Image

সম্পাদকীয়

মৰমৰ

 বন্ধু-বান্ধৱী সকল,

  আশা কৰো তোমালোক সকলো ভালে আছা। মুক্ত আকাশৰ লগত জড়িত সকলো ব্যক্তিলৈকে আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদৰ লগতে নমস্কাৰ জনাইছোঁ।

 আমাৰ দেশৰ হাজাৰ-হাজাৰ শিশু পুষ্টিহীনতাত ভুগি মৃত্যুৰ মুখত পৰে।শিশু কালতে শিশুক প্ৰয়োজনীয় পুষ্টিকৰ অহাৰ যোগান ধৰিব নোৱাৰিলে আৰু শিশু কালত শিশুক বিভিন্ন প্ৰতিষেধক প্ৰদান নকৰিলে শিশুৱে পয়ালগা ইত্যাদি ৰোগত আক্ৰান্ত হোৱা দেখা যাই। বৰ্তমান চৰকাৰে শিশুক সুস্থ কৰি ৰখাৰ বাবে বিভন্ন আঁচনি হাতত লৈছে আৰু শিশুৰ বাবে দেশৰ লক্ষ্য-লক্ষ্য অংগনবাদী কেন্দ্ৰৰ যোগেদি শিশুক পুষ্টিকৰ আহাৰ যোগান ধৰিছে।প্ৰাৰ্থমিক কেন্দ্ৰৰ যোগেদি শিশুৰ টিকাকৰণৰ ব্যৱস্থাৰো নিশ্চিত কৰিছে। জন-জাগৰণ আৰু সচেতনতাই চৰকাৰৰ এই আঁচনি সমূহ অধিক প্ৰভাৱাম্বিত কৰিব।

 আশা কৰো সকলোৱে সুস্থ-সবল হৈ থাকিব। পুনৰ বাৰ মৰম আৰু ধন্যবাদ জনালো।

নাম- স্বাগতা শইকীয়া
জিলা- মাজুলী

শিশুকালৰ স্বাস্থ্য আৰু পুষ্টিৰ বিষয়ে একলম

 শিশু বুলি ক’লে আমি ০ ৰ পৰা অৰ্থাৎ জন্মৰ পৰা ১৮ বছৰ বয়সলৈকে শিশুকাল বুলি ধৰা হয়। এই সময়ছোৱাত শিশু সকলৰ বিশেষভাবে ধ্যান ৰখাটো অধিক প্ৰয়োজনীয়। গৰ্ভাৱস্থাৰ সময়ত মহিলাসকলে বহুত সাৱধানতাৰে থাকিব লাগে আৰু খোৱা-বোৱাৰ ক্ষেত্ৰত ধ্যান দিব লাগে। কাৰণ গৰ্ভাৱস্থাৰ সময়ত যেতিয়ালৈকে শিশুটিৰ জন্ম নহয়, তাৰ আগলৈ মাতৃ গৰাকীয়ে যি আহাৰ গ্ৰহণ কৰিব সেয়া শিশুটিৱে পাব। সেয়েহে গৰ্ভাৱস্থাৰ সময়ত মহিলাসকলে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব লাগে, যেনে- গাখীৰ, দৈ, ফল-মূল আৰু ভিটামিন থকা খাদ্য আদি খাব লাগে। আৰু যেতিয়া শিশুটি জন্ম পাব, তাৰ পিছত শিশুটিক ৬ মাহলৈ মাকৰ গাখীৰ খুৱাব লাগে, এয়া শিশুৰ বাবে বহু বেছি পুষ্টিকৰ আৰু প্ৰয়োজনীয়। শিশুটিৰ ১৮ বছৰ নোহোৱালৈকে তাৰ আগৰ কালছোৱা ভালদৰে যত্ন ল’ব লাগে, চোৱা-চিতা কৰিব লাগে, সদায় এটা ধুনীয়া পৰিবেশত ডাঙৰ-দীঘল কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু যেতিয়া শিশুটি লাহে লাহে ডাঙৰ হৈ খোজ কাঢ়িবলৈ, কথা ক’বলৈ শিকে, তেতিয়াৰে পৰা খেল-ধেমালি, নাচ-গান কৰাৰ লগতে অন্যান্য শিশু কালত কৰিব মন যোৱা কামবোৰ কৰি ভাল পায় তথা আনন্দিত হয়। এই ক্ষেত্ৰত মাক-দেউতাক সকলেও বাধা প্ৰদান কৰিব নালাগে কাৰণ এই সময়ছোৱাত তেওঁলোকৰ বিশেষ বুদ্ধি নাথাকে আৰু তেওঁলোকক হাঁহি ধেমালিৰে থাকিব দিব লাগে। তাৰ পিছত ৬ বছৰ হোৱাৰ লগে লগে স্কুলত নামভৰ্তি কৰি দিব লাগে। যাতে, খেলা-ধূলাৰ লগতে শৈক্ষিক, মানসিক আৰু সাংস্কৃতিক আদি দিশতো আগবাঢ়ি যাব পাৰে।

