Image

সম্পাদকীয়

মৰমৰ বন্ধুসকল,

মুক্ত আকাশৰ এই বাৰৰ সংখ্যা প্ৰকাশ পোৱাৰ বাবে আমি সকলোৱে নথৈ আনন্দিত হৈছোঁ। মুক্ত আকাশৰ লগত জড়িত সকলো ব্যক্তিলৈ আন্তৰিক ধন্যবাদ আৰু মৰম যাচিছোঁ। আশা কৰোঁ সকলো কুশলে আছা। এই বছৰৰ এই সংখ্যাত আমাৰ সংবাদ পত্ৰখন, বিশেষকৈ এটি গুৰুত্বপূৰ্ণ সংবাদ ৰাইজলৈ কঢ়িয়াই লৈ আহিছে। বানপানী, আমাৰ অসমৰ এক জলন্ত সমস্যা। এইক্ষেত্ৰত আমাৰ যুৱ সাংবাদিক বন্ধুসকলে অসমৰ বিভিন্ন প্ৰান্ত হোৱা বিভিন্ন বা-বাতৰি, বিভিন্ন ঠাইত বানপানীৰ বাবে হোৱা ক্ষতিগ্ৰস্ত অঞ্চলৰ ৰাইজৰ অসুবিধা সমূহৰ খবৰ বাতৰি যুগুতাই আনিছে। ইয়াৰোপৰি বানপানীৰ ফলত হোৱা ক্ষতিগ্ৰস্ত অঞ্চল সমূহৰ ফটো সংগ্ৰহ কৰি পঠিয়াইছে আৰু লগতে বানপানী অধ্যুষিত অঞ্চলৰ ৰাইজৰ বিভিন্ন অসুবিধা, শিশুসকলৰ মাজত সৃষ্টি হোৱা অসুবিদা সমূহৰ কথা বিভিন্নজনৰ পৰা লোৱা সাক্ষাৎকাৰো প্ৰকাশ পাইছে। এই সকলোবোৰ খবৰ পঢ়ি নিশ্চয় তোমালোকে সেইসকল ৰাইজৰ নাইবা অঞ্চলসমূহৰ কথাবোৰ জানিব পাৰিবা। আশা কৰিছোঁ তোমালোকে পঢ়ি ভাল পাবা আৰু সময়ত সেইসকল লোকক সহায়ৰ হাত আগবঢ়াব পাৰিবা। আগৰ নিচিনাকৈ এইবাৰো এই সংখ্যাটো সকলোৱে আদৰি ল’বা বুলি আশা কৰিলো। শেষত সকলোটিলৈ পুনৰ মৰম আৰু ধন্যবাদ জনায় আজিৰ এই সম্পাদকীয়ৰ শিতানটো সামৰিছো।

নাম- হৰ্ষিতা চক্ৰৱৰ্তী
বয়স- ১৪ বছৰ
জিলা- ডিব্ৰুগড়

এখন ভঙা দলংৰ বাবে জীয়াতু ভুগিছে তামুলপুৰবাসী

১৭ জুলাই/তামুলপুৰ :-

তামুলপুৰ মহকুমাৰ অন্তৰ্গত হাঁহকাটা, বালাবাৰী গাঁৱৰ মাজেৰে বৈ যোৱা পাগলদিয়া নদীৰ ওপৰত আজিলৈকে নিৰ্মান ন'হল এখন পকী দলঙ। এখন পকী দলঙৰ অভাৱত বছৰ বছৰ ধৰি জীয়াতু ভুগি আছে অঞ্চলটোৰ হাজাৰ হাজাৰ ৰাইজ। তামুলপুৰ মহকুমাৰ পৰা জিলা সদৰ মুছলপুৰ তথা নলবাৰীলৈ অহা-যোৱা কৰা এই মূল পথটো সুগম নোহোৱাৰ বাবে এতিয়া সমগ্ৰ অঞ্চলটোৰ ৰাইজৰ যাতায়ত ব্যৱস্থা অতি দুৰ্বিসহ হৈ পৰিছে। যাৰ বাবে অঞ্চলটোৰ সাধাৰণ ৰাইজ বহুতো অসুবিধাৰ সন্মুখীন হব লগীয়া হৈছে। এখন মাত্ৰ বাঁহৰ দলঙেৰে অহা যোৱা কৰি আছে বিভিন্ন প্ৰান্তৰ লোক সকলে। যাৰ ফলত বাইক বা চাইকেল আৰোহীজনে দহবাৰ ভাবিব লাগে যে দলংখন কেনেকৈ পাৰ কৰোঁ? যিহেতু এতিয়া বাৰিষাৰ সময় সেয়ে বাঁহৰ দলংখন পাৰ হৈ উভতি অহালৈও চিন্তা কৰিব লগা হয়; কাৰণ কোন সময়ত পানীয়ে দলং খন উটুৱাই নিয়ে তাৰ কনো ঠিকনা নাই! প্ৰত্যেক বছৰে অঞ্চলটোৰ স্থানীয় ৰাইজে নিজৰ গাঁঠিৰ ধনেৰে এনেকৈয়ে বাঁহৰ দলং তৈয়াৰ কৰে আৰু বানপানীৰ প্ৰবল সোতত বাঁহৰ দলংখন‌ উটুৱাই লৈ যায়। সেয়েহে অঞ্চলটোত এখন ভাল পকী দলং এখনৰ বহুত প্ৰয়োজন। বৰ্তমান উক্ত ঠাইত দলং এখনৰ কাম আৰম্ভ হৈছিলহে মাত্ৰ কিন্তু এতিয়া আকৌ নিৰ্মাণকাৰ্য বন্ধ কৰি থৈছে। সেয়েহে এনে পৰিস্থিতিত ৰাইজে আশা কৰিছে চৰকাৰে যাতে দলং খনৰ নিৰ্মাণকাৰ্য অতি শীঘ্ৰে আৰম্ভ কৰাৰ ব্যৱস্থা কৰে। যিহেতু অঞ্চলবাসীৰ এই সমস্যা বহুদিনীয়া ৰূপে পৰিগণিত হৈছে সেয়ে ইয়াৰ সমাধান বিচাৰি চৰকাৰৰ ওচৰত বিভিন্ন সময়ত দাবী জনাইছিল যদিও চৰকাৰী ভাৱে দলং খনৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই, যাৰ বাবে যাতায়াত ব্যৱস্থাত সৰ্বসাধাৰণ লোক যথেষ্ট কষ্টৰ সন্মূখীন হব লগীয়া হৈছে। সেয়েহে ৰাইজে বিচাৰে যে শাসনাধীন চৰকাৰখনে যাতে দলঙখনৰ নিৰ্মাণকাৰ্য খৰতকীয়া কৰাত গুৰুত্ব দি এই অঞ্চলবাসীৰ যাতায়ত ব্যৱস্থা উন্নত কৰাত এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰে।

