Image

সম্পাদকীয়

মৰমৰ

 বন্ধু-বান্ধৱী সকল,

  আশা কৰো তোমালোক সকলো ভালে আছা। মুক্ত আকাশৰ লগত জড়িত সকলো ব্যক্তিলৈকে আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদৰ লগতে নমস্কাৰ জনাইছো।

 সাধাৰণতে কৈশোৰ কালছোৱা যুৱক-যুৱতীৰ ভৱিষ্যৎ দিশ নিৰ্ণয় কৰে। এটা সুন্দৰ ভৱিষ্যত গঢ়িবলৈ যুৱক-যুৱতী সকল এটা নিৰোগী জীৱনৰ অধিকাৰী হব লাগিব। সুষম খাদ্যই যুৱক-যুৱতী এটা সবল সুন্দৰ স্বাস্থ্য প্ৰদান কৰিব পাৰে।আজি-কালি একাংশ যুৱক-যুৱতীয়ে স্বাস্থ্য হানিকাৰী কিছুমান ৰাগীয়াল দ্ৰব্য গ্ৰহণ কৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা দেখা গৈছে। বিশেষকৈ ৰজানীগন্ধা, শেখৰ, গোটখা জাতীয় দ্ৰব্য খাই অসক্তিত ভোগা দেখা যায়। সেয়েহে এটা সুস্থ শৰীৰৰ অধিকাৰী হবলৈ গোটখা জাতীয় দ্ৰব্য খাবলৈ এৰি নানা ধৰণৰ সেউজীয়া শাক-পাচলি, মাছ, মাংস, ভাত, কণী আদি খাব লাগে আৰু লগতে খোৱা ঠাল খন সদায় তিৰংগা ৰঙৰ হব লাগে।

 আশা কৰো সকলোৱে 2021 বৰ্ষত সুস্থ-সবল হৈ থাকিব লগতে সুস্থ শৰীৰ অধিকাৰী হবলৈ সু-খাদ্য খাব। সকলোলৈকে মৰম আৰু ধন্যবাদ জনালো।

নাম- স্বাগতা শইকীয়া
জিলা- মাজুলী

চেনিটেৰী পেডৰ ব্যৱহাৰ

 মই বগাপানী চাহ বাগিচাৰ নিবাসী। মই বগাপানী চাহ বাগিচাৰ জাগৃতি গোটত ২০১৬ চনৰ পৰা বৰ্তমানলৈ জড়িত হৈ আছো। সেয়েহে মই জাগৃতি গোটত হোৱা সাপ্তাহিক সভাত আহি বহুখিনি কথা শিকিলো।

 জাগৃতি গোটত জড়িত হৈ মই যিবোৰ শিকিলো, তাৰ ভিতৰত মই ঋতুশ্ৰাৱ বা মাহেকীয়াৰ ওপৰত ক’ব বিচাৰিছোঁ। প্ৰথমতে মই মাহেকীয়াৰ বিষয়ে ভালদৰে জনা নাছিলো, সেই সময়চোৱাত মই কাপোৰ ব্যৱহাৰ কৰিছিলো, তেতিয়া মোৰ বহুত অসুবিধা হৈছিল। তাৰ পিছত সাপ্তাহিক সভাত গৈ বহুখিনি কথা গম পালো চেনিটেৰী পেডৰ কথা আৰু তেতিয়াৰ পৰা মই চেনিটেৰী পেড ব্যৱহাৰ কৰোঁ। মোৰ লগতে মোৰ বাইদেউ, ভন্টি আৰু ঘৰৰ ওচৰৰ সকলো ছোৱালীকে এই বিষয়ে অৱগত কৰিছিলোঁ, আৰু তাৰ পিছৰ পৰা তেওঁলোকে পেড ব্যৱহাৰ কৰে।

 আমাক যথোচিত জ্ঞানেৰে উপকৃত কৰাৰ বাবে মই আমাৰ কিশোৰী গোটৰ পালৰ পৰা ABITA-UNICEF ক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।

নাম- শ্ৰীমতী দিব্যা কাইতা
বগাপানী চাহ বাগিচা
জিলা- তিনিচুকীয়া (এবিটা)