নাম- শ্ৰীমতী অমিয়া নাইক
স্থান- তৰাজান চাহ বাগিছা
জিলা- ডিব্ৰুগড় (বি.চি.পি)

শৈশৱ কালৰ বিকাশ

 শৈশৱ কাল বুলি কলে আমি শিশু সকলকে কওঁ। শৈশৱ কাল সাধাৰণতে জন্মৰ পৰা ১২ বছৰ বয়সলৈকে ধৰা হয়‌। কিন্তু এই শৈশৱ কালক দুই ধৰণে ভাগ কৰা হয়। প্ৰাক শৈশৱ কাল আৰু শৈশৱ কাল। জন্মৰ পৰা ছয় বছৰ বয়সলৈকে প্ৰাক্ শৈশৱ কাল। ইয়াতে ০-৩ বছৰ আৰু ৩-৬ বছৰ। শূণ‍্য মানে শিশুটো মাতৃ গৰ্ভত থকা অৱস্থা। এই সময়ত শিশুটোৰ বিকাশ নিৰ্ভৰ কৰে মাতৃয়ে নিজৰ ওপৰত লোৱা যত্ন। সেই সময়ত মাতৃয়ে খোৱা বোৱাৰ যত্ন লব লাগে, পুষ্টিকৰ আহাৰ খাব লাগে। যথেষ্ট পৰিমাণ পানী খাব লাগে। পৰিমিত আহাৰ যেনে খোৱাৰ পৰিমাণ বঢ়াব লাগে, যাতে নিজৰ লগতে জন্ম হ'ব লগা শিশুটোৱে খাদ্য লাভ কৰিব পাৰে। মাতৃৰ স্বাস্থ‍্য ভাল থাকিলে শিশুটো সূস্থ হৈ থাকিব আৰু উপযুক্ত ভাবে বৃদ্ধি আৰু বিকাশ হব। সদায় চিকিৎসকৰ পৰামৰ্শ লব লাগে যাতে মাতৃ আৰু শিশুৰ স্বাস্থ‍্য অটুত থাকিব পাৰে। পৰিষ্কাৰ পৰিচ্ছন্ন পৰিবেশত থাকিলে বেমাৰৰ পৰা হাত সাৰিব আৰু স্বাস্থ্য ভালে থাকিব। শিশু জন্মৰ লগে লগে শিশুটো যাতে ভালে থাকে তাক উপযুক্ত আৰু সুস্থ পৰিবেশ দিব লাগিব আৰু মাতৃয়ে যতন কৰিব লাগিব। মাকৰ মৰম আৰু যত্নৰ ফলত শিশুৰ বিকাশ আৰু বৃদ্ধি হয়। শিশুৰ জন্মৰ পৰা ৩ বছৰ পৰ্যন্ত ঘৰখনেই শিশুৰ বিকাশ আৰু বৃদ্ধিৰ স্থল। ৩ বছৰৰ পিছত প্ৰাক প্ৰাথমিক শিক্ষাৰ বাবে প্ৰাক্ প্ৰাথমিক শিক্ষা কেন্দ্ৰ বা অঙ্গনবাদী কেন্দ্ৰত ছয় বছৰ বয়সলৈকে স্বাস্থ্য, শিক্ষাৰ বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰা হয়। বিভিন্ন বেমাৰৰ পৰা হাত সাৰিবৰ বাবে বিভিন্ন টিকাকৰণ আচঁনি ভিটামিন A ৰ সেৱন কাৰ্যসূচীৰে শিশুক সহায় কৰে। লগতে পৰিবেশৰ বস্তু সমূহৰ প্ৰতি সম্যক জ্ঞান আৰু সমাজিক ভাবে লগ-বন্ধু সমূহৰ লগত মিলিবলৈ, নিজৰ শৰীৰৰ অঙ্গ-প্ৰত‍্যঙ্গ সমূহৰ সঞ্চালন হবলৈ খেলৰ মাধ্যমেৰে শিকোৱা হয়। মুঠতে কবলৈ হ'লে এই সময়ত শিশু সকলৰ সৰ্বাত্মক বিকাশ যেনে শাৰীৰিক, ভাষিক, আবেগিক, বৌদ্ধিক আৰু সামাজিক বিকাশ সাধনৰ বাবে বিভিন্ন খেলৰ মাধ্যমেৰে বিভিন্ন কাৰ্য্য কৰোৱা হয় যাতে ভৱিষ্যতে শিশুৱে সুন্দৰ ভাবে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে। শিশুৰ বিকাশ বা বৃদ্ধি নহলে ভবিষ্যতে শিশু আগবাঢ়িব নোৱাৰিব। উপযুক্ত সময়ত বিভিন্ন উদ্দীপনা মূলক কামৰ মাজেদি বিকাশত সহায় কৰিব।