নাম: গীতাৰ্থ ৰঞ্জন মহন্ত
বয়স: ১৮
জিলা - বাক্সা

বানপানী সন্দৰ্ভত এটি সাক্ষাৎকাৰ

বৰ্তমান সময়ত বানপানী অসমৰ এক জলন্ত সমস্যা। ইয়াৰ ফলত সকলোতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে নৈ কাষৰীয়া বহুতো অঞ্চল। দিখৌ নৈৰে উজাই অহা বাঢ়নী পানীয়ে প্ৰতিবছৰে শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাৰ অন্তৰ্গত শান্তিপুৰ উচ্চ মাধ্যমিক বিদ্যালয়খনত বিস্তৰ ক্ষতি সাধন কৰি আহিছে।

সেই উপলক্ষে শিৱসাগৰ জিলা মইনা পাৰিজাতৰ অন্তৰ্গত নেহেৰু মইনা পাৰিজাতৰ চেমনীয়া তথা যুৱ সাংবাদিক কস্তুৰী ভূঞাই শান্তিপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত বিজয় কৃষ্ণ দত্ত দেৱৰ সৈতে এটি সাক্ষাৎকাৰ গ্ৰহণ কৰে।

প্ৰশ্নঃ বৰ্তমান অসমত বানপানীৰ সময়, বানপানীয়ে প্ৰতি বছৰে অসমৰ বিভিন্ন ঠাই প্লাৱিত কৰি আহিছে। সেইয়ে প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই অঞ্চলৰ লগতে আপোনাৰ বিদ্যালয়খনতো বানপানীয়ে কেনেদৰে প্ৰভাৱ পেলায় ?

উত্তৰঃ ধন্যবাদ কস্তুৰী ভূঞা। আজিৰ এই মঞ্চৰ পৰাই মুক্ত আকাশৰ সমূহ পৰিয়ালবৰ্গলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ১৯৬১ চনতে স্থাপিত হোৱা এই বিদ্যালয়খন দিখৌ নদীৰ কাষতে অৱস্থিত হোৱাৰ বাবে নৈৰ বাঢ়নী পানীয়ে প্ৰতি বছৰে বিদ্যালয়খন প্লাৱিত কৰে আৰু এই বানপানী বছৰেকত চাৰিবাৰকৈ হোৱা পৰিলক্ষিত হয়।

প্ৰশ্নঃ বানপানীয়ে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশত কেনেদৰে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে?

উত্তৰঃ বানপানীয়ে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশত যথেষ্টখিনি প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে। বানপানীৰ ফলত প্ৰায় দুমাহ সময় বিদ্যালয়খনৰ শ্ৰেণী সমূহ বন্ধ হৈ থাকে আৰু বিদ্যালয়খনৰ আচবাব সমূহ যেনে- বেঞ্চ, ডেস্ক, শিক্ষকৰ চকী-টেবুল, কম্পিউটাৰ ইত্যদিৰ যথেষ্টখিনি ক্ষতিসাধন হয়, লগতে ই বিদ্যালয়ৰ আন্তঃগাঠঁনিৰ ক্ষেত্ৰতো যথেষ্টখিনি প্ৰভাৱ পেলায়।

প্ৰশ্নঃ প্ৰতি বছৰে বিদ্যালয়খনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি অহা বানপানীৰ কোনো স্থায়ী সমাধান আছেনে ?

উত্তৰঃ নিশ্চয় এই ক্ষেত্ৰত স্থায়ী সমাধান আছে। কাৰণ বিদ্যালয়খনৰ কাষতে এটি ৰিং বান্ধ আছে, কিন্তু এই বান্ধটো বৰ্তমান জহি-খহি গৈছে। যদি এই ৰিং বান্ধটো উন্নত মানদণ্ডেৰে আকৌ বনোৱা হয়, তেন্তে বানপানীৰ পৰা আমাৰ বিদ্যালয়খনে নিশ্চয় স্থায়ী সমাধান পাব।

প্ৰশ্নঃ বিদ্যালয়খনৰ ক্ষয়-ক্ষতিৰ বাবদ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ পৰা কিবা সহযোগিতা পাইছেনে আৰু এই বানপানীৰ স্থায়ী সমাধানৰ বাবে চৰকাৰক আমাৰ মঞ্চৰ যোগেদি কিবা জনাব বিচাৰে নেকি ?

উত্তৰঃ নিশ্চয়, আমাৰ বিদ্যালয়ৰ পৰিয়ালে বানপানীৰ ক্ষয়-ক্ষতি বিচাৰি বিভিন্ন সময়ত বিভিন্নজনক বহু আৱেদন-নিৱেদন জনাই আহিছোঁ। আমি বহু বছৰৰ পৰাই পঞ্চায়তত এই বিষয়ে অৱগত কৰি আহিছোঁ। আজি আমি সগৌৰৱেৰে ঘোষণা কৰিব বিচাৰিছোঁ যে বৰ্তমান অসমৰ মূখ্যমন্ত্ৰী তথা আগৰ চৰকাৰৰ বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া চিৰিপুৰীয়ালৈ পকী দলং উদ্বোধন কৰিবলৈ আহিছিল, তেতিয়া বিদ্যালয়ৰ তৰফৰ পৰা এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলো। সেই স্মাৰকপত্ৰত এই ৰিং বান্ধৰ কথা আমি বিশেষভাৱে উল্লেখ কৰিছিলো। আনহাতে, শিৱসাগৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত অখীল গগৈ দেৱকো এখন স্মাৰকপত্ৰ যোগে আমাৰ বিদ্যালয়ৰ বিভিন্ন অভাৱ অভিযোগৰ লগতে এই ৰিং বান্ধৰ সমস্যাৰ কথা উল্লেখ কৰিছোঁ। বৰ্তমানৰ এই জনকল্যাণমূখী চৰকাৰখনে এই ক্ষেত্ৰত নিশ্চয় সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আমাৰ বিদ্যালয়খন সম্পূৰ্ণৰূপে বানপানীৰ কবলৰ পৰা ৰক্ষা কৰিব বুলি আমি আশাবাদী। আজিৰ এই মঞ্চৰ যোগেদি তেখেতলোকলৈ বিনম্ৰভাৱে আহ্বান জনাইছোঁ যাতে আমাৰ বিদ্যালয়খন বানপানীমুক্ত কৰি ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক পৰিৱেশ ঘূৰাই আনি উন্নতিৰ শিখৰত আগবাঢ়ি যাব পৰাকৈ তেওঁলোকে যেন সহযোগিতা আগবঢ়ায়।

