Image

সম্পাদকীয়

মৰমৰ

 বন্ধু-বান্ধৱীসকল,

 আশা কৰো তোমালোক সকলো ভালে আছা। প্ৰথমেই মুক্ত আকাশৰ লগত জড়িত সকলোলৈকে নমস্কাৰ আৰু ধন্যবাদৰ লগতে মৰম যাছিলোঁ। এই বছৰ ক'ৰোনা মহামাৰীৰ বাবে সমগ্ৰ বিশ্বৰ লগতে অসমতো বিশেষ ক্ষতি হ'ল। 2020 বৰ্ষত ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষ সমস্যাৰ সন্মুখীন হব লগা হল। মহামাৰীৰ বাবে অনলাইন পাঠদানৰ ব্যৱস্থা কৰিছিল যদিও সকলো ছাত্ৰ-ছাত্ৰী উপকৃত হব পৰা নাছিল। কিয়নো নেটৱকৰ সমস্যাৰ কাৰণে সকলোৱে ভালদৰে পাঠদান গ্ৰহণ কৰিব পৰা নাছিল।আমি আশা কৰো 2021 বৰ্ষত পৃথিৱীৰ প্ৰসকলো অসুয়া অমংগল আঁতৰ হওঁক। নিয়মিত ভাৱে স্কুলত পাঠদানৰ ব্যৱস্থা কৰি ছাত্ৰ-ছাত্ৰী সকলৰ অধ্যয়নৰ সুবিধা কৰিব লাগে। লগতে শিক্ষাৰ ব্যৱস্থা আগতকৈ উন্নত কৰিব লাগে।
 আশা কৰো সকলোৱে 2021 বৰ্ষত সুস্থ সবল হৈ থাকিব , সকলোলৈকে মৰম আৰু ধন্যবাদ জনালো।

স্বাগতা শইকীয়া
যুৱ সাংবাদিক, মাজুলী

ছাত্ৰ-ছাত্ৰী ওপৰত অনলাইন শিক্ষাৰ প্ৰভাৱ

 চৰকাৰে কৰোনা মহামাৰীৰ বাবে যি অনলাইন শিক্ষাৰ প্ৰভাৱ ছাত্ৰ-ছাত্ৰীৰ ওপৰত বহু ধৰণেৰে পৰিছে। শিক্ষা পদ্ধতিটো নতুন হোৱাৰ বাবে ছাত্ৰ-ছাত্ৰী সকলৰ পাঠসমূহ বুজি পোৱাত যথেষ্ট অসুবিধা হৈছে। খেল-ধেমালী, সংস্কৃতিৰ চৰ্চা আদিৰ দৰে শাৰীৰিক, মানসিক বিকাশ হোৱা কাৰ্য্যৰ পৰা আমি বঞ্চিত হৈছো। অনলাইন শিক্ষাৰ ফলত অত্যাধিক মোবাইল ফোন বা কম্পিউটাৰ ব্যৱহাৰ কৰাৰ বাবে ছাত্ৰ-ছাত্ৰী সকলৰ শাৰীৰিক আৰু মানসিক ক্ষতি হোৱা দেখা গৈছে। তাৰোপৰি বহু ছাত্ৰৰ ঘৰুৱা পৰিবেশতো বিশৃংখলতা সৃষ্টি হোৱা দেখা গৈছে। বিদ্যালয় বা আন অনুষ্ঠান সমূহে উদযাপন কৰা বিভিন্ন দিৱস সমূহত ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰাৰ পৰা বঞ্চিত হৈছে, তথাপিও আমি কব পাৰোঁ যে ছাত্ৰ-ছাত্ৰীসকলে লকডাউনৰ সময়ত নতুন নতুন শিক্ষা পদ্ধতিৰ লগত পৰিচিত হৈছে।

