাৰে, তাৰ বাবে বিভিন্ন ধৰণৰ সজাগতামূলক আলোচনা কৰে। সেই আলোচনা সমূহতে মাতৃদুগ্ধৰ প্ৰয়োজনীয়তা, মাতৃদুগ্ধ পান কৰাৰ সময়ত শিশু সকলক কি ধৰণে মাতৃয়ে ধৰিব লাগে, কি ধৰণে কোচত ল’লে শিশুৱে মাতৃদুগ্ধ ভালদৰে পাব পাৰিব ইত্যাদি কথাসমূহ আলোচনা কৰে। ইয়াৰোপৰি, বেনাৰ, পোষ্টাৰ, আদিবোৰ প্ৰস্তুত কৰি মাতৃদুগ্ধৰ উপকাৰিতাৰ ওপৰত সজাগতাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হয়। লগতে জন্মৰ পৰা ৬ মাহৰ ভিতৰত কেৱলমাত্ৰ মাতৃদুগ্ধ খুওৱা কথাটো ১০০ শতাংশ মাতৃয়ে মানি চলিছেনে বুলি সোধাত কয়, এশ শতাংশ মাতৃয়ে এই কথাটো মানি চলা নাই। বহুক্ষেত্ৰত দেখা যায় যে প্ৰাইভেট চেক্টৰত কাম কৰা মাতৃ সকলে ৬ মাহৰ আগতেই কামত পুনৰ যোগদান কৰে বাবেই অন্য গাখীৰৰ বটলত খুৱাবলৈ চেষ্টা কৰে লগতে বিভিন্ন সামাজিক মাধ্যমত বিজ্ঞাপন দিয়া টেমাৰ গাখীৰৰ প্ৰতি আগ্ৰহী হয় বুলি প্ৰকাশ কৰে। এইক্ষেত্ৰত প্ৰকল্প বিষয়া গৰাকীয়ে মাতৃসকলৰ মাজত সজাগতাৰ সৃষ্টি কৰিবলৈ সামাজিক মাধ্যমৰ দ্বাৰা প্ৰচাৰিত সেই বিজ্ঞাপন সমূহৰ প্ৰতি আকৃষ্ট নহ’বলৈ আহ্বান জনায়।


নাম- হৰ্ষিতা চক্ৰৱৰ্তী
বয়স- ১৪ বছৰ
জিলা- ডিব্ৰুগড়

বকুল মাজগাঁৱত সজাগতামূলক শিবিৰ


ডিব্ৰুগড়ৰ বকুল মাজগাঁও উপস্বাস্থ্য কেন্দ্ৰত “বিশ্ব স্তনপান সপ্তাহ” উপলক্ষে ইংৰাজী ০৩.০৮.২০২১ তাৰিখে স্থানীয় ব্যক্তিসকলক লৈ এখনি সজাগতামূলক শিবিৰ আয়োজন কৰে। সভাত উপস্থিত থাকে বকুল মাজগাওঁ উপস্বাস্থ্য কেন্দ্ৰৰ এ.এন.এম শ্ৰীযুতা মনেশ্বৰী মাহাতু, আশা কৰ্মী নিৰীক্ষক শ্ৰীযুতা জ্যোৎস্না গগৈ, অংগনবাদী কৰ্মী শ্ৰীযুতা নিভাৰাণী গোহাঁই হাজৰিকা, আশাকৰ্মী শ্ৰীযুতা জ্যোৎনা হাজৰিকা, শ্ৰীযুতা সুনীতা তাঁতি, শ্ৰীযুতা জয়ন্তী হাজৰিকাকে প্ৰমুখ্য কৰি কেইবাগৰাকীও স্থানীয় মহিলা আৰু দুগ্ধপান কৰাই থকা মাতৃ। দুগ্ধপান কৰি থকা মহিলাসকলক উদ্দেশ্যি এ.এন.এম শ্ৰীযুতা মনেশ্বৰী মাহাতু বাইদেৱে কয়, “এটি শিশুক জন্মৰ পিছত যিমান পাৰি সিমান সোনকালে মাকৰ গাখীৰ খোৱাব লাগে। ই এক প্ৰতিষেধকৰ কম কৰে। বহুতো সৰু-সুৰা বেমাৰৰ পৰা শিশুক ৰক্ষা কৰে।” আশাকৰ্মী নিৰীক্ষক শ্ৰীযুতা জ্যোৎস্না গগৈ বাইদেৱে কয়, “শিশুৰ জন্মৰ পিছতে ওলোৱা মাতৃৰ ডাঠ হালধীয়া বৰণৰ গাখীৰ, যাক ক’লষ্ট্ৰাম (Colostrum) বুলি কোৱা হয়, সেয়া খাবলৈ দিয়াটো অত্যন্তই জৰুৰী। ই প্ৰতিষেধকৰ কাম কৰে।” শিবিৰত উপস্থিত অংগনবাদী কৰ্মী শ্ৰীযুতা নিভাৰানী হাজৰিকা বাইদেৱে কয়, “এটি শিশুক জন্মৰ পৰা ৬ মাহ পৰ্য্যন্ত কেৱল মাকৰ গাখীৰ হে দিব লাগে। আনকি এটুপি পানীও দিব নালাগে। শিশুৱে দুবছৰলৈ মাকৰ গাখীৰ খোৱাটো উচিত। প্ৰতিবাৰ গাখীৰ খুৱাওতে মাতৃ গৰাকীয়ে হাত ধুই পৰিস্কাৰ হৈ ল’ব লাগে।”এই সজাগতা শিবিৰৰ জৰিয়তে বকুল মাজগাঁৱৰ স্থানীয় দুগ্ধপান কৰাই থকা মহিলাসকল বহুখিনি উপকৃত হয়।


নাম- শ্ৰেষ্ঠা বৰুৱা
বছৰ- ১২ বছৰ
জিলা- ডিব্ৰুগড়

Copyright © 2020 UNICEF Assam

Address: Bylane Number 2, Rani Bagan, Guwahati, Assam 781038

Facebook Twitter Instagram
Image Image