আমিও আশা কৰিছোঁ নতুন চৰকাৰখনে আপোনালোকৰ বিদ্যালয়ৰ বানপানীৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে পদক্ষেপ হাতত ল’ব। আপোনাক পুনৰবাৰ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ।

নাম- আশা কলিতা
বয়স- ১৬ বছৰ
জিলা- শিৱসাগৰ

মাজুলী কমলাবাৰী ঘাটত খহনীয়া

Image

বছৰৰ প্ৰথমটো বানে মাজুলী কমলাবাৰী ঘাটত ভয়ংকৰ খহনীয়া সৃষ্টি কৰিছে। মাজুলীৰ জনবহুল কমলাবাৰী ঘাটত খহনীয়াৰ ফলত ওচৰত থকা দোকান সমূহৰো ক্ষয় ক্ষতি হৈছে। লগতে যাতায়তী ব্যৱস্থাটো ব্যাঘাত জন্মিছে। নৈ পৰিয়াল অঞ্চল সমূহৰো থকা খোৱাৰ লগতে কণ কণ শিশু সকলৰ খোৱা পানীৰ সমস্যাই দেখা দিছে। খোৱা পানী যোগাৰৰ বাবে দূৰ দূৰনিকৈ যাব লগা হৈছে। খহনীয়াৰ ফলত গৰু ম'হ ৰখাৰো সমস্যাই দেখা দিছে। নৈ কাষৰীয়া বহুতৰে ঘৰ গৰু ছাগলীৰ লগতে লাগতিয়াল বয় বস্তুও নৈত উটি গৈছে। কণ কণ শিশু সকল থকা খোৱাৰ সু- ব্যৱস্থাৰ পৰা বঞ্চিত হব লগা হৈছে। শিক্ষাৰ ক্ষেত্ৰতো ব্যাঘাত জন্মিছ। যাতায়ত ব্যৱস্থাও আচল হৈ পৰিছে।

নাম- স্বাগতা শইকীয়া
জিলা- মাজুলী।

ধেমাজিত বানত চিঙিল টেকজুৰী ৰজাবাৰী পথ, যোগাযোগ ব্যাহত

Image
Image

ধেমাজি জিলা সদৰৰ প্ৰায় ৭/৮ কিলোমিটাৰ নিলগৰ ৰজাবাৰী গাৱঁৰ পৰা ১নং টেকজুৰীলৈ যোৱা পথটো জীয়াঢল নদীৰ ওচৰৰ পাহাৰৰ প্ৰবল বৰষুনৰ ফলত দ্ৰুত গতিত বৈ অহা এখন সৰু নৈৰ এটা সুতিয়ে যোৱা ১৪ জুলাই তাৰিখে দিনৰ ১০ বজাত চিঙি নিয়াৰ ফলত গাওঁ দুখনৰ মাজত যোগাযোগ ব্যাহত হৈ পৰিছে। তাৰোপৰি নদীখনে কঢ়িয়াই অনা বালিয়ে গাওঁখনৰ খেতি পথাৰ পুতি পেলাইছে আৰু গাওঁখনৰ বহুতো পৰিয়ালৰ ঘৰৰ ভিতৰত পানী একাঁঠু পৰ্য্যন্ত হৈছে। স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে এই নদীয়া চিঙা ঠাইডোখৰত এটা কালভাৰ্ট আছিল কিন্তু পাহাৰৰ পৰা বৈ অহা নৈৰ প্ৰবল সোঁতে কালভাৰ্টটো মূহুৰ্ততে উটুৱাই লৈ যায় আৰু পথটোৰো দুয়ো মূৰে ভাঙি নি বহল কৰি পেলায়। স্তানীয় ৰাইজে সেই ঠাইত এটা ডাঙৰ পকী কালভাৰ্ট বা এখন দলং নিৰ্মাণৰ হেতু চৰকাৰৰ ওচৰত দাবী দাবী উত্থাপন কৰিছে।

নাম- বিতুপন হাজৰিকা
বয়স- ১৭ বছৰ
জিলা- ধেমাজি

মাছখোৱাৰ দেওঘৰীয়া-চিচিকলঘৰ পথৰ লাইপুলিয়া নদীৰ ওপৰেৰে বিপদসংকুল যাত্ৰা

Image
Image
Image

প্ৰেৰণা পাত্ৰ, ১৪ যু.সাং. ধেমাজিঃ দেমাজি জিলাৰ মাছখোৱা উন্নয়ন খণ্ডৰ অধীনৰ দেওঘৰীয়ৰ পৰা বালিজান হালধিবাৰী হৈ চিচিকলঘৰলৈ যোৱাৰ পথত লাইপুলিয়া নদীৰ ওপৰত থকা দলংখন বছৰৰ প্ৰথমটো বানতে উটোৱাই নিয়াৰ ফলত বৰ্তমান নাৱেৰে পাৰঘাটৰ ব্যৱস্থা অতি বিপদসংকুল হৈ পৰিছে। মাছখোৱা আৰু চিচিবৰগাওঁ উন্নয়ন খণ্ডৰ সীমাইদি বৈ যোৱা লাইপুলিয়া নদীখনৰ ওপৰেদি দৈনিক হাজাৰোধিক যাত্ৰী অহা-যোৱা দুৰ্বিষহ হৈ আহিছে। প্ৰতিবছৰে বাৰিষা দলং উটোৱাই নিয়াৰ ফলত ছাত্ৰ-ছাত্ৰী সকলৰ লগতে শিক্ষক কৰ্মচাৰী সময়মতে নিজ নিজ কৰ্মস্থানত উপস্থিত হ’ব নোৱাৰে। স্থানীয় ৰাইজে এই ঠাইখিনিৰ সংযোগ ব্যৱস্থা উন্নত কৰিবৰ বাবে এখন পকী দলং নিৰ্মাণৰ হেতু চৰকাৰৰ প্ৰতি দাবী উত্থাপন কৰিছে।

