Image

 যুৱ সাংবাদিকৰ বাতৰিকাকত

সম্পাদকীয়

প্ৰিয় সতীৰ্থসকল,
     তোমালোক আটাইকে শাৰদীয় সম্ভাষণ জনালোঁ। শৰতৰ প্ৰতিপাহ শেৱালী আৰু প্ৰতিটোপাল নিয়ৰৰ সুন্দৰ যুগলবন্দীৰ নিচিনাই হঁওক প্ৰতিটো শিশু আৰু তাৰ শৈশৱ ।আমাৰ কণ্ঠস্বৰৰ মঞ্চ "মুক্ত আকাশ"ৰ এইবাৰৰ সংখ্যাটিত বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি ভালেমান বাতৰিৰ লগতে কবিতা,ছবি আৰু ফটোগ্ৰাফ প্ৰকাশিত হৈছে। তাৰবাবে সকলোকে অভিনন্দন জনালোঁ। সমাজখনক সলনি কৰাৰ আমাৰ এই নিষ্ঠা আৰু প্ৰচেষ্টা অটুত থাকক, তাৰেই কামনাৰে এইবাৰলৈ সামৰিছোঁ, ধন্যবাদ।

"প্ৰথম" সংস্থাই শিক্ষা ক্ষেত্ৰত আনিলে এক নতুন পৰিৱৰ্তন।

Image

ডিব্ৰুগড় জিলাৰ পানীতোলা উন্নয়ন খণ্ডৰ অন্তৰ্গত দংৰচুক গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ ওপৰত যুৱ- সাংবাদিকৰ দলে এক সমীক্ষা চলায়। এই বিদ্যালয় খনত চলোৱা সমীক্ষাৰ মূল উদ্দেশ্য হ'ল- প্ৰথম নামৰ (Pratham Education and Foundation) এটা সংস্থা যি সংস্থায়ে চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্র- ছাত্রীসমূহৰ গুণগত মান বিভিন্ন দিশৰ পৰা নিৰীক্ষণ কৰে। আমাৰ যুৱ- সাংবাদিকে দংৰচুক প্ৰাথমিক বিদ্যালয়ত এই সম্বন্ধে সমীক্ষা চলাই দেখা পালে যে- ছাত্ৰ - ছাত্রী সকল আগতে যিটো পৰ্য্যায়ত আছিল লাহে লাহে আগতকৈ উন্নত হ'ব ধৰিছে। প্ৰথম সংস্থাৰ এগৰাকী কৰ্মী লিনা বৰুৱাক ইয়াৰ বিষয়ে সোধাত তেওঁ কয় - আমাৰ "প্ৰথম " সংস্থা ৰ মূল উদ্দেশ্য হৈছে সকলো শিশুয়ে শিক্ষা লাভ কৰিব লাগে। কিছুমান শিশু অসুবিধাত পৰি শিক্ষা গ্ৰহণ পৰা বঞ্চিত হৈ যায়। আমাৰ উদ্দেশ্য হৈছে সেই সকল শিশুক গাওঁতে একলগ কৰি শিক্ষা প্ৰদান কৰা। আমাৰ কাম কেৱল বিদ্যালয়লৈকে সীমাবদ্ধ হৈ নাথাকে। এনে শিশু সকলৰ কাৰণে আমাৰ সংস্থাই গাঁৱতো কাম কৰে। আমাৰ শিকনৰ পদ্ধতিসমূহ দৈনন্দিন বিদ্যালয়ত ব্যৱহাৰ হৈ থকাতকৈ অলপ বেলেগ ধৰণৰ। ইয়াত আমি প্ৰত্যেকটো শিশু ৰ শিক্ষাৰ গুণগত মান নিৰীক্ষণ কৰি তাৰ ওপৰত নিৰ্ভৰ কৰি শিকাও। আমাৰ পদ্ধতিসমূহ পঢ়াৰ লগতে খেল - ধেমালি, সাধু, কবিতা, নাটক আদিৰ মাজেৰে আৰম্ভ হয়।