মোৰ সপোন

মা, অ মা, মা অ!
কিয় কৰিছা মোৰ লগত এনে
কিয় মা কিয়?
মই ছোৱালী, সেইবাবেই নেকি মা?
দাদাক উচ্চশিক্ষা প্ৰদান,
আৰু মোৰ বিয়াৰ যোগাৰ।
কিয় মা কিয়?
সোনকালে বিয়া দিয়াৰ কাৰণটো কি?
যৌতুকৰ চিন্তা নে
অন্য জাতিৰ লগত পলাই যোৱাৰ চিন্তা
পিছলৈ দৰা বিচাৰি নোপোৱাৰ চিন্তা
নে মোৰ বয়স বেছি হ’লে
সমাজে কিবা ক’ব,
তাৰ চিন্তাত নেকি মা?
মা মোৰ ডাক্তৰ হোৱাৰ সপোন
সপোন হায়েই থাকিব নেকি?
মই আত্মনিৰ্ভৰশীল নহৈ
আনৰ ওপৰত নিৰ্ভৰ কৰি
জীয়াই থাকিম নেকি?
মা মোক বিয়াৰ সলনি
এবাৰ সুযোগ দিয়ক ডাক্তৰ হ’বলৈ
মা! অ মা!
এয়াই মোৰ সপোন।

নাম- শ্ৰীমতী চুহানী তাঁতি
নুমলীগড় চাহ বাগিচা
জিলা- গোলাঘাট (এবিটা)

পানীৰ সমস্যা

Image

 আমাৰ বাগানৰ পানীত আইৰন পৰিমাণ বেছি হোৱাৰ লগতে, য’তে-ত’তে জাৱৰ-জোথৰ পেলোৱাৰ বাবে পানী প্ৰদূষিত হৈছে। ফলত খোৱা পানীৰ অভাৱ ঘটিছে। আৰু বানপানীৰ সমস্যাৰ বাবেও খোৱা পানীৰ অভাৱ ঘটিছে।

 বাগানৰ আন এটা সমস্যা হ’ল বাগানৰ পানীত লেটেৰা গোন্ধ পোৱা যায়। সেয়ে আমাৰ জেষ্ঠ্য জনে শিকোৱাৰ দৰে পানী গৰগম কৰি খাব লাগে। আৰু বাগানত এটা টিউৱেলৰ পানী চাৰিঘৰ মানুহে খায়। পানী সদায় ফিল্টাৰ কৰিহে খাব লগীয়া হয় কাৰণ আগতে পানীৰ বিশুদ্ধীকৰণ কৰা হৈছিল যদিও এতিয়া কৰা নাই। এই লেতেৰা পানী সমূহ সেৱন কৰাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ যেনে- পেট বিষ, জ্বৰ, মূৰ বিষ ইত্যাদি হ’ব পাৰে। সেয়েহে খোৱা পানীৰ সমস্যাৰ অতি সোনকালে সমাধান হ’ব বুলি আশা থাকিল।

নাম- ৰীতু গড়
বয়স- ১৯
লিম্বুগুৰি চাহ বাগিচা
জিলা- তিনিচুকীয়া (বি.চি.পি)