নাম- প্ৰেৰণা পাত্ৰ
বয়স- ১৪ বছৰ
জিলা- ধেমাজি

বৰষা

মেঘৰ মাদলৰ চেৱে চেৱে
ৰিম্ জিম্, চিপ্ চিপ্ বৰষুণে
জনায় স্বাগতম বৰষা তোমাক
ওফন্দি উঠে বুকু নৈ জান জুৰিৰ....
হৈ খেতিয়কৰ সঞ্জীৱনী সুধা
ওখল মাখল পথাৰ, ৰোৱনী হালোৱাৰ
সেউজী সপোন সিঁচাৰ সময় এয়া,
আম, কঠাল, জামু, লেটেকুৰ ভৰপক
গৰ্ভাৱতী হ'ব উদং পথাৰৰ বুকু
দুখিত হও যদিহে কেতিয়াবা
বৰ্ষা হৈ পৰে অভিশাপ
সঁচাই মাদকতা ভৰা তুমি বৰষা
আহিবা সৃষ্টিৰ ধাৰা হৈ
নাহিবা ধ্বংসৰ কাৰক হৈ|

নাম- শ্ৰী কস্তুৰী ভূঞা
জিলা - শিৱসাগৰ

Image
Image
Image
Image
Image
Image
Image
Image
Image
Image
Image
Image
Image

বনৰীয়া চাপৰি - ৰতনপুৰ গাঁও সংযোগী পথ , যাতায়তৰ ক্ষেত্ৰত জনসাধাৰণৰ দুৰ্ভোগ; টুলুঙা নাৱেই একমাত্ৰ ভৰষা । মাজুলী জিলাৰ ৰতনপুৰ -গায়ন গাঁও পঞ্চায়তৰ অন্তৰ্গত বনৰীয়া চাপৰি বাসীয়ে যাতায়তৰ ক্ষেত্ৰত দীৰ্ঘ দিনধৰি দুৰ্ভোগ ভোগ কৰি আহিছে ।বিশেষ কৈ বাৰিষা সময়ত টুলুঙা নাৱেৰে বনৰীয়া চাপৰি আৰু ৰতনপুৰ গাঁৱৰ সংযোগী পথত থকা এটা চিগা অংশত এই দৰে ইপাৰ সিপাৰ হব লাগে ।অন্যহাতে বিদ্যালয় খোলা সময়ত ছাত্ৰ ছাত্ৰী সকল পথটোৰে অহা যোৱা কৰাত যথেষ্ট সমস্যা হয় ।চৰকাৰে বৰ্তমানলৈকে কোনো ব্যবস্থা গ্ৰহণ কৰা নাই ।ভূক্তভোগী জনসাধাৰণে উক্ত চিগা অংশত এখন স্হায়ী দলং নিৰ্মাণ কৰি সমস্যাটো সমাধান কৰাৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে ।

উপাসনা দত্ত
মাজুলী জিলা ।
৩/৮/২০২১

বানপানীৰ কৱলত মাজুলীৰ চোমৈমাৰী অঞ্চল

Image
Image

মাজুলীৰ মাথাউৰী বাহিৰৰ অঞ্চল চুমৈমাৰীত প্ৰথমটো বানে সংহাৰ সৃষ্টি কৰিছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগেই মাজুলীৰ চৰ চাপৰিৰ অঞ্চলত পানীৰে পৰিপূর্ণ হৈ পৰিছে। ইয়াৰ বাবে সেই অঞ্চলটোৰ লোক সকলৰ উপৰি পশু সকলৰো বহু অসুবিধাৰ সন্মুখীন হৈছে। অঞ্চলটোত পানী হোৱাৰ বাবে ঘৰচীয়া জীৱ জন্তু যেনে: গৰু, গাহৰি আদিক মাথাউৰী ওপৰত বসবাসৰ ব্যৱস্থা কৰিছে স্থানীয় লোক সকলে। অঞ্চল টোৰ লোক সকলৰ জনসাধাৰণৰ বহু সম্পত্তি বিস্তৰ ক্ষতি সাধন কৰিছে। সহস্ৰাধিক লোকৰ বহু হেক্তৰ খেতি মাটি বন নষ্ট হৈছে। লগতে শিশু সকলৰো বিভিন্ন বেমাৰ-আজাৰ হোৱা পৰিলক্ষিত হৈছে। ক’ভিডৰ লগতে বানপানীৰ সমস্যাৰ সম্মুখীন হ’বলৈ বহু অসুবিধা হৈছে। সেয়ে সেই অঞ্চলৰ স্থানীয় লোক সকল চৰকাৰ আৰু বিভিন্ন দল সংগঠনক অনুৰোধ জনাইছে যে শিশু সকলৰ বাবে চিকিৎসা আৰু খাদ্য সামগ্ৰীৰ যোগানৰ লগতে পশু সকলৰ সুৰক্ষাৰ বাবে এক ব্যৱস্থা হাতত ল’বলৈ আৰু বানপানীৰ সমস্যা ৰোধ কৰিবলৈ নদী খননৰ আহ্বান জনায়।