এই সন্দৰ্ভত বিদ্যালয়ৰ প্ৰধান শিক্ষক গুলিন গোহাঁই চাৰক সোধাত কয় যে- আমি বহুত ভাল পাইছো এনে ধৰণৰ শিকন পদ্ধতিটো পৰা। এই পদ্ধতিবোৰ সহজ সৰল লগতে শিশুৱে বহুত আনন্দ পাই আৰু কিবা নতুন শিকিবলৈ ইচ্ছুক হৈ থাকে। আমিও এই প্ৰথমৰ কিছুমান পদ্ধতি বোৰ আকোঁৱালি লৈছো। এনে শিকন প্ৰক্ৰিয়াৰ জৰিয়তে সকলো ছাত্ৰ - ছাত্রীৰ মাজৰ ভয় আৰু সংকোচ ভাৱটোআতৰি আহিছে আৰু শিশু সকলে ধুনীয়াকৈ সকলো কাৰ্য্যতে অংশগ্ৰহণ কৰিছে।


- বাৰামথুৰি যুৱ সাংবাদিক গোট

শিয়ালকাটি চাহ বাগিচাত পোষন মাহ উদযাপন

Image

ডিব্ৰুগড় জিলাৰ পানীতোলা উন্নয়ন খণ্ডৰ অন্তৰ্গত শিয়ালকাটি চাহ বাগিচাৰ ১ নং অংগনৱাড়ী কেন্দ্রত পোষণ মাহ উদযাপন কৰা হয়। এই অনুষ্ঠানটিৰ মূল উদ্দেশ্য আছিল আমাৰ সমাজৰ পৰা পুষ্টিহীনতা দূৰ কৰা। এই বিষয়ে অংগনৱাড়ী কেন্দ্রৰ কৰ্মীক সোধাত কয়-পোষণ মাহৰ প্ৰথম কাৰ্যসূচী হিচাপে বৃক্ষ ৰোপন কৰা হয়, আৰু কণ-কণ শিশুসকলৰ সুপ্ত প্ৰতিভাসমূহ প্ৰকাশিত হ’বলৈ বিভিন্ন ধৰনৰ খেলা-ধূলাৰ অনুষ্ঠান কৰা হয়। প্ৰত্যেক দিনা এটা এটা কাৰ্যসূচী পতা হৈছিল। গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মহিলাসকলক ডায়েৰীয়া, পৰিপুষ্টী, এনিমিয়া আদি ৰোগৰ পৰা আমি কেনেকৈ হাত সাৰিব পাৰো তাৰ বিষয়ে কয়। লগতে হাত-ধোৱা পদ্ধতি আৰু গৃহ প্ৰদৰ্শন কৰি শিশুসকলৰ ওজন জোখা হয়। অংগনৱাড়ী কৰ্মী আৰু সহায়িকা মিলি বিভিন্ন ধৰণৰ শাক-পাচলি আৰু ফলমূলৰ গছ ৰোপন কৰে। এগৰাকী প্ৰসূতি মহিলা সীতা নায়ক ( নাম সলনি কৰা হৈছে) সোধাত কয় যে - এই পোষন অভিযান পতাৰ ফলত শিশু সকলৰ মাজত বিভিন্ন ধৰনৰ প্ৰতিযোগিতা পতাৰ বাবে অভিভাৱকসকলেও তেওঁলোকৰ ল’ৰা-ছোৱালীৰ ৰুচি-অভিৰুচিৰ বিষয়ে গম পালে। বিজয়ী হোৱা শিশুসকলক জিলা পুথিভঁৰালৰ বিভিন্ন ধৰনৰ আকৰ্ষিত পুৰস্কাৰে পুৰস্কৃত কৰা হয়।


- নেহা নায়ক, উন্নতি যুৱ- সাংবাদিক গোট

পথৰদুৰৱস্থা

Image

ধুবুৰী জিলাৰ গোলোকগঞ্জ উন্নয়নখণ্ডৰ অন্তৰ্গত বিষখোৱা ৩য় খণ্ডৰ ৰাইজে পথৰ দূৰৱস্থাতত ভুগি থাকিব লগা হৈছে। পথটো বিষখোৱা ৩য়খণ্ডৰ পি.ডব্লিউ.ডি ৰোডৰ পৰা বিষখোৱা ৩য়খণ্ডৰ কৃষ্ণ বৰ্মনৰ ঘৰলৈ। পথটোৰ দৈৰ্ঘ্য প্ৰায় ১ কিলোমিটাৰ হ'ব। এই পথটো বাৰিষা কালত অলপ বৰষুণ হলেই বোকাৰ সৃষ্টি হয় আৰু মানুহে অহা-যোৱা কৰিব নোৱাৰে। শিশুসকলৰ স্কুল যাবলৈ অসুবিধা হয়। এই সন্দৰ্ভত যুৱ সাংবাদিক শুভম ৰয়ে কয় যে গাৱঁৰ ৰাইজে বহুতবাৰ বি.ডি.অ'. আৰু এম.এল.এ. মহোদয়ক আবেদনকৰে। মাননীয় বি.ডি.অ' আৰু এম.এল.এ. মহোদয়ে আশ্বাস দিয়ে অতি সোনকালে পথটো চিচি ব্লক কৰি দিব বুলি। কিন্তু, এতিয়ালৈ ইয়াৰ সমাধান হৈ উঠা নাই।


- বাৰামথুৰি যুৱ সাংবাদিক গোট

সাংবাদিকতা এক সেৱা - মহাত্মা গান্ধী

আহিবনে এবাৰ আমাৰ স্কুললৈ

বহুজন আহে আমাৰ স্কুললৈ
তেওঁলোকৰ সপোন পূৰাবলৈ।
বহুজন আহে আৰু বহুজন গুচি যায়
তেওঁলোকৰ মৰম-চেনেহ স্কুলত থৈ যায়।
ভাল লাগে স্কুলত পঢ়া-শুনা কৰি
শিক্ষাৰ সৎ উপদেশ শুনি
শিক্ষাৰ কিৰণ দুচকুত সানি
আহিবনে আমাৰ স্কুলত এবাৰ।
আমাৰ স্কুলখন হয় দুখীয়া।
কিন্তু গুৰুয়ে দিয়া শিক্ষা নহয় দুখীয়া।
এই সময়ত লওঁ আমি শিক্ষা
পিছৰ দিনৰ বাবে থৈ নিদিয়া।
আহিবনে এবাৰ আমাৰ স্কুললৈ
গুৰুৱে বিলাই দিয়া জ্ঞানৰ সুবাস বিচাৰি।

- তিলককুৰ্মী, কুঁহিপাত যুৱ সাংবাদিক গোট

মহানদয়ালু

এয়া মই বৰ্তমান শিশু
নাজানো মোৰ কিমান বয়স
কিন্তু মই শিশু
নাজানো মোৰ মা-দেউতা কোন ?
আছেনে ক’ৰবাত মোৰ জন্মদাতা
নাই মোৰ কোনো নিজা ঘৰ
কেতিয়াবা ৰেলষ্টেচনত, কেতিয়াবা ফুটপাথত।
থাকে মোৰ চাৰিওফালে মানুহ
কিন্তু নহয় কোনোৱে আপোন।
কোনো দয়ালুৱে দলিয়াই দিয়া
খাদ্যই মোৰ ভোক গুচাই।
কিন্তু এইয়া কি ? চকু মেলি দেখোঁ
কোনোবাই মোক উঠাইছে উঠ উঠ....।
এজন ভদ্ৰলোক
এই দয়ালুৱে মোক লৈ গ’ল
বহু শিশু থকা শিশুগৃহলৈ
বা, এয়াই দেখোন দিন-ৰাতি পাৰ্থক্য
ইয়াতেই মোৰ কাৰণে নাইয়ে ৰাতি
চাৰিওফালে কেৱল পোহৰ।
ধন্য সেইদয়ালু, মহানদয়ালু।

- নৱজ্যোতি যুৱসাংবাদিক গোট

শিশু শ্ৰমিকবোৰক জীয়াই থাকিবলৈ দিয়া

মোৰ প্ৰিয় মানুহ শিশুবোৰক
জীয়াই থাকিবলৈ দিয়া।
জীয়াই থাকিবলৈ দিয়া সিঁহতক
স্বাধীন মানুহৰ দৰে।
মূৰ তুলি চাব দিয়া স্ফটিক নীলা
এই মুক্ত আকাশ।
তুলি দিয়া সিঁহতৰ হাতত বগা কাগজত খোদিত,
কলা আখৰৰ নিৰ্মল কুঁহিপাত।