নাম- ভাগ্যশ্ৰী কলিতা
শ্ৰেণী- অষ্টম
জিলা- শিৱসাগৰ

বৰ্তমান সময়ত চলি থকা শিক্ষা

 বৰ্তমান আমি সকলোৱে বিশ্বজুৰি হোৱা এটা মহামাৰীৰ ফলত দুৰ্য্যোগপূৰ্ণ সময় পাৰ কৰি আছোঁ। এই মহামাৰীৰ পৰা নিজকে বচাই ৰাখিব পৰা একমাত্ৰ উপায় হৈছে সামাজিক দূৰত্ব বজাই ৰখা। এই মহামাৰীৰৰ বাবে নিয়মীয়া শিক্ষা প্ৰদান কৰাৰ দিশটো সমস্যাৰ সৃষ্টি হৈছে। এই সমস্যাৰ ওপৰত লক্ষ্য ৰাকি চৰকাৰে অনলাইন যোগে শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সেয়ে বৰ্তমান সময়ত অনলাইন শিক্ষা ব্যৱস্থাটোৰ যোগেদি সকলো পৰ্য্যায়ৰ ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰিবলৈ বিচৰা হৈছে আৰু কৰা হৈছে। এই ব্যৱস্থাটোৰ যোগেদি ছাত্ৰ-ছাত্ৰী সকল বহুতো ক্ষতিৰ সম্মুখীন হৈছে, কিয়নো টি.ভি, কম্পিউটাৰ, স্মাৰ্টফোন নথকা শিক্ষাৰ্থীসকল এই ব্যৱস্থাৰ পৰা বঞ্চিত হৈছে। যিহেতু গাওঁ অঞ্চলত কম্পিউটাৰ বা স্মাৰ্টফোন থকা মানুহৰ সংখ্যা নিচেই কম, এই শিক্ষা ব্যৱস্থাই অধিক ক্ষতিগ্ৰস্ত কৰিছে গাওঁ অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলক আৰু মধ্যবিত্ত শ্ৰেণীৰ শিক্ষাৰ্থীসকল। আনহাতে, গাওঁ অঞ্চলবোৰত নেটৱৰ্কৰ সমস্যাও বহু বেছি দেখা যায়। ভিতৰুৱা অঞ্চলসমূহত আজিলৈ ইন্টাৰনেট সেৱা উপলব্ধ হোৱা নাই কিন্তু অনলাইন শিক্ষা ব্যৱস্থাৰ বাবে অতিকৈ প্ৰয়োজনীয় বিষয়বস্তু হৈছে ইন্টাৰনেট সেৱা। এনেধৰণে যিসকল ছাত্ৰ-ছাত্ৰী অনলাইন শিক্ষাৰ পৰা বঞ্চিত হৈছে, সেইসকল ছাত্ৰ-ছাত্ৰীক চৰকাৰে যেন সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি সমানে আগুৱাই নিবলৈ প্ৰচেষ্টা কৰে।

নাম- প্ৰীতি তাঁতি
আনন্দবাৰী চাহ বাগিচা
জিলা- ডিব্ৰুগড়

দূৰ্গাপুৰ লাইনৰ শিক্ষাৰ দিশত পৰিৱৰ্তন

 ডিব্ৰুগড় চহৰৰ দূৰ্গাপুৰ নামৰ এখন চাহ বাগিছাৰ ল’ৰা-ছোৱালীসকল বিদ্যালয়লৈ নগৈ কামলৈ যোৱা কৰিছিল। কিন্তু ২০০৮ চনত আমাৰ দূৰ্গাপুৰ চাহ বাগিছাত “আশা কিশোৰী ক্লাব” স্থাপিত হৈছিল, আৰু যেতিয়াৰ পৰা ছোৱালীসকল ক্লাবলৈ অহা-যোৱা কৰা হৈছে, তেতিয়াৰ পৰাই আমাৰ ক্লাবৰ পদুমী বাইদেৱে আমাক বহুতো কথা বুজাই আহিছে। আমিও সেই কথাবোৰ নিজে বুজিলৈ আন ল’ৰা-ছোৱালীবোৰকো বুজাব ধৰিলো। এতিয়া আমাৰ লাইনৰ কামলৈ যোৱা ল’ৰা-ছোৱালীসকল বিদ্যালয়লৈ যোৱা আৰম্ভ কৰিলে। ইয়াৰ ফলত তেওঁলোকৰ জ্ঞান, বুদ্ধি, চিন্তা শক্তি যথেষ্ট বৃদ্ধি হৈছে। ল’ৰা-ছোৱালীবোৰ পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হৈছে আৰু আগতকৈ বহু বেছি পৰিমাণে উন্নত জীৱন যাপন কৰিবলৈ ধৰিছে, যেনে- পৰিস্কাৰ-পৰিচ্ছন্ন কৈ থাকিব ধৰিছে, বাল্য-বিবাহ কমকৈ হ’ব ধৰিলে, লগতে আমাৰ বাগানখনৰ চাফ-চিকুনতাত আগতকৈ বহুতো ইতিবাচক সলনি দেখিবলৈ পোৱা গৈছে। এনেদৰেই বিভিন্ন দিশত আমাৰ গাওঁখন বিভিন্ন দিশত আগুৱাই যাব পৰা হৈছে।