নাম- বিদিশা শইকীয়া
জিলা- মাজুলী

জীয়াঢল নৈপৰীয়াৰ চকুলো

Image
Image
Image

জীয়াঢল নদীৰ বানে প্ৰতিবছৰে নৈপৰীয়া লোক সকলক জুৰুলা কৰি আহিছে। জীয়াঢল নদীয়ে নৈ কাষৰীয়া দুয়োপাৰ ভূমিস্খলন ঘটাই বাৰিষা আহিলেই বিধংসী ৰূপ লয়। বাৰিষা কালত নদীখনে মূল সূঁতি এৰি যেনিয়ে তেনিয়ে ঢাপলি মেলে। কোনোবা এবাৰ সিপাৰৰ জয়ৰামপুৰ, মাইছা চাপৰি, বৰদলনি, চমৰাজান আদিত তাণ্ডৱ চলাই, কোনোবা এবাৰ আকৌ টেকজুৰি, বৰ্মন গাওঁ, জীয়াঢল, দিহিৰি, দীঘলগঢ়া আদি ঠাইত বিস্তৰ ক্ষতিসাধন কৰে। এইবছৰো আহাৰ শাওন মাহৰ ধাৰাসাৰ বৰষুনৰ ফলত ২ নং টেকজুৰি অঞ্চলৰ প্ৰায় ২৫ ঘৰমান মানুহৰ খেতি পথাৰ নষ্ট কৰাৰ উপৰিও জীয়াঢলৰ এটা সূঁতিয়ে ২ নং টেকজুৰিলৈ অহা যোৱা কৰা এটা পথৰ এটা কালভাৰ্টৰ লগতে ৬০ মিটাৰমান পঠটো চিঙিলৈ যোৱাৰ ফলত উক্ত গাঁৱৰ একমাত্ৰ যাতায়াতৰ পথটোও বন্ধ হৈ যায়।

এটা কথা ক’থা কবই লাগিব যে জীয়াঢল নদীপৰীয়াৰ সুৰক্ষাৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে যদিও বৰ্তমানলৈকে কোনোটো আঁচনিয়েই সফল হোৱা দেখিবলৈ পোৱা নাই। এইবছৰো এটা গাইডবান্ধ নিৰ্মাণ কৰিছে যদিও বহু অঞ্চল এতিয়াও উন্মুক্ত হৈয়েই আছে। বাৰিষা অহাৰ লগে লগে মথাউৰি নিৰ্মাণৰ বাবে ঠিকাদাৰ মহৰিৰ গাড়ী দৌৰ দেখিবলৈ পোৱা যায়, কিন্তু যিদৰে বিজ্ঞানসন্মত ভাবে বান্ধ নিৰ্মাণ হ’ব লাগে সেইদৰে নোহোৱাৰ বাবে বছৰে বছৰে জীয়াঢল নদীপৰীয়াই জীয়াতু ভূগি আছে।

নাম- হৰ্ষিতা দত্ত
জিলা- ধেমাজি

নাজিৰাত দিখৌ নৈৰ ভয়াৱহ খহনীয়া



নাজিৰাত দিখৌ নৈৰ ভয়াৱহ খহনীয়াই নৈপৰীয়া অঞ্চলৰ পৰিয়াল সমূহক শংকিত কৰি তোলাৰ লগতে খহনীয়াত দৈনিক নৈৰ বুকুত জাহ গৈছে কেইবাশ বিঘা ভূমি, বহু পৰিয়ালৰ ঘৰ-বাৰী, গছ-গছনি, বজাৰ হাট আদি। বাৰিষাৰ সময়ত দিখৌ নৈৰ পানী বাঢ়ি অহাত বা পাহাৰত হোৱা মুষলধাৰ বৰষুণৰ ফলত দিখৌ নদীয়ে ফেনে-ফুটুকাৰে বাঢ়ি আহি তাণ্ডৱৰ সৃষ্টি কৰাত নদীৰ পাৰৰ মথাউৰিৰ কাষত বাস কৰা লোকসকলে এজাক ডাঙৰকৈ বৰষুণ দিলেই নিশা উজাগৰে কটাব লগীয়া হয়। বিশেষকৈ মহকুমাটোৰ কেন্দুগুৰি, চন্টক মিছিং গাঁও, চন্টক সাপ্তাহিক বজাৰ, বিহুবৰ নেপালী বস্তি আদি বিভিন্ন অঞ্চল দিখৌ নৈৰ ব্যাপক খহনীয়াৰ কবলত পৰি বহু এলেকা নিচিহ্ন হোৱাৰ উপৰিও বহু অঞ্চল বৰ্তমানেও নদীত জাহ যোৱাৰ উপক্ৰম হৈছে। বিশেষকৈ চন্টক সাপ্তাহিক বজাৰ আৰু চন্টক বৰ মিছিং গাঁৱলৈ যোৱাৰ পথটো ইতিমধ্যে গৰাখহনীয়াৰ কবলত পৰি প্ৰায় নিঃশেষ হোৱাৰ উপক্ৰম হৈছে। ইয়াৰ উপৰিও মানুহে বিপদসংকুলভাবে চাইকেল, মটৰচাইকেল আদি পাৰ কৰি নিয়াৰ ফলত বহুতো দুৰ্ঘটনাও সংঘটিত হৈছে। এই পথটো মানুহৰ লগতে জীৱকুলৰো মৃত্যুদুত হিচাপ থিয় দিছে। খহনীয়াই অচিৰেই সামৰিব চন্টক সাপ্তাহিক বজাৰ আৰু বহু পৰিয়ালৰ ঘৰ বাৰী। দীৰ্ঘদিনৰ পৰা অব্যাহত এই খহনীয়া ৰোধ কৰিবলৈ গাওঁবাসীয়ে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন কৰিছে যদিও আজিকোপটি কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা হাতত নোলোৱাত ৰাইজ চিন্তিত হৈছে। স্থানীয় ৰাইজে উক্ত খহনীয়াগ্ৰস্ত অঞ্চল জলসম্পদ বিভাগৰ সৈতে দৰ্শন কৰি গৰাখহনীয়া ৰোধ সোনকালে কৰাৰ বাবে দাবী জনাইছে। এই সম্পৰ্কে স্থানীয় বিধায়কক অৱগত কৰা হৈছে যদিও কোনো বিহিত ব্যৱস্থা হাতত লোৱা দেখা যোৱা নাই। আজি এই প্ৰতিবেদনৰ যোগেদি স্থানীয় ৰাইজে বিধায়কৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে যাতে তেওঁ এই সন্দৰ্ভত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰে।