শ্ৰমিক শিশুবোকৰ জীয়াই থাকিবলৈ দিয়া
ডাষ্টবিনৰ দুৰ্গন্ধময় পচা খাদ্য হাতৰ
পৰা দলিয়াই
মানৱতাৰ আদিপাঠ আওৰাই
খাবলৈ দিয়া সু-স্বাদু খাদ্য।
জননীৰ মমতাময়ী বুকুত শুবলৈ
দিয়া খন্তেক নিৰৱে আৰু শান্তিৰে,
অনুভৱ কৰিবলৈ দিয়া পিতৃ-মাতৃৰ মৰম
সিঁহতক দিয়া মানুহৰ মৰ্যাদা মানুহৰ মাজত।

শ্ৰমিক শিশুবোৰক জীয়াই থাকিবলৈ দিয়া।
হাজাৰ সেউজ কৱিতাৰ উৎস হ’বলৈ দিয়া
সিঁহতক দিয়া উজ্বল ভৱিষ্যতৰ
এটা সঠিক ঠিকনা।
হাতত, হাত ধৰি দেখুৱাই দিয়া
এটা সূৰ্য্যমূখী ৰাস্তা।

- শ্ৰীহীৰকজ্যোতি শৰ্মা, ৰামধেনু যুৱ সাংবাদিক গোট

আন্তর্জাতিক কন্যা শিশু দিৱস উদযাপন কৰিলে ডিকম চাহ বাগিচাত

ডিব্ৰুগড় জিলাৰ পানীতোলা উন্নয়ন খণ্ডৰ অন্তৰ্গত ডিকম চাহ বাগিচাত যোৱা ১১ অক্টোবৰ তাৰিখে এবিটা ইউনিচেফৰ ফালৰ পৰা আন্তর্জাতিক কন্যা শিশু দিৱস উদযাপন কৰা হল। ইয়াত উপস্থিত শেৱালি বৰবৰুৱা আৰু মনোৰঞ্জন হাজৰিকা লগতে ১৬ খন বাগিচাৰ পৰা অহা কিশোৰীসকল উপস্থিত থাকে। ইয়াত বিভিন্ন কাৰ্যসূচীৰ দিনটো পালন কৰা হ’ল। শেৱালি বৰবৰুৱাই ছোৱালী বিলাকক নিজৰ অধিকাৰৰ বিষয়ে কোৱাৰ লগতে আৰু কয় যে আগৰ দিনত ছোৱালী আৰু ল’ৰাৰ মাজত বহুতো পাৰ্থক্য কৰিছিল। বৰ্তমান এতিয়াও কিছুলোকে এই ধৰণৰ প্ৰাৰ্থক্য কৰে। কিন্তু, এইটো কৰিব নালাগে। কাৰণ ছোৱালীৰ বাবে আজি আমাৰ দেশ, সমাজ চলি আছে। আজিৰ শিশু কালিৰ দেশৰ নাগৰিক সেইকাৰণে ছোৱালী আৰু ল’ৰাক সমানে সমানে আগবাঢ়িব দিব লাগে। মনোৰঞ্জন হাজৰিকা ছাৰে স্বাস্থ্যৰ বিষয়ে কয় যে আমাকসদায় খেল ধেমালি কৰি থাকিব লাগে কাৰন আমি খেল ধেমালি কৰিলেহে আমাৰস্বাস্থ্য ভাল থাকিব। লগতে তেখেতে কয় যে কেৱল মোবাইলত খেলা বা কম্পিউটাৰত খেলা খেল নহয়। যেনে- দৌৰ মৰা, কাবাডী, ফুটবল, আদি কাবাডী খেল খেলিলেহে আমাৰ স্বাস্থ্য ভাল থাকিব। লগতে ১৬ খন বাগিচাৰ পৰা অহা কিশোৰী সকলে বিভিন্ন ধৰণৰ কাৰ্যসূচী যেনে- কুইজ, নাটক, নৃত্য আৰু গীত আদিত অংশগ্ৰহণ কৰে। তিনি খন চাহ বাগিচাৰ কিশোৰীসকলে নাটক কৰিলে। তেওঁলোকৰ নাটকত মূল কথাটো বুজাব বিচাৰিছিল যে- শিশু শ্ৰম, বাল্য বিবাহ, শিশু ৰ শিক্ষা ৰ অধিকাৰ আদিৰ ওপৰত নাটক কৰিলে।