নাম- খুচবু ৰায়
দূৰ্গাপুৰ চাহ বাগিচা
জিলা- ডিব্ৰুগড়

দিপজ্যোতি কিশোৰী ক্লাবৰ এগৰাকী লিডাৰ

 এই লেখাটোৰ জৰিয়তে কৰোনা মহামাৰী, শিক্ষা আৰু শিক্ষাৰ্থীৰ প্ৰাসংগিক কিছু কথা আলোচনা কৰিব বিচৰা হৈছে। কৰোনা মহামাৰীয়ে যোৱা কেইবামাহো ধৰি যেনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে, সেয়া আমি কোনেও আগতে দেখা নাই আৰু জনাওঁ নাছিলো এই ভাইৰাছৰ সংক্ৰমণ ৰোধ কেনেকৈ কৰে। চৰকাৰে দিয়া লকডাউনৰ ফলত আমি সকলো গৃহবন্দী হ’বলগীয়া হ’ল। বিদ্যালয়, মহাবিদ্যালয় সমূহো বন্ধ হ’ল। দোকান, বজাৰ, চৰকাৰী-বেচৰকাৰী সকলো অনুষ্ঠান, প্ৰতিষ্ঠান বন্ধ হৈ গ’ল। আগতে যিদৰে নিয়মীয়াকৈ বিদ্যালয় বা মহাবিদ্যালয় যোৱা সময়খিনি এতিয়া কেনেদৰে উপযুক্তভাবে পাৰ কৰিব পাৰি তাৰ কোনো উপায় বিচাৰি পোৱা নাছিলো। লকডাউনৰ পিছত অনলাইন ক্লাছৰ আৰম্ভ হ’ল যদিও, শিক্ষকৰ সৈতে মুখামুখিকৈ ক্লাছ কৰিলেহে বেছি সুবিধা হয় বা নুবোজা কথাটো বুজি সুধিবলৈয়ো বহু সুবিধা হয়। তাৰোপৰি কেতিয়াবা ইন্টাৰনেটৰ অসুবিধাৰ বাবেও সময়মতে ক্লাছত উপস্থিত থাকিব পৰা হোৱা নাছিল। আশা কৰিছো কৰোনাৰ এই বিপদসংকুল পৰিস্থিতিৰ যেন সোনকালেই সাম কাটে। বিদ্যালয় তথা মহাবিদ্যালয় সমূহ যেন সোনকালে খোলে, ছাত্ৰ-ছাত্ৰীসকলে যাতে পাঠগ্ৰহণ কৰিবলৈ যাব পাৰে, তেতিয়াহে আমি শিক্ষাৰ ক্ষেত্ৰত নিৰন্তৰ আগুৱাই যাব পাৰিম আৰু শিক্ষাৰ দ্বাৰা নতুন যুগৰ সূচনা কৰিব পাৰিম।