নাম- মাৰ্টিনা গগৈ
জিলা- শিৱসাগৰ

চিয়াং নদীৰ প্ৰৱল গৰাখহনীয়া
বিপন্ন বৰ্ষাৰণ্য, পবা বনাঞ্চল-ঐৰামঘাট

Image

ধেমাজি জিলাৰ সীমান্তৱৰ্তী জোনাই মহকুমাৰ বৰ্ষাৰণ্য তথা জৈৱ বৈচিত্ৰৰ ভঁৰাল তথা সংৰক্ষিত বনাঞ্চল আৰু ঐৰামঘাট অঞ্চলত শেহতীয়াকৈ চিয়াং নদীৰ খহনীয়াই অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। চিয়াং নদীৰ প্ৰৱল গৰাখহনীয়াত বৰ্ষাৰণ্য তথা সংৰক্ষিত বনাঞ্চলৰ লগতে ঐতিহ্যমণ্ডিত ঐৰামঘাট অঞ্চল বিপন্ন হৈ পৰিছে। উল্লেখযোগ্য যে ১৯২৮ চনত ব্ৰিটিছৰ দিনতে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষনা কৰা জৈৱ-বৈচিত্ৰৰ ভঁৰাল পবা সংৰক্ষিত বনাঞ্চল খন ১০,২২১ হেক্টৰ ভূমি আগুৰি আছে। বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলখন বিভিন্ন মূল্যৱান গছ-গছনি, দুস্প্ৰাপ্য জীৱ-জন্তু, চৰাই-চিৰিকটি, অৰ্কিড আদিৰে সমৃদ্ধিশালী অৰণ্য। জোনাই সদৰৰ পূৱ দিশে অসম অৰুনাচল প্ৰদেশৰ সীমান্ত তথা চিয়াং নদীৰ প্ৰৱল গৰাখহনীয়াত পবা সংৰক্ষিত বনাঞ্চলৰ উৰ্বৰা সেউজীয়া ভূমি, মূল্যৱান গছ-গছনি, নদীৰ বুকুত বিলীন হৈ গৈছে। তদুপৰি চিয়াং নদীৰ খহনীয়াত বহু পৰিয়ালৰ ঘৰ-বাৰী, শস্য পথাৰ, আদি নদীৰ বুকুত জাহ গৈছে। বৰ্ষাৰণ্য, সংৰক্ষিত বনাঞ্চল আৰু ঐৰামঘাট অঞ্চলত চিয়াং নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে বিজ্ঞানসন্মত প্ৰকল্প গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে চৰকাৰৰ ওচৰত দাবী জনাইছে।

নাম- ৰুয়ুম পেগু
বয়স- ১৫ বছৰ
জিলা- জোনাই, ধেমাজি

আমলখি গাঁৱৰ পথৰ দুৰৱস্থা



সোনমনি দত্ত, ১৭, যু.সাং. ধেমাজিঃ ধেমাজি জিলাৰ ধেমাজি নগৰৰ ৯-১০ কিলোমিটাৰ নিলগৰ দক্ষিণ ধেমাজি গাওঁ পঞ্চায়তৰ অন্তৰ্গত শলিকুছি আমলখি গাঁৱলৈ যোৱা পথচৰাৰ জৰাজীৰ্ণ অৱস্থাই গাঁওবাসীক জ্বলাকলা খোৱাইছে। দক্ষিণ ধেমাজিৰ মূল পথৰ ভোমোৰাগুৰি বা শলিকুছি গাঁৱৰ পৰা আমলখি গাঁৱৰ লগতে মৌমৰী আৰু চুমনি গাঁৱলৈকে বিস্তৃত একমাত্ৰ পথটোৰে প্ৰায় তিনিশতাধিক পৰিয়াল অহা যোৱা কৰে। বানবিধস্ত অঞ্চলটোৰ বাৰিষা কালত বানপানীৰ লগতে পথচোৱাৰ দুৰৱস্থাৰ বাবে আন ব্যক্তিৰ লগতে ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ ওলাই অহাত বিশেষ অসুবিধাৰ সম্মুখীন হ’ব লগা হয়। পথটো অত্যন্ত বোকা হোৱাৰ উপৰিও মাজে মাজে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত, য’ত যান-বাহন দূৰৰে কথা, খোজকাঢ়ি যাবলৈও অসুবিধা হয়। বৰ্তমান কৰ’ণা মহামাৰীৰ বাবে বিদ্য়ালয় সমূহ বন্ধ হৈ আছে যদিও পৰৱৰ্তী সময়ত বিদ্যালয় খুলিলে ছাত্ৰ-ছাত্ৰী সকলৰ যাতে অসুবিধা নহয় তাৰ বাবে অনতিপলমে পথচোৱা নিৰ্মাণ কৰিবলৈ স্থানীয় গাওঁ পঞ্চায়তক গাওঁবাসী ৰাইজে আহ্বান জনাইছে।