- বৰ্হমথুৰি যুৱ- সাংবাদিক গোট
ৰোপানজলী বৰাইক

বালিজান চাহ বাগিচাত কল্যাণ সপ্তাহ পালন

ডিব্ৰুগড় জিলাৰ টেঙাখাত উন্নয়ন খণ্ডৰ অধীনৰ বালিজান চাহ বাগিচাত চলিত বৰ্ষৰ ২৬ ফেব্ৰুৱাৰীত বাগিচাৰ ৰূপালী কিশোৰী গোটৰ সদস্য সকলে এখনি সজাগতামূলক বাটৰ নাট ৰাইজৰ আগত প্ৰদৰ্শন কৰে। শিশু সুৰক্ষা প্রকল্পৰ অধীনৰ এই বাগিচাখনত ২০০৮ চনৰ পৰাই শিশু সুৰক্ষা, শিশু অধিকাৰ ইত্যাদি বিষয়বোৰৰ কাম কৰি আহিছে। বাটৰ নাটখন ইয়াৰে অংশ বিশেষ । বাটৰ নাটখনৰ প্ৰদৰ্শনৰ প্ৰাকক্ষণত প্ৰকল্পৰ কাৰ্য সহায়ক ৰশ্মি ৰেখা গগৈয়ে উদ্দেশ্য বাখ্যাত অৱগত কৰে যে - কিশোৰীসকলৰ ব্যক্তিত্ব বিকাশ আৰু অনুপ্ৰেৰণা যোগাবলৈ এটি প্ৰয়াস কৰা হৈছে । বাটৰ নাটখনৰ মূল বিষয়বস্তুটো হৈছে মাদক দ্ৰব্য নিবাৰণ আৰু মাদক দ্ৰব্যই কিদৰে শিশুৰ শিক্ষাত বাধা দিয়ে তাৰ এখন ছবি ৰাইজৰ আগত দাঙি ধৰা।
কিশোৰীসকলে বলিষ্ঠভাবে নাটখন ৰাইজক প্ৰদৰ্শন কৰে। ৰাইজে খুব ধুনীয়াকৈ নাটখন আঁকোৱালি লৈছে আৰু লগতে নিৰ্দিষ্ট বিষয়বস্তুটোৰ গুৰুত্ব উপলদ্ধি কৰা দেখা পোৱা যায়। ই এক উল্লেখযোগ্য সাফল্য। ৰাইজে লগতে শিশুৰ সুৰক্ষা বিষয়ৰ লগত জড়িত অন্য কাৰক বিলাকৰ ওপৰত বাটৰ নাট প্ৰদৰ্শন কৰিবলৈ কিশোৰী সকলক আহ্বান জনায়।


- সুমিত্রা মাহাত্ব, টেঙাখাত, বয়স - ১৬ বছৰ

"গাওঁ সভা" 2/10/2019,বকুল গাওঁ পঞ্চায়তৰ

বকুল গাঁও পঞ্চায়ত সভা

ডিব্ৰুগড় জিলাৰ লাহোৱাল উন্নয়ন খণ্ডৰ অন্তৰ্গত বকুল গাওঁ পঞ্চায়তত এখনি সভা অনুষ্ঠিত কৰা হয়।এই সভাত ৰাইজৰ যিকোনো সমস্যা ওপৰত আলোচনা কৰা হয়। সভাখনত উপস্থিত আছিল ডিব্ৰুগড় জিলাৰ জিলা পৰিষদৰ হেমপ্ৰভা তাছা ,বকুল গাওঁ পঞ্চায়তৰ সভানেত্ৰী ৰেখামনণ সোনোৱাল, স্বাস্থ্য বিষয়া পল্লৱ জ্যোতি কোঁৱৰ, কৃষি উন্নয়ন বিষয়া মালা শইকীয়া, ইয়াৰ লগতে আশা কৰ্মী, অংগনৱাড়ী কৰ্মী আৰু বকুল গাওঁ পঞ্চায়তৰ সদস্যাৰ লগতে গাঁওবাসী ৰাইজ উপস্থিত আছিল। সভাখনৰ সন্দৰ্ভত যুৱ সাংবাদিকৰ আগত উপস্থিত ব্যক্তিদুজনক কয়, শ্ৰীমতী টুটুমণি সোনোৱালে কয় যে, আমাৰ দুখীয়া সকলৰ বাবে কি কি আঁচনি আছে আৰু সেইবিলাক আমি কেনেকৈ পাব পাৰোঁ। তাৰ বিষয়ে আজি সভাত গম পালোঁ। আন এজন ব্যক্তিক সুধাত কয় যে, আমাৰ সমস্যাসমূহ মুকলিভাৱে আলোচনা কৰিব পায় বহুত ভাল লাগিল। দুখীয়া ৰাইজৰ বাবে থকা আঁচনি সমূহ জানিব পাৰি আনন্দিত হ'লো। গতিকে আমি যুৱ সাংবাদিকৰ দ্বাৰা চৰকাৰক ধন্যবাদ জনাইছোঁ।