কৈশোৰ অৱস্থাৰ স্বাস্থ্য

 পৰিস্কাৰ-পৰিচ্ছন্নতাই আমাৰ দেহ-মন প্ৰফুল্লিত কৰি মানসিক উৎকৰ্ষ সাধন কৰে। সেয়ে মানসিক উৎকৰ্ষ সাধন কৰে। সেয়ে মানসিক উৎকৰ্ষ সাধনৰ বাবে কিশোৰ-কিশোৰী সকলক সচেতন হ’বলৈ শিকোৱা উচিত। কাৰণ সুস্থ দেহা হ’লেহে মন সুস্থ থাকে। বৰ্তমানৰ সমস্যা জড়িত সমাজ ব্যৱস্থাত মানসিক উৎকৰ্ষ সাধনৰ বাবে যোগ, ধ্যান, শাৰীৰিক ব্যায়াম, প্ৰাৰ্থনা আদিত ভাগ লৈ মনৰ কলুষতা দূৰ কৰি এক শান্ত সমাহিত জীৱনৰ গৰাকী হ’বলৈ কৈশোৰ অৱস্থাৰ পৰাই এইবোৰৰ অনুশীলনৰ অতি প্ৰয়োজন।
 দৈহিক বিকাশৰ বাবে প্ৰয়োজনীয় প্ৰটিন, ভিটামিন, কেলছিয়াম, মিনাৰেল আদি খাদ্যৰ জৰিয়তে সু-স্বাস্থ্য লাভ কৰিব যে পাৰি, তাৰ সম্যক জ্ঞান প্ৰদান কৰিলে কিশোৰ-কিশোৰী সকলে নিজে সচেষ্ট হৈ তেনে খাদ্য গ্ৰহণত আগ্ৰহী হোৱা উচিত। সেউজীয়া সাক-পাচলি, গাখীৰ, বতৰৰ বিভিন্ন ফল-মূলৰ উপকাৰিতা সম্পৰ্কে তেওঁলোকক জনালে শৰীৰৰ বিকাশত যথেষ্ট সহায়ক হ’ব।

নাম- শ্ৰীমতী চনীয়া গোৱালা
অলকানন্দা চাহ বাগিচা
জিলা- ডিব্ৰুগড় (বি.চি.পি)

কৈশোৰ কাল আৰু স্বাস্থ্য

 সাধাৰণতে ১০ বছৰৰ পৰা ১৯ বছৰৰ মাজৰ সময়ছোৱাক কৈশোৰ কাল বুলি কোৱা হয়। কৈশোৰ কালছোৱাই দ্ৰুত, দৈহিক বৃদ্ধিৰ সময়। এই সময়তে শৰীৰৰ অংগ-প্ৰত্যংগবোৰ বৃদ্ধি আৰু বলৱান হৈ উঠে, যৌন গ্ৰন্থিবোৰ সক্ৰিয় হৈ উঠে। মনোবিজ্ঞানীসকলে এই কালছোৱাক বেলেগ বেলেগ ধৰণে অভিহিত কৰিছে। এই সময়ছোৱা আটাইতকৈ জটিল আৰু সংকটপূৰ্ণ যেন অনুভৱ হয়। দৈহিক, মানসিক বিকাশ, আৰু বিপৰীত লিংগ কামিতা আদি এই সময়ছোৱাত হয়। কৈশোৰ কালত শাৰীৰিক শক্তিৰ বৃদ্ধি হয় বাবে বিদ্যালয়ত বিভিন্ন ধৰণৰ খেলা-ধূলা, ব্যায়াম, যোগ আদিৰ ব্যৱস্থা কৰিব লাগে। কিশোৰ-কিশোৰী সকলৰ ৰুচী অনুযায়ী বিদ্যালয়ত বিভিন্ন ধৰণৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে।

নাম- এলিজাবেথ কুমাৰ
বয়স- ১৭ বছৰ
চিউপুৰ চাহ বাগিচা
জিলা- তিনিচুকীয়া (বি.চি.পি)

বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষক সকলৰ সৈতে কথোপকথন

Image

 মাজুলীৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষক সকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিছিলো ক’ভিড-১৯ অতিমাৰীৰ পৰা ছাত্ৰ-ছাত্ৰী সকলক সুৰক্ষিত কৰি ৰাখিবলৈ কেনেধৰণৰ পদক্ষেপ হাতত লৈছিল।

 বিদ্যালয়ৰ প্ৰধান শিক্ষক হিতেশ দাস চাৰ, সহ শিক্ষক তপন কুমাৰ শৰ্মা আৰু মিথুন দাস চাৰে বিদ্যালয়ৰ শিশু তথা ছাত্ৰ-ছাত্ৰী সকলক সুৰক্ষিত কৰি ৰাখিবলৈ তেওঁলোকে চৰকাৰে দিয়া নিয়ম অনুসৰি বিদ্যালয়ৰ চৌপাশ পৰিস্কাৰ-পৰিচ্ছন্নতাৰ লগতে দুবাৰকৈ চেনিটাইজ কৰিছে। প্ৰতি শ্ৰেণীতে এদিন এৰি এদিনকৈ পাঠদানৰ ব্যৱস্থা কৰিছে। এটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক দুভাগত বিভক্ত কৰি আগবেলা এটা গ্ৰুপ আৰু পাছবেলা এটা গ্ৰুপত পাঠদান দিয়াৰ ব্যৱস্থা কৰিছে, চৰকাৰে দিয়া সকলো নীতি-নিৰ্দেশনা পালন কৰিছে আৰু লগতে এইটোও অৱগত কৰিছে যে আগলৈ চৰকাৰে যিখিনি নীতি-নিৰ্দেশনা দিব সেই খিনিও পালন কৰি যাব।