নাম- শ্ৰী মতী ৰুমী দে
বয়স- ১৮ বছৰ
উত্তৰ বালিজান চাহ বাগিচা
জিলা- জিব্ৰুগড়

শিক্ষাৰ অবিহনে শিশুৰ ভৱিষ্যৎ

  আজিৰ দিনত শিক্ষাৰ অবিহনে কোনো ছাত্ৰ-ছাত্ৰীয়ে নিজৰ লক্ষ্যত উপনীত হ’ব নোৱাৰে। এজন সুস্থ নাগৰিক হিচাপে গঢ় দিবলৈ হ’লে শিক্ষা আহৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ। অৰ্থনৈতিক অভাৱত কিছুমান ছাত্ৰ-ছাত্ৰীয়ে নিজৰ লক্ষ্যত উপনীত হ’ব বিচাৰিও সামৰ্থ্য হ’ব পৰা নাই। বিশেষকৈ গাওঁ অঞ্চলবোৰত এই সমস্যাবোৰ দেখিবলৈ পোৱা যায়। শিক্ষা আইন থাকিও আজিলৈ শিক্ষা ব্যৱস্থাই ভিতৰুৱা গাওঁ অঞ্চলবোৰ ধুকি পোৱা নাই। যাৰ ফলত বৰ্তমান নিবনুৱা সমস্যা বাঢ়িবলৈ ধৰিছে। সেয়েহে প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে উচ্চশিক্ষা গ্ৰহণ কৰাটো উচিত। সু-শিক্ষা আৰু সু-পৰিবেশ নোপোৱাৰ বাবে কিছু সংখ্যক লোক কু-কৰ্মত লিপ্ত হ’ব ধৰিছে। সু-শিক্ষা ব্যৱস্থাই এজন ব্যক্তিক সু-নাগৰিক হিচাপে গঢি তোলাত অনুপ্ৰাণিত কৰে। এগৰাকী ছাত্ৰ হিচাপে উক্ত কথাখিনি ভলদৰে অনুভৱ কৰিব পাৰিছো।

নাম- পৰেশ ইংতি
শ্ৰেণী- দ্বাদশ
জিলা- পামহী, কামৰূপ মহানগৰ

Image

শিক্ষাক লৈ কৰা চিন্তা

 আমাৰ শিক্ষা তিনিপ্ৰকাৰৰ, আনুষ্ঠানিক, অ-আনুষ্ঠানিক আৰু অগতানুগতিক। এই তিনিধৰণৰ শিক্ষাই আমাৰ সমাজত বিভিন্ন ধৰণে প্ৰভাৱ পেলায়।
 আমি সকলোৱে জানো যে আনুষ্ঠানিক শিক্ষাৰ পৰা এখনি প্ৰমাণপত্ৰ লাভ কৰোঁ, গতিকে, এই শিক্ষা আমাৰ ভৱিষ্যতৰ বাবে খুবেই প্ৰয়োজন।
 আনহাতে অ-আনুষ্ঠানিক শিক্ষাও আমাৰ বাবে বহুত প্ৰয়োজন কিয়নো তাৰ পৰা আমি কোনো প্ৰমাণপত্ৰ লাভ নকৰো কিন্তু বহু কথা জানিব পাৰো। অগতানুগতিক শিক্ষাসমূহৰ পৰিধি অতি ব্যাপক আৰু বিস্তৃত। এই শিক্ষা সমাজমুখী, গণতান্ত্ৰিক আৰু বাস্তবধৰ্মী।
 মই আমাৰ শিশ্ক্ষা ব্যৱস্থাত কিছুমান সাল-সলনি বিচাৰো। তাৰ ভিতৰত হৈছে-
১) ল’ৰা-ছোৱালীৰ যি দিশত বেছি আগ্ৰহ সেইটো দিশত আগবঢ়াই দিয়া।
২) সাপ্তাহিকভাৱে অভিভাৱকৰ আগত ল’ৰা-ছোৱালীৰ বিষয়ে আলোচনা কৰা।
৩) শিক্ষক-শিক্ষয়িত্ৰীৰ লগত যাতে সম্পূৰ্ণ খোলাখুলিকৈ কথাবোৰ ক’ব পাৰে তাৰ বাবে সকলোকে সমান গুৰুত্ব দিয়া।
৪) চৰকাৰী বিদ্যালয় সমূহত যিদৰে সকলো ফালৰ পৰা সা-সুবিধা প্ৰদান কৰা হয়, ঠিক সেইদৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয়তো সমান সুবিধা প্ৰদান কৰা।
৫) কোনো ছাত্ৰ-ছাত্ৰীৰ আৰ্থিকভাৱে অসুবিধা হ’লে তাৰ পঢ়া-শুনাৰ সম্পূৰ্ণ দায়িত্ব বহন কৰা।