অংকুৰ যুব সাংবাদিক গোট

অঙ্গনাবাড়ী কেন্দ্ৰত শৌচাগাৰৰ অভাৱ

ডিব্ৰুগড় জিলাৰ নাহৰকটিয়া সমষ্টিৰ অন্তৰ্গত লাচিত নগৰৰ ৩নং ৱাৰ্ডৰ অঙ্গনাবাদী কেন্দ্ৰৰ লাচিত নগৰ কৃষ্ণ নগৰ ০৬১২৭ কেন্দ্ৰত নাই শৌচালয়ৰ সুবিধা। শৌচাগাৰৰ অভাৱৰ ফলত কণ কণ শিশুসকলে পঢ়া কোঠালিৰ বাহিৰত থকা কাষৰ নলাটোৰ কিনাৰতে শৌচ-প্ৰস্ৰাৱ কৰে । আকৌ এই প্ৰস্ৰাৱৰ ওপৰতে কণ কণ শিশুসকলে খেলা ধূলা কৰে। প্ৰস্ৰাৱৰ ওপৰত খেলা-ধূলা কৰাৰ ফলত বীজাণু বিয়পি বিভিন্ন ৰোগৰ সম্ভাৱনাই দেখা দিয়ে । তদুপৰি এই অঙ্গনাবাদী কেন্দ্ৰটোৰ সৰু আৰু ঠেক কেঁচা কোঠালিটোৰ মজিয়া জেকি থকাৰ লগতে কেঁচু কুমটিয়ে মাটি উঠোৱাৰ ফলত কোঠালিটো অপৰিষ্কাৰ হৈ থাকে । সেই কোঠালিটোতে বহি কণ-কণ শিশুসকলে অধ্যয়ন কৰে । এই সমস্যাবোৰে শিশুসকলৰ শিক্ষা গ্ৰহণত বাধাৰ সৃষ্টি কৰিছে । এইবোৰ সমস্যা আঁতৰ কৰিবৰ বাবে চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি কেন্দ্ৰটোৰ কৰ্মী গৰাকীয়ে আশা কৰাৰ কথা ব্যক্ত কৰে ।


- ৰামধেনু যুৱ সাংবাদিক দল

ৰাঙলী পথাৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষক আৰু বিদ্যুতৰ অভাৱ

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ ৰঙালীপথাৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষক আৰু বিদ্যুতৰ অভাৱ হোৱাৰ বাবে বহু বছৰ ধৰি শিক্ষাৰ ক্ষেত্ৰত বহুতো সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে । বিদ্যালয় খনত শিক্ষক শিক্ষয়িত্ৰীয়ে বিনা বেতনেৰে শিক্ষা দান কৰি আছে । বিদ্যুতৰ ব্যৱস্থা নথকাৰ বাবে বিদ্যালয়ত খোৱাপানীৰ লগতে গৰম কালি ফেন আদি ব্যৱস্থাৰো অভাৱ পৰিলক্ষিত হৈছে। প্ৰধান শিক্ষয়িত্ৰী বৈশ্যলী বৰুৱাই কোৱা মতে প্ৰস্ৰাৱগাৰৰ লগতে পকীবেৰৰো সমস্যা আছে। সমস্যাসমূহৰ বিষয়ে ঊৰ্ধতম কৰ্তৃপক্ষক জনোৱা হৈছে যদিও এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই।