নাম- স্বাগতা শইকীয়া
জিলা- মাজুলী।

সমৰ কলা প্ৰশিক্ষণ কেন্দ্ৰৰ অনুষ্ঠান

 বৰ্তমান যুগত চৰকাৰৰ ফালৰ পৰা প্ৰতিখন স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আত্মৰক্ষাৰ কৌশল হিচাপে সমৰ কলাৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে। সেই সময়ত নামৰূপৰ সমৰ কলা(টাইকোৱাণ্ডো) প্ৰশিক্ষণ কেন্দ্ৰ 'নামৰূপ টাইকোৱাণ্ডো একাডেমী'য়ে প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীক সমৰ কলাৰ প্ৰশিক্ষণ দিছে আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো এই একাডেমীৰ ছাত্ৰ-ছাত্ৰীয়ে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। নামৰূপ টাইকোৱাণ্ডো একাডেমীয়ে কালি দিনজোৰা বৰ্ণাঢ্য কাৰ্য্যসূচীৰে স্থানীয় গান্ধী ময়দানত পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰে। একাডেমীৰ সভাপতি তথা ব্ৰহ্মপুত্ৰ ভেলী সাৰ নিগমৰ কৰ্মচাৰী, এসময়ৰ সুদক্ষ টাইকোৱাণ্ডো খেলুৱৈ শ্ৰীযুত হৰেশ্বৰ তালুকদাৰদেৱে পতাকা উত্তোলন কৰি অনুষ্ঠানৰ কাৰ্য্যসূচী আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে আৰু অতিথিসকলক আদৰণি জনায়। অনুষ্ঠানৰ মুখ্য অতিথিৰ আসন অলংকৃত কৰে বিশিষ্ট সমাজ সেৱক তথা অসম পেট্ৰ'ৰাসায়নিক প্ৰকল্প(নামৰূপ)ৰ অধ্যক্ষ সন্মানীয় শ্ৰীযুত বিকুল ডেকাই । বিশিষ্ট অতিথিৰ আসন শুৱনি কৰিছিল নামৰূপ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰীযুত বিমল চন্দ্ৰ গগৈদেবে। সমাজসেৱী,নামৰূপ নগৰ সমিতিৰ প্ৰাক্তন সভাপতি শ্ৰীমতী নিতু সোণোৱাল সন্মানীয় অতিথি হিচাপে উপস্থিত আছিল। অতিথিসকলৰ উৎসাহমূলক বক্তব্যই খেলুৱৈসকলক বহুত প্ৰেৰণা দিলে। অনাগত দিনবোৰত সম্পাদক বিজু চলিহাৰ সবল নেতৃত্বত একাডেমীৰ প্ৰশিক্ষাৰ্থীসকলে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ত ভাল ফলাফল দেখুৱাব পাৰিব বুলি তেখেতলোকে আশা প্ৰকাশ কৰে।