নাম- পৰশমণি হাজৰিকা
শ্ৰেণী- অষ্টম
খেতুজান চাহ বাগিচা
জিলা- তিনিচুকীয়া

স্বামী বিবেকানন্দ বিদ্যালয়ত যোগদান

 ডিব্ৰুগড় জিলাৰ অন্তৰ্গত এথেলউদ চাহ বাগিচা লাইনত শ্ৰীমতী সংগীতা মুড়া বাইদেৱে আমাক যোগৰ উপৰিও পঢ়া শুনাৰ প্ৰতি গুৰুত্ব দিবলৈ শিকাইছিল আৰু বিভিন্ন ধৰণৰ কিতাপ পঢ়িবলৈ সুবিধা দিছিল। আমাক তেওঁ বিভিন্ন ধৰণৰ কৰ্মশালাত লৈ গৈছিল, বহুতো দেশভক্তিমূলক কাহিনী, সৰু ল’ৰা-ছোৱালী সকলক খেল-ধেমালীৰ মাধ্যমেৰে শিকাবলৈ যত্ন কৰিছিল। আমাক বাইদেৱে শিকাইছিল আৰু আমি বাইদেউৰ লগত সহপাঠী হিচাপে বাইদেউৰ সহায় কৰিছিলো। বাইদেউ, মই আৰু আমাৰ বান্ধৱী কেইগৰাকীৰ সহযোগত ক’ভিড-১৯ মহামাৰীত আমাৰ ক্লাবৰ সৰু সৰু ল’ৰা-ছোৱালী সমূহক অৰ্থাৎ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ পঢ়াইছিলো। আমাৰ গাওঁৰ পৰা এজনী ছোৱালী আৰু এটা ল’ৰাক স্বামী বিবেকানন্দ বিদ্যালয়ত পাঁচ দিনিয়া এটা কৰ্মশালালৈ লৈ গৈছিল। আমি তাত গৈ বিভিন্ন ধৰণৰ কথা শিকিলোঁ আৰু তাৰ পৰা আহি আমাৰ গাওঁত থকা ল’ৰা-ছোৱালী সকলক আমি শিকা কথাবোৰ পাৰ্য্যমানে শিকালোঁ।

নাম- শ্ৰীমতী লক্ষ্মী মুড়া
এথেলউদ চাহ বাগিচা
জিলা- ডিব্ৰুগড়

আন্তৰাষ্ট্ৰীয় কন্যা শিশু দিৱস আৰু শিক্ষা

 ১১ অক্টোবৰৰ দিনটো আন্তৰাষ্ট্ৰীয় কন্যা শিশু দিৱস হিচাপে পালন কৰা হয়। আন্তৰাষ্ট্ৰীয় কন্যা দিৱসৰ শুভেচ্ছাৰে মই মই দুআষাৰ মান ক’বলৈ লৈছো। কিবা ভূল ভ্ৰান্তি হ’লে ক্ষমা কৰিব। এই দিৱস স্বতন্ত্ৰ ৰাষ্ট্ৰৰ মহাসভাত ১৯ ডিচেম্বৰ ২০১১ চনত প্ৰস্তাবিত কৰি ১১ অক্টোবৰ, ২০১২ ৰ পৰা আনুষ্ঠানিকভাৱে পালন কৰা হয়। আন্তৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালনৰ মূল উদ্দেশ্য হৈছে, কন্যা শিশুৰ অধিকাৰৰ সুৰক্ষা আৰু তেওঁলোকৰ মাজত আহিব লগীয়া প্ৰত্যাহ্বানক চিনাকি কৰোৱা।
 সৰ্বপ্ৰথমে ইয়াক এক বেচৰকাৰী সংগঠন “প্লান ইন্টাৰনেশ্বনেল” প্ৰজেক্ট হিচাপে লোৱা হৈছিল। এই সংগঠনত “ক্যুকি ম্যে এক লড়কী হু” নামৰ এক অভিযানত আন্তৰাষ্ট্ৰীয় স্তৰত বিস্তাৰিত কৰাৰ কাৰণে কানাডা চৰকাৰৰ ওচৰত সম্পৰ্ক হয়। ইয়াৰ পিছত কানাডা চৰকাৰে ৫৫ টা সাধাৰণ সভাত এই প্ৰস্তাৱ ৰাখিছিল। এইধৰণে প্ৰথম আন্তৰাষ্ট্ৰীয় কন্যা শিশু দিৱস অনুষ্ঠিত হয়।