 সুস্থ পৰিবেশ, পুষ্টিকৰ খাদ্য, পৰিষ্কাৰ-পৰিছন্নতাই শিশু বিকাশ আৰু বৃদ্ধিৰ মূল চাবি কাঠি।

নাম- হৰ্ষিতা চক্ৰৱৰ্তী
জিলা- ডিব্ৰুগড়

এফ.এফ.এল ভিডিও’ৰ সহায়ত পৰিপুষ্টিৰ জ্ঞান

 ডিব্ৰুগড় জিলাৰ অন্তৰ্গত জামিৰা চাহ বাগিছাৰ ববিতা তুৰী নৱম শ্ৰেণীত পঢ়ি থকা এগৰাকী ছাত্ৰী আৰু লগতে এবিতা ইউনিচেফৰ (ABITA-UNICEF) কিশোৰী গোটৰ এগৰাকী নিয়মীয়া সদস্যা। ববিতাহঁতৰ কিশোৰী গোটৰ সাপ্তাহিক আলোচনাত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। ক্লাবলে আহি পৰিপুষ্টিৰ ওপৰত ববিতাই যথেষ্ট কথা শিকিবলৈ পাইছে। তাই কয়, “আগতে মই শুকানকৈ ভাত আৰু ৰুটি খাইছিলো। দাইল, শাক-পাচলি কমকৈ খোৱা হৈছিল বা খাব মন যোৱা নাছিল। কিন্তু যেতিয়া ক্লাবত আমাক এফ.এফ.এল ভিডিও সমূহ দেখুৱালে, তেতিয়াহে বুজি পালো যে আমাৰ খাদ্য সমূহৰ ক’ত কি ভিটামিন থাকে আৰু এই ভিটামিন সমূহৰ অভাৱ হ’লে আমাৰ দেহত দেখা দিব পৰা সমস্যা, যেনে- এনিমিয়া, কুকুৰিকণা, পয়া লগা ইত্যাদি ৰোগৰ ভয়াৱহতাৰ বিষয়েও জানিব পাৰিলো।” ববিতাই লগতে আমাক কয়, আমি ভাতৰ পৰা কাৰ্বহাইড্ৰেট, শাক-পাচলিৰ পৰা ভিটামিন, দাইলৰ পৰা প্ৰটিন পাওঁ। আমাৰ খোৱা থালিখনৰ খাদ্যসমূহ ত্ৰি-ৰঙৰ হ’লেহে আমি আমাৰ আহাৰৰ পৰা সম্পূৰ্ণ পুষ্টি পাওঁ। এই সমূহৰ লগতে আমি প্ৰ’টিন, কেলচিয়াম, আইৰণ আদি আমাৰ শৰীৰে সময়ে সময়ে পায় থাকিবলে মাছ, মাংস, কণী, গাখীৰ ইত্যাদি খায় থাকিব লাগে। তাৰোপৰি আমি খোৱা খাদ্যৰ পৰা যাতে আমি আইৰণ ভালদৰে পাওঁ তাৰবাবে খাদ্যৰ লগত ভিটামিন চি খাব লাগে। ভিটামিন চি আমি টেঙাজাতীয় শাক-পাচলি, ফল-মূল আদিৰ পৰা পাওঁ। এই কথা সমূহ জানিব পোৱাৰ পাছৰ পৰাই ববিতাই শাক পাচলি খোৱাৰ ওপৰত গুৰুত্ব দিব ধৰিলে আৰু লগতে তাইৰ পৰিয়ালৰ অন্যান্য সদস্য সকলকো ভিটামিন যুক্ত খাদ্য খালে হোৱা উপকাৰিতাৰ কথা বুজালে। ববিতাই লগতে আৰু কয় যে, “আগতে প্ৰায়ে মোৰ গা-বেয়া হৈ থাকিছিল, পেটৰ বিষ হৈ থাকিছিল, যেতিয়াৰ পৰা মোৰ খাদ্যভ্যাস সলনি কৰিব ধৰিলো তেতিয়াৰ পৰা এই সমস্যা সমূহ লাহে লাহে নোহোৱা হ’ব ধৰিলে। এতিয়া মোৰ লগতে মোৰ ঘৰৰ অন্যান্য সদস্য সকলেও পুষ্টিকৰ খাদ্য খোৱাত গুৰুত্ব দিয়ে।

নাম- উৰ্মিলা তাচা
বয়স- ১৫
জিলা- ডিব্ৰুগড়

গৰ্ভৱতী মহিলাক পৰিপুষ্টিৰ বাবে খাদ্য বিতৰণ

Image
Image

 তিনিচুকীয়া জিলাৰ অন্তৰ্গত ৰাইডাং চাহ বাগিচাত বাগিচা পৰিচালনা সমিতিয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ সহযোগত চাহ বাগিচাৰ গৰ্ভৱতী মহিলা সকলক প্ৰত্যেক দেওবাৰৰ দিনটোত খোৱা বস্তু দি থকা হৈছে। গৰ্ভৱতী মহিলা সকলে যাতে সম্পূৰ্ণ পৰিপুষ্টি পায় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি 200 মি.লি. গাখীৰ আৰু দুটা সিজোৱা কণী খাবলৈ দিয়া হয়।

 আমি প্ৰায়ে দেখিবলে পাওঁ আমাৰ বাগান অঞ্চল সমূহত গৰ্ভৱতী মহিলা সকলে যেনেধৰণৰ সহায়ৰ হাত পাব লাগে সেইয়া নাপায় বা তেওঁলোকে সেইয়া নিজেই বিভিন্ন কাৰণত গোটাই ল’ব নোৱাৰে। যাৰ ফলত গৰ্ভৱতী মহিলা সকল সম্পূৰ্ণ পুষ্টিৰ পৰা বঞ্চিত থাকিব লগা হয়। গৰ্ভৱতী অৱস্থাত পৰিপুষ্টি ভালদৰে নাপালে এটা সূস্থ শিশু জন্ম হ’ব নোৱাৰে, হয়তো মহিলা গৰাকী মৃত্যুৰ মুখতো পৰিব পাৰে। এনেধৰণৰ সম্ভাৱনা সমূহ নোহোৱা কৰিবৰ বাবেই বিভিন্ন ধৰণৰ আচঁনি প্ৰস্তুত কৰি তোলা হৈছে।