 বিশেষভাবে আমন্ত্ৰিত,দিগন্ত বৰাৰ দ্বাৰা পৰিচালিত ডিব্ৰুগড় টাইকোৱাণ্ডো একাডেমীৰ প্ৰশিক্ষাৰ্থীসকলে উক্ত অনুষ্ঠানত গীতৰ তালে তালে সুন্দৰ টাইকোৱাণ্ডো কলা প্ৰদৰ্শন কৰি সকলোৰে মনোযোগ আকৰ্ষণ কৰে। অনুষ্ঠানত ৰাজ্যিক পৰ্য্যায়ত সোণৰ পদক পাবলৈ সক্ষম হোৱা একালৰ একাডেমীৰ প্ৰশিক্ষাৰ্থী জাহ্নবী গগৈক সম্বৰ্দ্ধনা জনোৱা হয়। উপদেষ্টা মণ্ডলীৰ তৰফৰপৰা নামৰূপ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° দুৰ্গাপ্ৰসাদ গগৈ, ড° অসীম জ্যোতি বৰুৱা, শ্ৰী হোমেন্দ্ৰ সিং এ অনুষ্ঠানত বহুমূলীয়া বক্তব্য আগবঢ়ায়। টাইকোৱাণ্ডো খেলুৱৈ অন্তৰীক্ষা চেতিয়াই আঁত ধৰা অনুষ্ঠানটিত শলাগৰ শৰাই আগবঢ়ায় উপদেষ্টা ড° দুৰ্গা প্ৰসাদ গগৈয়ে। অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীসকলৰ ফালৰ পৰা গীত-মাত-নৃত্যও পৰিৱেশন কৰা হয়। অভিভাৱক আৰু প্ৰশিক্ষাৰ্থীসকলৰ সক্ৰিয় সহযোগিতাৰে অনুষ্ঠানটিৰ সফল পৰিসমাপ্তি হয়।

নাম- অন্তৰীক্ষা চেতিয়া
জিলা- ডিব্ৰুগড়

যোগ প্ৰাণায়ামৰ অভ্যাস

Image

  প্ৰাচীন কালৰ পৰাই ঋষি মুনি সকলে শৰীৰ সুস্থ কৰি ৰখাৰ বাবে কিছুমান যোগ অভ্যাস কৰি থৈ গৈছে। যিখিনি বৰ্তমান সময়ত যোগ, প্ৰাণায়াম, আসন লৈ উন্নীত হৈছে। সেয়ে শিশু সকলক যোগ প্ৰাণায়ামৰ প্ৰতি আকৰ্ষিত কৰি তেওঁলোকক সকলো দিশতে উৎকৰ্ষ সাধন কৰিব লাগে। যোগৰ জড়িয়তে শিশু সকলক শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ লগতে আধ্যাত্মিক ভাবো গঢ়ি উঠে।

 শিশু অৱস্থাৰ পৰাই যোগ প্ৰাণায়ামৰ জৰিয়তে আধ্যাত্মিক ভাৱ গঢ়ি উঠিলে কেতিয়াও এজন শিশু বিপথে পৰিচালিত হব নোৱাৰে। প্ৰাণ+আয়াম = প্ৰাণায়াম, মানে আমাৰ প্ৰাণটোক আৰামত ৰখা। আমাৰ শৰীৰটো যেতিয়া সুস্থ হৈ থাকিব তেতিয়াহে আমি শাৰীৰিক আৰু মানসিক ভাৱে ভৱিষ্যতে সকলো দিশতে আগবাঢ়ি যাবলে প্ৰস্তুত হব পাৰিম।

 শিশুৰ মনটো স্থিৰ হৈ থকাৰ বাবে আৰু স্মৃতিশক্তি পখৰতাৰ বাবে ভস্তিকা, অনুলোম বিলোম, বৃক্ষাসন, তাড়াসন, ধ্যানাসন এইখিনি

 কৰিব লাগে। যোগ প্রাণায়ামৰ জৰিয়তে শৰীৰৰ বহু অসুখ নিৰ্মূল কৰিবলৈ সক্ষম হৈছে। বৰ্তমান সময়ত চিকিৎসক সকলেও চিকিৎসা বিজ্ঞানত যোগক সন্নিবিষ্ট কৰিছে।

 আমি আশা কৰো শিশুসকলৰ উন্নতিৰ বাবে স্কুলৰ পাঠ্যক্ৰমত যোগ প্ৰাণায়ামক বাধ্যতা মূলক কৰিব লাগে ।

নাম- স্বাগতা শইকীয়া
জিলা- মাজুলী।

Copyright © 2020 UNICEF Assam

Address: Bylane Number 2, Rani Bagan, Guwahati, Assam 781038

Facebook Twitter Instagram
Image Image Image