নাম- সোনমনি দত্ত
বয়স- ১৭ বছৰ
জিলা- ধেমাজি

বানে বিধস্ত কৰা শান্তিপুৰ উচ্চ মাধ্যমিক বিদ্যালয়

Image
Image
Image

শিৱসাগৰ, ৩১ জুলাইঃ দিখৌ নৈৰ বছৰৰ প্ৰথমটো বানতে শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাৰ অন্তৰ্গত শান্তিপুৰ অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান শান্তিপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰতিবছৰৰ দৰে এইবাৰো বানপানীয়ে বিস্তৰ ক্ষতিসাধন কৰে। বিদ্যালয়ৰ প্ৰয়োজনীয় আচবাব পত্ৰৰ লগতে পুঠিভঁৰালৰ যথেষ্ট সংখ্যক কিতাপ আৰু খেলা-ধূলাৰ সামগ্ৰীৰ পৰা সংগীতৰ বাদ্যযন্ত্ৰ, কম্পিউটাৰ আৰু বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ সম্পূৰ্ণৰূপে বিনষ্ট হয়। বানপানীৰ লগত সহবাস কৰি অহা ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবছৰে দুৰ্ভোগ ভূগি আহিছে। প্ৰতিবছৰে এক-দুই মাহ পৰ্য্যন্ত বিদ্যালয়খন বানপানীৰ বাবে বন্ধ হৈ থকাত ছাত্ৰ-ছাত্ৰীসকল শৈক্ষিক ক্ষেত্ৰৰ লগতে খেলা-ধূলা, সংগীত আদিবোৰ দিশত বহুদূৰ পিচপৰি ৰৈ যাব লগা হৈছে বুলি বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সম্পাদিকা শ্ৰীমতী ডেইজী দত্তই আমাক জানিবলৈ দিয়ে। বিদ্যালয়ৰ গাতে থকা ৰিং বান্ধৰ ওপৰেৰে দিখৌৰ পানী বাগৰি অহাৰ ফলতে বিদ্যালয়খিনিয়ে এই দুৰ্যোগৰ সৈতে সহাৱস্থান কৰি আহিব লগীয়া হৈছে। বিবাগীয় কৰ্তৃপক্ষই এই ৰিং বান্ধটো কিছু ওখ কৰি দিলেই এই সমস্যাৰ স্থায়ী সমাধান সম্ভৱ হ’ব বুলি আমাক সচেতন মহলে জানিবলৈ দিয়ে। উক্ত সমস্যাৰ সমাধানৰ বাবে স্থানীয় গাঁও পঞ্চায়তকে আদি কৰি জিলা প্ৰশাসন আৰু স্থানীয় জনপ্ৰতিনিদিক প্ৰতিবছৰে জনাই অহা সত্তেও কোনো গুৰুত্ব নিদিয়াত ছাত্ৰ, শিক্ষক সকলো উপায়ন্তৰ হৈ পৰিছে বুলি বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত বিজয় কৃষ্ণ দত্তদেৱে অৱগত কৰে। এই প্ৰতিবেদনৰ যোগেদিয়ে বিভাগীয় কৰ্তৃপক্ষক পুনৰ আমি উক্ত বিষয়টি দৃষ্টিগোচৰ কৰালো।

নাম- কস্তুৰী ভূঞা
জিলা- শিৱসাগৰ

বানপানী সন্দৰ্ভত এটি দুৰ্যোগ ব্যৱস্থাপনাৰ এগৰাকী বিষয়াৰ সৈতে সাক্ষাৎকাৰ

প্ৰশ্নঃ বৰ্তমান আমাৰ বিশেষকৈ ডিব্ৰুগড় অঞ্চলৰ বান পৰিস্থিতিৰ বিষয়ে আপোনাৰ বক্তব্য কি ?

উত্তৰঃ বিগত কেইবছৰৰ দৰে এইবছৰো অসমৰ ১৩ খন জিলা বানপানীত আক্ৰান্ত হৈছে। জিলাকেইখ হৈছে- বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, দৰং, ধেমাজি, ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ, দক্ষিণ শালমৰা আৰু তিনিচুকীয়া জিলা। ডিব্ৰুগড় জিলাত বৰ্তমানলৈকে বানপানীয়ে বিশেষ ক্ষতিসাধন কৰা নাই। এতিয়ালৈকে অহা বানৰ দুটাকৈ ঢৌত চাবুৱা ৰাজহ চক্ৰৰ অধীনৰ দধীয়া বনগাওঁত ৩৭১৭ গৰাকী ব্যক্তি আক্ৰান্ত হৈছিল। এইসকল বানাক্ৰান্ত লোকক জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তৰফৰ পৰা চাউল, দাইল, নিমখ আদি বিতৰণৰ ব্যৱস্থা কৰা হয়।

প্ৰশ্নঃ বানপানী হোৱা অঞ্চল সমূহত ল’বলগীয়া সাৱধানতা সমূহৰ বিষয়ে কি পৰিকল্পনা লোৱা হৈছে আমাক জনাব নেকি ?

উত্তৰঃ বানপানী হোৱা অঞ্চল সমূহত প্ৰধানতঃ খাদ্য, চিকিৎসা, স্বাস্থ্য, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, অনাময় ব্যৱস্থা, সূচল যাতায়তৰ ব্যৱস্থা, বানাক্ৰান্ত লোকক উদ্ধাৰ কৰা কাৰ্য্য, আশ্ৰয় শিবিৰ স্থাপন আদিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আগতীয়াকৈ পৰিকল্পনা যুগুত কৰা হয়। ইয়াৰ উপৰিও বানাক্ৰান্ত লোকৰ বাবে বানপানীৰ আগত অথবা বানপানীৰ সময়ত আৰু বানৰ পিছৰ পৰ্য্যায়ত ল’বলগীয়া ব্যৱস্থাসমূহৰ বিষয়ে প্ৰচাৰ চলোৱা হয়। বহুক্ষেত্ৰত প্ৰশিক্ষিত স্বেচ্চাসেৱক বাহিনীৰো সহায় লোৱা হয়।

প্ৰশ্নঃ এই বানপানী যেতিয়া হয় তেতিয়া বিশেষকৈ কোন কোন ব্যক্তি বিশেষৰ বেছি অসুবিধা হয় বুলি ভাবে ?

উত্তৰঃ বানপানীত বিশেষকৈ শিশু, মহিলা, সন্তানসম্ভৱা মহিলা, শাৰীৰিকভাৱে দূৰ্বল, অক্ষম, ৰুগীয়া আৰু বৃদ্ধ লোকসকলে বেছি অসুবিধাৰ সম্মুখীন হোৱা দেখা যায়।

প্ৰশ্নঃ বানপানী অধ্যুষিত অঞ্চল সমূহৰ ব্যক্তি সকলে যোগাযোগৰ ব্যৱস্থা কি ধৰণে কৰে ?

উত্তৰঃ বানপানী হোৱা অঞ্চলসমূহত যোগাযোগৰ বাবে সেই অঞ্চলৰ ৰাইজে প্ৰধানতঃ হাত নাও আৰু কিচুক্ষেত্ৰত মেছিন নাও ব্যৱহাৰ কৰে। তদুপৰি অসামৰিক প্ৰতিৰক্ষা বিভাগৰ দ্বাৰা এই লোকসকলৰ মাজত থলুৱাভাবে ঘৰতে উপলব্ধ সামগ্ৰীৰ দ্বাৰা নিৰ্মাণ কৰা নাও, ওপঙা সামগ্ৰী ব্যৱহাৰ কৰা দেখা যায়।

প্ৰশ্নঃ বানপানী হোৱা অঞ্চল সমূহত মানুহৰ মাজত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা যায়, আপোনাৰ এই প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনাৰ ফালৰ পৰা কিবা ব্যৱস্থা লোৱা হয় নেকি ? যদি হয়, সেইবোৰ কেনেধৰণৰ হয় ?