 সেইয়ে আমাৰ বাগিচাত মহিলা সকলক কিছু পৰিমাণে হ;লেও সহায়ৰ হাত আগবঢাবলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সহযোগত এই পদক্ষেপ লোৱা হৈছে। কিন্তু দেখা গ’ল যে খোলা দিনবোৰত বেছিভাগ কৰ্মৰত মহিলা সকল সেই সুবিধা গ্ৰহণ কৰিব আহিব নোৱাৰে। সেইয়ে বাগান কৰ্তৃপক্ষই দেওবাৰৰ দিনটোতে এই সুবিধা প্ৰদান কৰাৰ কথা ঠিক কৰে। এতিয়া প্ৰত্যেক দেওবাৰে গৰ্ভৱতী মহিলা সকলে স্বাস্থ্য কেন্দ্ৰত গোট খায় আৰু বাগিচা কৰ্তৃপক্ষৰ উপস্থিতিত খোৱা বস্তু সমূহ প্ৰদান কৰা হয়। এই সন্দৰ্ভত আমাৰ চাহ বাগিচাৰ চিকিৎসকে কয় “যিহেতু আমাৰ বাগিচা খন ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অন্তৰ্গত, সেইয়ে আমৰা বাগিচাৰ গৰ্ভৱতী মহিলা সকলে যাতে এন.এইছ.এম দি থকা সুবিধা খিনি পায় সেই কথা আগত ৰাখিয়েই এই পদক্ষেপ লোৱা হৈছে। আশা কৰিছোঁ এই পদক্ষেপৰ দ্বাৰা গৰ্ভৱতী মহিলা সকলে অলপ হ’লেও সহায় পাব।”