নাম- মনিষা মুণ্ডা
শ্ৰেণী- দ্বাদশ
জালান নগৰ চাহ বাগিচা
জিলা- ডিব্ৰুগড়

শিক্ষাত লকডাউনৰ প্ৰভাৱ

 ২০২০ চনৰ ২৪ মাৰ্চ তাৰিখে ভৰতবৰ্ষত লকডাউন দিয়া হৈছিল। অৰ্থাৎ যাতায়ত ব্যৱস্থা, আমদানি, ৰপ্তানি আদিৰ লগতে বিদ্যালয়, মহাবিদ্যালয়সমূহো বন্ধ কৰা হৈছিল। ফলত ছাত্ৰ-ছাত্ৰীসকলে পঢ়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সম্মুখীন হ’ব লগা হৈছিল। সেয়ে প্ৰায় দুমাহৰ পিছত, মে’ মাহৰ পৰা শিক্ষাৰ এক নতুন চিন্তা অৰ্থাৎ ইন্টাৰনেটৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদান কৰিবলৈ আৰম্ভ কৰা হৈছিল। চীনদেশত সৃষ্টি হোৱা কৰোনা ভাইৰাছ গোটেই পৃথিৱীত বিয়পি পৰি ইয়াৰ ফলত বিভিন্ন মানুহ সংক্ৰমিত হৈ মৃত্যুমূখত পৰিছিল। সেইবাবে লকডাউনৰ ফলত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত সমূহ ভাৰতৰ শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী সকলক শিক্ষাৰ এক নতুন চিন্তা কৰি ইন্টাৰনেটৰ জৰিয়তে শিক্ষাদান কৰা হৈছিল। এনেদৰে শিক্ষাগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ সমস্যাই দেকা দিছিল যেনে- নেটৱৰ্কৰ সমস্যা, মোবাইল নথকাৰ সমস্যা, একেলেঠাৰিয়ে গোটেই দিনটো মোবাইল চাই থকাৰ বাবে হোৱা চকুৰ সমস্যা, লগতে কিছুমান গাওঁ অঞ্চলত বা ভিতৰুৱা অঞ্চলত বিদ্যুৎ যোগান সঠিকভাৱে নথকাৰ সমস্যা, যাৰ ফলত পাঠগ্ৰহণ আধাত শেষ হয় আৰু সকলোবোৰ কথা নেটৱৰ্কৰ বাবে বুজি পোৱাত অসুবিধা হৈছিল। শিক্ষাৰ দিশে অনলাইন ব্যৱস্থাটো ভাৰতত নতুন হয়। ইয়াৰ যদিও কিছু ভাল দিশ আছে, লগতে বহু আসোৱাঁহো আছে। এই সমস্যাসমূহ আতৰ হ’লে নিশ্চয়কৈ অনলাইন শিক্ষা ব্যৱস্থা অতিকৈ ফলপ্ৰসূ হা উঠিব।

নাম- শ্ৰী মতী ললিতা মানকী
বয়স- ১৭ বছৰ
অলকানন্দা চাহ বাগিচা
জিলা- ডিব্ৰুগড়

Copyright © 2020 UNICEF Assam

Address: Bylane Number 2, Rani Bagan, Guwahati, Assam 781038

Facebook Twitter Instagram
Image Image Image