উত্তৰঃ বানাক্ৰান্ত লোকৰ মাজত দেখা দিয়া বিভিন্ন ৰোগ যেনে জ্বৰ, কাহ, ডায়েৰিয়া আদি নিৰাময়ৰ বাবে চিকিৎসা বিভাগৰ দ্বাৰা ভ্ৰাম্যমান চিকিৎসকৰ দল সঘনাই প্ৰেৰণ কৰা হয়। বানপানী শুকোৱাৰ পিছত সকলো অঞ্চললৈ চিকিৎসকৰ দল অধিক মাত্ৰাত প্ৰেৰণ কৰা হয়। এইক্ষেত্ৰত চিকিৎসা কৰ্মী সকলৰ লগতে বানাক্ৰান্ত অঞ্চললৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দল, পশুধন বিবাগৰ দল পঠিওৱা হয় যাতে বিশুদ্ধ খোৱাপানী, অনাময় ব্যৱস্থা আৰু পশুচিকিৎসাৰ ব্যৱস্থা কৰিব পৰা যায়।

প্ৰশ্নঃ এই দুৰ্যোগৰ সময়ত আমাৰ শিশু সকলক কি কাৰণে ৰক্ষণাবেক্ষণ দিয়া হয় জানিব পাৰোঁ নেকি ?

উত্তৰঃ শিশুসকলৰ সুৰক্ষাৰ বাবে সমাজকল্যাণ বিভাগৰ অধীনস্থ অংগনবাদী কৰ্মীসকলে ব্যৱস্তা গ্ৰহণ কৰে। শিশুখাদ্য বিতৰণ, স্বাস্থ্য সুৰক্ষাৰ বিভিন্ন বিধি আদিৰ ওপৰত শিশুক শিক্ষা প্ৰদান কৰা হয়। স্বাস্থ্য কৰ্মীৰ সহায়ত শিশুৰ স্বাস্থ্যৰ নিয়মীয়া পৰীক্ষণ, আশ্ৰয় শিবিৰত থকা শিশুসকলৰ বাবে শিশু উমলা গৃহ তথা শিক্ষাৰ ব্যৱস্থা কৰা হয়। আনহাতে, শিশুসকলে যাতে বাৰিষাৰ এই সময়চোৱাত বিভিন্ন জলাশয়ত খেলা-ধুলা কৰাৰ পৰা বিৰত থাকে তাৰবাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ ব্যৱস্থা কৰা হয়।

প্ৰশ্নঃ বানপানীৰ ফলত হোৱা বিভিন্ন সমস্যা সমূহ সমাধানৰ কি স্থায়ী ব্যৱস্থা লোৱা আছে জনাব নেকি ?

উত্তৰঃ বানপানীৰ ফলত বাট-পথ, বিদ্যালয় গৃহ, অংগনবাদী কেন্দ্ৰ, খোৱাপানীৰ উৎসসমূহ, ঘৰদুৱাৰ, চিকিৎসাকেন্দ্ৰ, মাছ পোহা পুখুৰী আদি ৰাজহুৱা আৰু ব্যক্তিগত সম্পদসমূহৰ ক্ষতিসাধন হয় আৰু এইবোৰে অন্যফালেদি বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। এই সমস্যাসমূহ লাঘৱ কৰিবৰ বাবে চৰকাৰীভাবে ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ তথা পুনৰনিৰ্মাণৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয়। আনহাতে ৰাজহুৱা সম্পদসমূহৰ পুনৰনিৰ্মাণৰ উদ্দেশ্যে চৰকাৰী বিভাগসমূহে ব্যৱস্থা গ্ৰহণ কৰে।

নাম- হৰ্ষিতা চক্ৰৱৰ্তী
জিলা- ডিব্ৰুগড়

Image
Image

ধেমাজি জিলাৰ মাজমজিয়াত ৮ নং ৱাৰ্ডৰ ভদ্ৰপাৰা অঞ্চলত থকা ১ নং বেংগলীচুকৰ মাজেৰে যোৱা পথটো বৰ্তমান সামান্য এজাক বৰষুনতে কৃত্ৰিম বানপানীৰে ভৰি পৰে। এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই। এই পথটো ধেমাজি টাউন কমিটিৰ তৰফৰ পৰা নিৰ্মাণ কৰা হৈছিল। কিন্তু নৰ্দমাৰ ব্যৱস্থা নথকাৰ বাবেই এনে অসুবিধা হৈছে বুলি ইয়াৰ ওচৰৰ লোকসকলে কৈছে।

এজাক বৰষুনতে বানপানী হোৱাৰ বাবে বহুলোকৰ কামলৈ যাবলৈও অসুবিধা হৈছে। আৰু পানী জমা হৈ থকাৰ বাবে ম’হৰ দৰে কীট-পতংগৰ সংখ্যা বাঢ়িছে। ইয়াৰ বাবে বিভিন্ন ধৰণৰ বেমাৰ মানুহৰ শৰীৰত হ’ব পাৰে। যোৱা বছৰ ক’ভিড মহামাৰীৰ সময়ত এগৰাকী ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল সময়মতে এম্বুলেঞ্চখন আহিব নোৱাৰাৰ বাবে। ৰাস্তাটো বহুত ঠেক হোৱাৰ বাবে এম্বুলেঞ্চখন সোমাব নোৱাৰিলে। এনে অলেখ অসুবিধাৰ সম্মুখীন হৈ আহিছে ইয়াৰ লোকসকল। সোনকালে ৰাস্তাটো ভাল হ’ব বুলি সকলোৱে আশা ৰাখিছে যাতে আগলৈ এনে দুখ ভোগ কৰিব লগীয়া নহয়।

নাম- অনন্যা কাশ্যপ
জিলা- গুঞ্জন মইনা পাৰিজাত
জিলা- ধেমাজি

Copyright © 2020 UNICEF Assam

Address: Bylane Number 2, Rani Bagan, Guwahati, Assam 781038

Facebook Twitter Instagram
Image Image Image