নাম- সুনীতা খেৰিয়া
বয়স- 19
জিলা- ডুমডুমা, তিনিচুকীয়া

ৰাইডাং চাহ বাগিচা

  যোৱা ছেপ্টেম্বৰ মাহত পুষ্টিকৰ মাহ হিচাপে ৰাইডাং চাহ বাগিচাত প্ৰত্যেক ০-৫ বছৰৰ ল’ৰা-ছোৱালীৰ স্বাস্থ্য আৰু ওজনৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এবিটা (ABITA) কৰ্মকৰ্তা আৰু আশা, অংগনবাদীৰ সহযোগত VHND আৰু Immunisation Camp সমূহ মনিটৰ কৰি যোৱা হয়। দেখা গ’ল যে কিছুমান ল’ৰা-ছোৱালীৰ বয়স অনুপাতে ওজন কম আৰু স্বাস্থ্যও ভাল নহয়। সেই ল’ৰা-ছোৱালীবোৰক পুনৰ ভাল স্বাস্থ্যলৈ ঘূৰাই আনিবলৈ এবিটা (ABITA) ৰ উদ্যোগত আশা অংগনবাদী গোটৰ লগ হৈ পুষ্টিহীনতাত ভূগা ল’ৰা-ছোৱালী বিলাকৰ ঘৰৰ পৰ্য্যবেক্ষণ কৰি মাক-দেউতাকক লগ ধৰি তেওঁলোকৰ স্বাস্থ্যৰ বিষয়ে কথা পাতি চিকিৎসকৰ ওচৰলৈ লৈ যোৱা হয়। লগতে, এফ.এফ.এল (FFL) ভিডিওত থকা পৰিপুষ্টি আৰু বৃদ্ধি (Nutrition and Growth) ৰ খণ্ডটো মাক সকলক দেখুৱাই ল’ৰা-ছোৱালীৰ কেনেদৰে যত্ন কৰিব লাগে সেই বিষয়ে বুজোৱা হয়। শিশু এটাক কেনেদৰে গাখীৰ খুৱাব লাগে, জন্মৰ পৰা ৬ মাহলৈ কেৱল মাকৰ গাখীৰ, লগতে ৬ মাহৰ ওপৰৰ শিশুক মাকৰ গাখীৰৰ ওপৰিও সেউজীয়া শাক-পাচলি, ফল-মূল, ভাত, ৰুটি, দাইল, আইৰণযুক্ত আহাৰ ইত্যাদি নিয়মীয়াকৈ খুৱাব লাগে। লগতে মাতৃ গৰাকীয়েও উপযুক্ত আহাৰ সেৱন কৰিব লাগে। তেওঁলোকক সময়ে সময়ে নিৰীক্ষণ কৰি কৰি পুষ্টিহীনতাত ভোগা ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ উন্নতি হৈছে নে নাই তাৰ বুজ লোৱা হয়। এনেদৰে বহুতো পুষ্টিহীনতাত ভোগা শিশুৰ স্বাস্থ্যৰ উন্নতি হৈছে, তেওঁলোকৰ সুস্বাস্থ্য ঘূৰি আহিব ধৰিছে। এই ক্ষেত্ৰত মই ৰাইডাং ৮ নং লাইনৰ এটি শিশুৰ, যিয়ে পুষ্টিহীনতাত ভূগিছিল, তেওঁৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছো।

 শিশুটিৰ নাম ৰিচভ ঠাকুৰ, বয়স ৪ মাহ। শিশুটিৰ মাকৰ নাম মধু কুমাৰী আৰু দেউতাকৰ নাম মুন্না ঠাকুৰ। যোৱাটো দুমাহত ৰিচভৰ ওজন ২ কেজি ৩০০ গ্ৰাম আছিল। পিছত অংগনবাদী, আশা কৰ্মী ইত্যাদিসকল লগ হৈ মাক-দেউতাকক বুজাই ল’ৰাটোৰ ভালদৰে চোৱা-চিতা কৰি সময়মতে গাখীৰ খুৱাই ওজন লয়। বৰ্তমান ৰিচভ ঠাকুৰ সুস্থ অৱস্থালৈ ঘূৰি আহিছে আৰু ওজন দিনক-দিনে বাঢ়িবলৈ ধৰিছে।

 ৰিচভৰ মাকৰ সৈতে আলোচনা কৰাত তেখেতে কয়, “মোৰ ল’ৰাটো ২ মাহ বয়সত ওজন কমি পুষ্টিহীনতাত ভুগিছিল। অংগনবাদী কেন্দ্ৰত এবিটা (ABITA) ৰ উদ্যোগত ওজন লোৱাত, মোৰ ল’ৰাৰ ওজন কম হৈ থকাটো চিনাক্ত হয়। তাৰ পিছত মবিলাইজাৰ, আশা, অংগনবাদী বাইদেউ সকলে আহি বুজাই দিয়ে যে শিশুক কেনেকৈ গাখীৰ খোৱাব লাগে, কি খাব লাগে, টিকাকৰণ সময়মতে কৰোৱা ইত্যাদিৰ বিষয়ে সুন্দৰভাৱে বুজাই দিয়ে আৰু ময়ো সেইমতে কৰিব ধৰিলো। বৰ্তমান মোৰ ল’ৰা সুস্থ অৱস্থাত আছে আৰু ওজনো বাঢ়ি আহিছে। মই এই ক্ষেত্ৰত এবিটা (ABITA) ক ধন্যবাদ দিব বিচাৰো, এনেকুৱা কাম-কাজৰ মাধ্যমেৰে ল’ৰা-ছোৱালীৰ বৃদ্ধি-বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰি তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মানুক সজাগ কৰাৰ যি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে, তাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। মোৰ ল’ৰাৰ অপুষ্টিৰ কথা যদি সময়মতে নাজানিলো হয়, তেনেহ’লে হয়তো আজি মোৰ ল’ৰা নাথাকিল হয়। সেয়েহে, মই মবিলাইজাৰ, আশা আৰু অংগনবাদী বাইদেউ সকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ।