- উৰ্মিলা নির্মলিয়া, সুমন পাণ্ডে, বয়স ১৬ বছৰ

ডাষ্টবিনৰ অভাৱত পৰিবেশ প্ৰদূষণ

ডিব্ৰুগড় জিলাৰ নাহৰকটিয়া সমষ্টিৰ লাচিত নগৰৰ ৩ নং ৱাৰ্ডত ডাষ্টবিনৰ অভাৱত প্ৰদূষিত পৰিবেশৰ সৃষ্টি হৈছে। এলেকাটোৰ ৰাইজে জাৱৰ জোথৰ পথৰ কাষতে এডোখৰ খালি ঠাইত পেলায় । নাহৰকটিয়া অঞ্চলৰ নগৰ সমিতিয়ে জাৱৰ পেলোৱা গাড়ীৰে আৱৰ্জনা বোৰ উঠাই নিয়াত পলম কৰিলে পৰি থকা জাৱৰ জথোৰত লাগি থকা খাদ্য বস্তু খাবলৈ কুকুৰ , গৰু , ছাগলী আদিয়ে খুচৰী জাৱৰ জোখৰ বোৰ ৰাস্তাৰ ওপৰত পেলাই । ফলত পথচাৰীয়ে বিভিন্ন অসুবিধাৰ সম্মুখীন হয়। এই সমস্যাটো সমাধানৰ বাবে স্থানীয় ৰাইজে নগৰ সমিতিক জনাই। যুৱ সাংবাদিক ৰেচমীনা বেগমেও এই বৰ্ষৰ 2 ফেব্ৰুৱাৰীত এই অসুবিধাৰ বাবে নাহৰকটীয়া নগৰ সমিতিৰ সভাপতিয়ে অনুৰোধ পত্ৰখন গ্ৰহণ কৰি নগৰ সমিতিৰ সদস্যৰ সৈতে আলোচনা কৰি এই সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰিব বুলি জানিবলৈ দিয়ে।


বেচমিনা বেগম, নাহৰণি, বয়স ১৭ বছৰ।

মন ময়ুৰী যুৱ সাংবাদিক দলৰ বৃক্ষৰোপন

ডিব্ৰুগড় জিলাৰ অন্তৰ্গত নাহৰকটীয়া সমষ্টিৰ জয়পুৰ অঞ্চলৰ লেবাংকুলা গাঁওত মন ময়ুৰী যুৱ সাংবাদিক দলে বৃক্ষৰোপনৰ কাৰ্যসূচী হাতত লয়। দলটোৰ প্ৰায় ১০ গৰাকী সাংবাদিকে বৃক্ষৰোপন কৰে । গছ গছনিয়ে আমাৰ পৰিবেশক সুৰক্ষা প্ৰদান কৰে। কিন্তুবৰ্তমান একাংশ লোকেগছগছনি কাটি প্ৰাকৃতিক পৰিবেশটো নষ্ট কৰা দেখা যায় । এই বিষয়ে সজাগতা সৃষ্টিৰ বাবেই মন ময়ুৰী যুৱ সাংবাদিক দলে বৃক্ষৰোপনৰ কাৰ্যসূচী হাতত লৈছে। যিহেতু আমি গছ-গছনিৰ পৰাই অক্সিজেন পাওঁ আৰু অক্সিজেন অবিহনে আমি জীয়াই থাকিব নোৱাৰো। তাৰোপৰি ফল-ফুল, কাঠ আদি বিভিন্ন ধৰণৰ সামগ্ৰী আমি গছ গছনিৰ পৰাই পাওঁ। গতিকে, বৃক্ষৰোপন কৰাটো অতি আৱশ্যকীয়। মন ময়ুৰী যুৱ সাংবাদিক গোটৰ সদস্য মৌচুমী গগৈয়ে এই বিষয়ে কয় যে , " আমি এই বৃক্ষৰোপন কাৰ্যটো আগবঢ়াই লৈ যাম আৰু পৰিৱেশ সুৰক্ষাৰ চেষ্টা কৰিম।" দলটোৰ আন এগৰাকী সদস্য পাৰমিতা শইকীয়াই গছ গছনি ৰোপণৰ হাৰ বৃদ্ধি কৰিলে পৰিবেশটো চিৰ সেউজ আৰু ৰোগমুক্ত পৰিবেশ হিচাপে গঢ়ি উঠিব বুলি ব্যক্ত কৰে।


- প্ৰীতিনিশা গগৈ , অনিতা দাস , বয়স ১৮ বছৰ ।

Copyright © 2019 UNICEF Assam

Address: Bylane Number 2, Rani Bagan, Guwahati, Assam 781038

Facebook Twitter
Image Image