নাম- সুনীতা খেৰীয়া
বয়স- ২০ বছৰ
জিলা- তিনিচুকীয়া

মৰমৰ আই

মৰমৰ আই অ মোৰ আই
জীৱনৰ লগৰী তুমিয়ে,
তুমি মোৰ সহাঁৰি আছিলা
যেতিয়া মই সৰু আছিলোঁ।
তুমি মোক তুলি-তালি কৰিলা ডাঙৰ,
ইমান ধুনীয়া জগতখন
তুমিয়ে মোক দেখুৱালা।
যেতিয়া মই কান্দিছিলো,
তুমিয়ে মোক হাঁহিবলৈ শিকাইছিলা,
সকলোবোৰ সুখ তুমিয়ে মোক দিলা।
মৰমৰ আই, অ মোৰ আই!
কিনো বিচাৰিম তোমাক
তুমি মোক এই ধুনীয়া
পৃথিৱীখনেই চোন দেখুৱালা।

নাম- চনিয়া হাঁছা
বয়স- ১৬ বছৰ
বকপৰা চাহ বাগিচা
জিলা- দিব্ৰুগড় (বি.চি.পি)

ডিব্ৰুগড়ৰ গাভৰুপথাৰস্থিত গাভৰুপথাৰ LP স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰী সকলৰ স্বাস্থ্য, পৰিস্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি থকা সজাগতামূলক মনোভাৱ

Image
Image
Image

 ডিব্ৰুগড়ৰ মাজ মজিয়াত অৱস্থিত এখন প্ৰাথমিক বিদ্যালয়, গাভৰু পথাৰ প্ৰাথমিক বিদ্যালয়, স্থাপিত ১৯৬১ চনত। খুউব কম ঠাইত পৰিপাটিকৈ এক সুন্দৰ পৰিবেশত গঢ় লৈ উঠা এখন প্ৰাথমিক বিদ্যালয়। বিদ্যালয়ৰ প্ৰধান শিক্ষকক লগ কৰাত তেখেতে জানিবলৈ দিয়ে, বিদ্যালয়খনৰ প্ৰত্যেক গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ সহযোগত চহৰৰ মাজমজিয়াত ১৮নং ৱাৰ্ডৰ এইখন বিদ্যালয়ে বিগত ২০১৮-১৯ বৰ্ষত চৰকাৰৰ ফালৰ পৰা কৰা গুনোৎসৱত A+ গ্ৰেড অৰ্জন কৰিবলৈ সক্ষম হয়। বিদ্যালয় খন দৰ্শন কৰিবলৈ যাওঁতে প্ৰধান শিক্ষকৰ লগত কথা বাৰ্তাৰ লগতে বিদ্যালয় খনৰ ৰান্ধনিশাল খনো চোৱা হয়। ৰান্ধনি দুগৰাকীক লক্ষ্য কৰা হয়। সুন্দৰকৈ মুৰত টুপী, এপ্ৰন পৰিহিতা মহিলা দুগৰাকীয়ে পৰিপাটি ৰান্ধনি ঘৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে খাদ্য বনাই থোৱা পৰিলক্ষিত হয়। ঠিক তেনেদৰে, শৌচালয় সমূহো পৰিস্কাৰ আৰু পানীৰো উপযুক্ত ব্যৱস্থাও দেখা গ’ল। দমকল ইত্যাদিৰ সুবিধাও দেখা গ’ল। শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীসকলে দূৰত্ব বজায় ৰাখি মুখত মাস্ক পৰিধান কৰি পাঠ গ্ৰহণ কৰিছে। জানিবলৈ পোৱা গৈছে যে সকলো সিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ অহাৰ পিছতেই হাত চেনিটাইজ কৰিহে শ্ৰেণীকোঠাত সোমায়। মধ্যাহ্ন আহাৰ খোৱাৰ আগতে হাত ধোৱাৰ বিধি সমূহ মানি হাত ধুইহে খাদ্য গ্ৰহণ কৰে। এই হাতধোৱাৰ প্ৰশিক্ষণ শিশুসকলে লোৱা বুলি অৱগত কৰে। ইয়াৰ উপৰিও ২০২০ বৰ্ষত মহামাৰী ক’ভিডৰ সময়ত এই বিদ্যালয়ে অনলাইন পাঠদানৰ ব্যৱস্থা কৰে আৰু যি সকল ল’ৰা-ছোৱালীয়ে অনলাইন পাঠগ্ৰহণ কৰিবলৈ অসমৰ্থ হয়, সেইসকল ল’ৰা-ছোৱালীৰ অভিভাৱকৰ সন্মতি সাপেক্ষে ঘৰলৈ গৈ পাঠদানৰ ঘৰুৱা কাৰ্য্য দিবলৈ সক্ষম হয়। প্ৰধান শিক্ষকগৰাকীয়ে জানিবলৈ দিয়ে যে লকডাউনৰ সময়ত অভিভাৱকৰ লগত ১০০ শতাংশ যোগোযোগ তেওঁলোকে ৰাখিছে আৰু সফলো হৈছে। এই বিদ্যালয়খনত নিৰ্দিষ্ট পাঠ্যক্ৰমৰ উপৰিও সহ পাঠ্যক্ৰম যেনে- মাটিৰ কাম, বাহৰ কাম, নাচ-গান, ছবি অঁকা আদিৰ প্ৰশিক্ষণ তেওঁলোকে নিজাববীয়াকৈ দিয়ে। সপ্তাহত বা পষেকত এইবোৰ প্ৰশিক্ষণ বিশেষ প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষকৰ হতুৱাই দিয়াৰ চেষ্টা কৰিছে। ইয়াৰ বাবদ কোনো ধৰণৰ মাছুল ছাত্ৰ-ছাত্ৰী সকলৰ পৰা লোৱা হোৱা নাই।

 লকডাউনৰ সময়ত চৰকাৰৰ ফালৰ পৰা যোগান ধৰা মধ্যহ্ন ভোজনৰ সামগ্ৰী সমূহ চৰকাৰী নিৰিখ মতে ছাত্ৰ-ছাত্ৰীসকলক অভিভাৱক সকলৰ জৰিয়তে যোগান ধৰিচে বুলি জানিবলৈ দিয়ে। বিশেষভাৱে লক্ষণীয় যে প্ৰধান শিক্ষক গৰাকীয়ে সম্পূৰ্ণ নিজাববীয়াকৈ ছাত্ৰ-ছাত্ৰীসকলক কম্পিউটাৰ শিক্ষা দিয়াৰো ব্যৱস্থা কৰিছে বুলি আমাক জানিবলৈ দিয়ে।

 চহৰৰ মাজমজীয়াত এই গাভৰু পথাৰ বিদ্যলয়খনে বিশেষ পাৰদৰ্শিতা দেখুওৱাটো এটা গৌৰৱৰ কথা। প্ৰধান শিক্ষকজনৰ এই প্ৰচেষ্টা প্ৰশংসনীয়। ভৱিষ্যতে আৰু আগবাঢ়িব বুলি আশা কৰিলোঁ।

নাম- হৰ্ষিতা চক্ৰৱৰ্তী
জিলা- ডিব্ৰুগড়

Copyright © 2020 UNICEF Assam

Address: Bylane Number 2, Rani Bagan, Guwahati, Assam 781038

Facebook Twitter Instagram
Image Image Image